--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ১৮ জুলাই। আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন৷ চলি আছে ৰাষ্ট্ৰপতি নিৰ্বাচনো৷ আৰু আজিৰ দিনটোতেই জনতাৰ মূৰত মাধমাৰ সোধাই জাপি দিয়া হৈছে জিএছটিৰ ব’ব নোৱৰা বোজা৷ অৰ্থনৈতিক সংকট, দৰিদ্ৰতা, নিবনুৱা সমস্যাই দেশবাসীক কোঙা কৰি তোলাৰ সময়তে পুনৰ জিএছটিৰ নিৰিখ বৃদ্ধিয়ে হতাশ কৰিছে দেশবাসীক৷ অতিৰিক্তভাৱে আজিৰ পৰা কেইবাবিধো খাদ্য সামগ্ৰীত বহন কৰিব লাগিব অতিৰিক্ত কৰ৷ পৰিতাপৰ বিষয় এয়ে যে, কৰৰ বোজাৰ পৰা ৰেহাই দিয়া নহ’ল শিক্ষাৰ্থীকো৷

ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ৰোগাক্ৰান্তৰ ওপৰতো কৰ জাপি দিছে চৰকাৰে। ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰা চিয়াঁহী, শ্বাৰ্পনাৰ, মানচিত্ৰ, গ্লোবছ আদিৰ ওপৰত ১৮ শতাংশ জিএছটি প্ৰয়োগ কৰা হৈছে৷ আনহাতে, এতিয়াৰে পৰা অসুস্থ লোক চিকিৎসাৰ বাবে ভৰ্তি হৈ নাৰ্ছিংহোমত থাকিলেও চৰকাৰক দিব লাগিব কৰ। অসুস্থ ৰোগীকো কৰৰ বোজাৰ পৰা ৰেহাই নিদিলে চৰকাৰে৷ বেংকৰ জমা ধন উলিয়াবলৈ ব্যৱহাৰ কৰা চেক পাত বা চেকবুক ব্যৱহাৰ কৰিলেও ১৮ শতাংশ জিএছটি দিব লাগিব। জিএছটি দিব লাগিব ঘৰত ব্যৱহাৰ কৰা এলইডি লাইট, সৌৰ শক্তিৰ বাবে ব্যৱহাৰ কৰা সঁজুলি, বিদ্যুৎচালিত পাম্প, পেকেটৰ গাখীৰ, চিৰা, মুৰি, গুৰ, মৌ, সান্দহ গুৰি, চাউল, দাইল ইত্যাদি খাদ্য সামগ্ৰীত৷

যেন কোনোফালেদিও ৰেহাই পোৱা নাই সৰ্বসাধাৰণে৷ অতিৰিক্ত কৰৰ বোজা ৰাইজৰ ওপৰত জাপি দিয়া কথাটোৰ পৰাই অনুধাৱন কৰিব পাৰি যে অৰ্থনৈতিকভাৱে কেন্দ্ৰীয় চৰকাৰ দেউলীয়া হৈছে। পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ প্ৰতিদিনেই দাম বৃদ্ধি কৰি থকা দেউলীয়াপ্ৰায় কেন্দ্ৰীয় চৰকাৰখনে সাধাৰণ জনতাৰ সমস্যাৰক এতিয়াও উপলব্ধি কৰিব পৰা নাই৷ 

এহাতেদি কৰৰ বোজাৰে জনতাক বিপৰ্যস্ত কৰি তোলাৰ বিপৰীতে আনহাতেদি হিতাধিকাৰী সৃষ্টিৰে নিৰ্বাচনী ৰাজনীতি চলাই গৈছে শাসকীয় পক্ষই৷ হিতাধিকাৰী নাগৰিকে যিহেতু ভোট দিবই, গতিকে উপাৰ্জন কৰা মধ্যবিত্ত বা নিম্ন মধ্যবিত্তক চাপত ৰাখিবৰ বাবে জাপি দিয়া হৈছে কৰৰ উপৰি কৰ৷ অসমত ক্ষুদ্ৰ চাহ খেতিয়কে বিক্ৰী কৰা কেঁচা চাহপাতৰ ওপৰতো ৫ শতাংশ জিএছটি লগোৱা হৈছে।

এফালে ঋণৰ বোজা আৰু আনফালে অতিৰিক্ত কৰৰ দ্বাৰা চৰকাৰে ভাৰতীয় অৰ্থনীতিক কেনে এক ভাৰসাম্যহীন পৰিস্থিতিলৈ লৈ গৈ আছে, সেয়া যেন এই মুহূৰ্তত অপাংক্তেয় সাঁথৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ