--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে বিশ্বকাপৰ ফাইনেলত পৰাস্ত হয় ভাৰত। অষ্ট্ৰেলিয়াৰ হাতত ৬ উইকেটত পৰাস্ত হয়। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বহু লোক ভাৰতৰ পৰাজয়ত সুখী। তাৰে এজন হৈছে আব্দুল ৰজ্জাক। ফাইনেলত ভাৰতৰ পৰাজয় ক্ৰিকেটৰ বাবে ভাল বুলি কয়। কাৰণ ভাৰতে ফাইনেলতো নিজৰ পিটচ বনাব বিচাৰিছিল। কিন্তু সেইটোৱে কাম কৰা নাছিল।

পাকিস্তানৰ এটা টিভি চেনেলৰ আগত ৰাজ্জাকে কয়, ‘সঁচা কথা ক’বলৈ গ’লে ক্ৰিকেট জয়ী হৈছে। ভাৰত জয়ী হোৱা হ’লে ক্ৰিকেটৰ মজা হেৰাই গ’লহেঁতেন। যিসকল সাহসী, যিসকল শক্তিশালী, যিসকলে নিৰ্দিষ্ট দিনত বিৰোধীক পৰাস্ত কৰিবলৈ চেষ্টা কৰে, ক্ৰিকেট তেওঁলোকৰ লগত সদায় থাকিব।”

ইয়াত ৰৈ নাথাকি ৰাজাকে এইটোও ক'লে, "তেওঁলোকে নিজৰ ধৰণে পৰিৱেশ ব্যৱহাৰ কৰি জয়ী হৈছিল। মই ভাবো খেলখন সতেজ খেলপথাৰত খেলা উচিত আছিল। ইয়াৰ ফলত দুয়োপক্ষই লাভৱান হ’লহেঁতেন।  কোহলীয়ে যদি শতক অৰ্জন কৰিলেহেঁতেন তেন্তে ভাৰতেও বিশ্বকাপ জয় কৰিলেহেঁতেন।’

উল্লেখ্য যে কিছুদিন পূৰ্বেও আব্দুল ৰাজ্জাকে ঐশ্বৰ্য ৰায়ৰ ওপৰত আপত্তিজনক মন্তব্য কৰি বিতৰ্কত সোমাই পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement