--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ১৮ জুলাই। আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন৷ চলি আছে ৰাষ্ট্ৰপতি নিৰ্বাচনো৷ আৰু আজিৰ দিনটোতেই জনতাৰ মূৰত মাধমাৰ সোধাই জাপি দিয়া হৈছে জিএছটিৰ ব’ব নোৱৰা বোজা৷ অৰ্থনৈতিক সংকট, দৰিদ্ৰতা, নিবনুৱা সমস্যাই দেশবাসীক কোঙা কৰি তোলাৰ সময়তে পুনৰ জিএছটিৰ নিৰিখ বৃদ্ধিয়ে হতাশ কৰিছে দেশবাসীক৷ অতিৰিক্তভাৱে আজিৰ পৰা কেইবাবিধো খাদ্য সামগ্ৰীত বহন কৰিব লাগিব অতিৰিক্ত কৰ৷ পৰিতাপৰ বিষয় এয়ে যে, কৰৰ বোজাৰ পৰা ৰেহাই দিয়া নহ’ল শিক্ষাৰ্থীকো৷

ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ৰোগাক্ৰান্তৰ ওপৰতো কৰ জাপি দিছে চৰকাৰে। ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰা চিয়াঁহী, শ্বাৰ্পনাৰ, মানচিত্ৰ, গ্লোবছ আদিৰ ওপৰত ১৮ শতাংশ জিএছটি প্ৰয়োগ কৰা হৈছে৷ আনহাতে, এতিয়াৰে পৰা অসুস্থ লোক চিকিৎসাৰ বাবে ভৰ্তি হৈ নাৰ্ছিংহোমত থাকিলেও চৰকাৰক দিব লাগিব কৰ। অসুস্থ ৰোগীকো কৰৰ বোজাৰ পৰা ৰেহাই নিদিলে চৰকাৰে৷ বেংকৰ জমা ধন উলিয়াবলৈ ব্যৱহাৰ কৰা চেক পাত বা চেকবুক ব্যৱহাৰ কৰিলেও ১৮ শতাংশ জিএছটি দিব লাগিব। জিএছটি দিব লাগিব ঘৰত ব্যৱহাৰ কৰা এলইডি লাইট, সৌৰ শক্তিৰ বাবে ব্যৱহাৰ কৰা সঁজুলি, বিদ্যুৎচালিত পাম্প, পেকেটৰ গাখীৰ, চিৰা, মুৰি, গুৰ, মৌ, সান্দহ গুৰি, চাউল, দাইল ইত্যাদি খাদ্য সামগ্ৰীত৷

যেন কোনোফালেদিও ৰেহাই পোৱা নাই সৰ্বসাধাৰণে৷ অতিৰিক্ত কৰৰ বোজা ৰাইজৰ ওপৰত জাপি দিয়া কথাটোৰ পৰাই অনুধাৱন কৰিব পাৰি যে অৰ্থনৈতিকভাৱে কেন্দ্ৰীয় চৰকাৰ দেউলীয়া হৈছে। পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ প্ৰতিদিনেই দাম বৃদ্ধি কৰি থকা দেউলীয়াপ্ৰায় কেন্দ্ৰীয় চৰকাৰখনে সাধাৰণ জনতাৰ সমস্যাৰক এতিয়াও উপলব্ধি কৰিব পৰা নাই৷ 

এহাতেদি কৰৰ বোজাৰে জনতাক বিপৰ্যস্ত কৰি তোলাৰ বিপৰীতে আনহাতেদি হিতাধিকাৰী সৃষ্টিৰে নিৰ্বাচনী ৰাজনীতি চলাই গৈছে শাসকীয় পক্ষই৷ হিতাধিকাৰী নাগৰিকে যিহেতু ভোট দিবই, গতিকে উপাৰ্জন কৰা মধ্যবিত্ত বা নিম্ন মধ্যবিত্তক চাপত ৰাখিবৰ বাবে জাপি দিয়া হৈছে কৰৰ উপৰি কৰ৷ অসমত ক্ষুদ্ৰ চাহ খেতিয়কে বিক্ৰী কৰা কেঁচা চাহপাতৰ ওপৰতো ৫ শতাংশ জিএছটি লগোৱা হৈছে।

এফালে ঋণৰ বোজা আৰু আনফালে অতিৰিক্ত কৰৰ দ্বাৰা চৰকাৰে ভাৰতীয় অৰ্থনীতিক কেনে এক ভাৰসাম্যহীন পৰিস্থিতিলৈ লৈ গৈ আছে, সেয়া যেন এই মুহূৰ্তত অপাংক্তেয় সাঁথৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক