--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শিক্ষাৰ ক্ষেত্ৰত বাৰে বাৰে চলি থকা কেলেংকাৰিৰ বাবেই বিহাৰ ৰাজ্যই কুখ্যাতি লাভ কৰিছে। আনকি এইবাৰো ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে দিয়া হিচাপ অনুসৰি দেশৰ ভিতৰতে সৰ্বাধিক নিৰক্ষৰতাৰ হাৰ থকা ৰাজ্যসমূহৰ তালিকাত বিহাৰ তিনি নম্বৰ স্থানত আছে। কিন্তু কোৱা হয় যে সেই বিহাৰতে এনে এখন গাঁও আছে, যত প্ৰতিটো ঘৰতে অন্ততঃ এজন আই আই টি স্নাতক আছে, বিশ্বাস কৰিব নোৱাৰা যেন লাগিলেও পৰিস্থিতি এনেকুৱা যে এতিয়া গাঁওখনৰ নাম ‘আই আই টি গাঁও হৈ পৰিছে। প্ৰতি বছৰে ভাৰতৰ আগশাৰীৰ প্ৰযুক্তি শিক্ষা কেন্দ্ৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনলজিত এইখন গাঁও আৰু ইয়াৰ আশে-পাশে থকা গাঁৱৰ কমেও ২০-২৫গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি লাভ কৰে। গাঁৱৰ বহু লোক আই আই টিৰ পৰা স্নাতক হৈ ইতিমধ্যে বিখ্যাত কাৰখানাত চাকৰি লৈ বহিঃৰাজ্যলৈ গৈছে। আৰু গাঁওখনত এই পৰম্পৰা যোৱা শতিকাৰ নব্বৈৰ দশকৰ মাজভাগৰ পৰা চলি আহিছে।

 বিহাৰৰ গয়া জিলাৰ ফালগু নৈৰ পাৰত অৱস্থিত পাটোৱাতলী গাঁও। পূৰ্বতে এই গাঁওখন হস্ততাঁত বোৱাৰ বাবে জনাজাত আছিল। কিন্তু ১৯৯৮-৯৯ চনৰ পৰা পৰিস্থিতি সলনি হল৷ সেই সময়ত বিদ্যুতৰ নাটনিৰ ফলস্বৰুপে বয়নৰ বাবে ব্যৱহাৰ কৰা কেইবাখনো পাৱাৰ তাঁতশাল বন্ধ কৰিবলগীয়া হৈছিল। স্থানীয় ৰাইজে জনোৱা মতে, ব্যৱসায়ৰ সুবিধা কমি অহাত বহু পৰিয়ালৰ যুৱক-যুৱতীসকলে শিক্ষাৰ ফালে মুখ কৰিলে। জিতেন্দ্ৰ প্ৰসাদ নামৰ গাঁৱৰ এজন ছাত্ৰই প্ৰথমে আই আই টি পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ২০০০ চনত কয়লা খনিৰ চাকৰি কৰি আমেৰিকালৈ তেওঁ গুচি যায়। গাঁৱৰ যুৱক-যুৱতীসকলৰ বাবে তেওঁ আদৰ্শ আৰু প্ৰেৰণা হৈ পৰিছিল। গাঁৱৰ বহু যুৱকে বিশ্বাস কৰিছিল যে যদি জিতেন্দ্ৰই কৰিব পাৰে তেন্তে তেওঁলোকেও কৰিব পাৰিব আৰু পৰৱৰ্তী সময়ত সকলোৱে কঠোৰ পৰিশ্ৰম কৰিবলৈ ধৰিলে।

 পটোৱাতলী গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে আই আই টিত সুযোগ পোৱাৰ কিছু বছৰ পাছত গাঁওখনৰ প্ৰাক্তন অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীসকলে একত্ৰিত হৈ ‘বৃক্ষ নামৰ এটা সংগঠন গঠন কৰিছিল।  আই আই টিৰ প্ৰৱেশ পৰীক্ষাত উপস্থিত থাকিবলৈ গাঁৱৰ আকাংক্ষিত ছাত্ৰ-ছাত্ৰীক এতিয়া সংস্থাটোৱে বিনামূলীয়াকৈ সহায় আগবঢ়ায়। ওচৰৰ কেইবাখনো গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়েও 'বৃক্ষৰ' শিক্ষা লবলৈ আহে। সংগঠনটোৰ প্ৰতিষ্ঠাপক সদস্য চন্দ্ৰকান্ত পাটেশ্বৰীয়ে কয়, ‘আমাৰ মূল লক্ষ্য হৈছে আই আই টিৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ বাহিৰলৈ  যাব নোৱাৰা ছাত্ৰ-ছাত্ৰীক পথ প্ৰদৰ্শন কৰা। বৰ্তমান আই আই টিত অধ্যয়ন কৰি থকা গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলেও ‘বৃক্ষেৰ জৰিয়তে পৰৱৰ্তী গাঁৱৰ যুৱক-যুৱতীসকলৰ বাবে অনলাইন ক্লাছ লয়।

 ইয়াৰ উপৰিও গাঁওখনত এটা আই আই টি পুথিভঁৰালও স্থাপন কৰা হৈছে। ইয়াক পৰিচালনা কৰে গাঁৱৰ যুৱক-যুৱতীসকলে। সেই পুথিভঁৰাললৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে কিতাপ দান কৰে। বিভিন্ন বিষয়ৰ টোকা দান কৰে। গাঁৱৰ পৰা আই আই টিৰ প্ৰাৰ্থীয়ে বিনামূলীয়াকৈ লাইব্ৰেৰীৰ সুবিধা লব পাৰিব। শেহতীয়াকৈ ডেলা প্ৰশাসনৰ সহযোগত ‘বৃক্ষৰ দ্বাৰা গয়া জিলাত এনেধৰণৰ আৰু এটা পুথিভঁৰাল স্থাপন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ পৰা ব্যাপক সঁহাৰি লাভ কৰাৰ পিছত এতিয়া সংগঠনটোৱে জিলাখনৰ প্ৰতিখন পঞ্চায়ততে এনে এটা ৰাষ্ট্ৰীয় পুথিভঁৰাল খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 পাটোৱাতলী গাঁৱৰ জনসংখ্যা প্ৰায় ১০ হাজাৰ। তেওঁলোকৰ অধিকাংশই এতিয়াও পেছাত তাঁতী (তাঁতশাল)। পাৱাৰ তাঁতশালৰ শব্দটোৱেই আজিও গাঁওখনত সোমাওতে প্ৰথম শুনা যায়। কিন্তু জনগাঁথনিৰ পৰিৱৰ্তন দ্ৰুতগতিত হৈছে। এতিয়ালৈকে যোৱা ডেৰ-দুই দশকত এইখন গাঁও আৰু ইয়াৰ আশে-পাশে থকা গাঁৱৰ প্ৰায় ৩৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আই আই টিৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছে। গাঁওখনৰ ছাত্ৰ-ছাত্ৰীসকলে কয় যে পাৱাৰ তাঁতশালৰ শব্দ তেওঁলোকৰ বাবে সংগীতৰ দৰে। তাৰ মাজতে পঢ়া-শুনা কৰাত অভ্যস্ত তেওঁলোক। স্থানীয় বাসিন্দাসকলে দাবী কৰিছে যে আই আই টিত অভিযান্ত্ৰিক পাঠ্যক্ৰম সম্পূৰ্ণ কৰি কেৱল পাটোৱাতলী গাঁৱৰ কমেও ২৫জন মান যুৱকে আমেৰিকাত বসতি স্থাপন কৰিছে।

 পাটোৱাতলীৰ গাঁৱৰ লোকসকলেও বিচাৰে যে তেওঁলোকৰ সন্তানৰ IITian হওক। আনকি অৰ্থনৈতিক কষ্টেও তেওঁলোকৰ মনোবল আৰু ইচ্ছাশক্তিক ম্লান কৰিব পৰা নাই, অভিভাৱকসকলে নিশ্চিত কৰে যে তেওঁলোকৰ সন্তানৰ পঢ়া-শুনাত কেতিয়াও বাধাৰ সৃষ্টি নহয়। সন্তানৰ টিউচন মাচুল বা অন্যান্য শৈক্ষিক প্ৰয়োজনীয়তা পূৰণৰ বাবে ধাৰলৈ ল'বলৈও সাজু, তেওঁলোকে লাজ নকৰে। অভিভাৱকসকলৰ এটাই মাথোঁ সপোন সেয়া হ'ল 'আই আই টি'।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ গাইড লাইন মুকলি ৰণোজ পেগুৰ, চৰকাৰী বিদ্যালয়ত শিক্ষার্থী বৃদ্ধিৰ আশা শিক্ষা মন্ত্ৰীৰ
গোসাঁইগাঁৱত বজ্ৰপাতৰ ফলত এজন মাছমৰীয়াৰ কৰুণ মৃত্যু
GMCHত আৰম্ভ হ’ব প্রটন বীম থেৰাপী; অসম হ’ব দেশৰ ভিতৰতে প্ৰথম
বিয়াৰ প্ৰলোভন দি সহবাস, গৰ্ভৱতী হোৱাৰ পিছত পৰিত্যাগ; ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল যুৱতী
ইউটিউবাৰ ডেঞ্জাৰ বাপ্পীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য