--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশাহত অসমবাসী। ভাৰত-জিম্বাবৱেৰ টি-২০ শৃংখলাৰ প্ৰথম খন মেচতে ৩ বলত মাত্ৰ ২ ৰাণ কৰিয়েই পেভিলিয়নলৈ উভতিল অসমৰ ৰিয়ান পৰাগ।  উল্লেখ্য  আজিৰে পৰা আৰম্ভ হৈছে  ভাৰত-জিম্বাবৱেৰ পাঁচদিনীয়া টি-২০ শৃংখলা। জিম্বাবৱেৰ ৰাজধানী হাৰাৰেত অনুষ্ঠিত হোৱা আজিৰ প্ৰথম খন মেছতে অসম সন্তান ৰিয়ান পৰাগেও খেলাৰ সুযোগ পাইছিল। টছত জিকি  প্ৰথম খন মেছত ভাৰতে বলিং  কৰাৰ সিদ্ধান্ত লৈছিল। 

জিম্বাবৱেই ১১৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে ভাৰতক। কিন্তু আৰম্ভনিতে ভাৰতে কিছু হতাশজনক প্ৰদৰ্শন কৰে। হাৰাৰেত শুভমন গীলৰ নেতৃত্বত ৫খন টি-২০ মেচ খেলিছে ভাৰতীয় দলটোৱে । এই শৃংখলাৰ প্ৰশিক্ষকৰ দায়িত্বত  গ্ৰহণ কৰিছে  নেচনেল ক্ৰিকেট একাডেমীৰ মুৰব্বী ভিভিএছ লক্ষ্মণে। উল্লেখ্য  ৰিয়ানে  ৰাজস্থান ৰয়েলছৰহৈ বৰ ভাল খেলিছিল।  আই পি এলত তেওঁ ১৫খন খেলত ৫৭৩ ৰান সংগ্ৰহ কৰিছিল।  তেওঁ  ভাল ফৰ্মৰ বাবেই ৰাষ্ট্ৰীয় দলত যোগদানৰ সুযোগ পাইছিল।  আজিৰে পৰা ভাৰত আৰু জিম্বাবৱেৰ মাজত অনুষ্ঠিত হৈছে  ৫খন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ। দ্বিতীয়খন মেচ দেওবাৰে অনুষ্ঠিত হ’ব। তৃতীয় মেচ অনুষ্ঠিত হ’ব ১০ জুলাইত, চতুৰ্থ মেচ অনুষ্ঠিত হ’ব ১৩ জুলাইত। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ