--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিনীয়া বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পাছত ক্ৰিকেটপ্ৰেমীসকল আশাহত হৈছে৷ইয়াৰ যেন প্ৰতিফলন ভাৰতৰ ক্ৰিকেট দলৰ সংবাদমেল সমূহতো প্ৰতিফলিত হৈছে৷২০২৩ চনৰ বিশ্বকাপ শেষ হোৱাৰ মাত্ৰ কেইদিনমান পাছতে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫খন খেলৰ টি-২০ ছিৰিজত অৱতীৰ্ণ হৈছে।আজি অৰ্থাৎ ২৩ নৱেম্বৰৰ পৰা টি-২০ শৃংখলৰ আৰম্ভ হ'ব। প্ৰথমখন খেল বিশাখাপট্টনমৰ ড° ৱাই.এছ. ৰাজশেখৰ ৰেড্ডী এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। বিশ্বকাপৰ দীঘলীয়া যাত্ৰাৰ অন্তত জ্যেষ্ঠ খেলুৱৈসকলক এই শৃংখলাৰ পৰা জিৰণি দিয়াৰ বিপৰীতে অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে সূৰ্যকুমাৰ যাদৱক। কালি অৰ্থাৎ ২২ নৱেম্বৰত অধিনায়ক হিচাপে স্কায়ে প্ৰথমখন সংবাদমেলত অংশগ্ৰহণ কৰিছিল। দৰাচলতে এই সংবাদমেলখন মাত্ৰ ৩.৩২ মিনিটহে চলিছিল আৰু তাত মাত্ৰ দুজন সাংবাদিকহে উপস্থিত আছিল।বিশ্বকাপৰ দৰে এখন ডাঙৰ টুৰ্ণামেণ্টৰ ফাইনেলত, য’ত যোৱা সংবাদমেলত ২০০ জন সাংবাদিক উপস্থিত আছিল, আৰু তাৰ পাছত সূৰ্যকুমাৰ যাদৱে ২ জন সাংবাদিক দেখি স্তম্ভিত হৈ পৰে। 


এই সংবাদমেলত উপস্থিত থকা এগৰাকী সাংবাদিকে এই তথ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। আনহাতে জিঅ’ চিনেমাই নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া ৱেবছাইটত এই সংবাদমেলৰ ভিডিঅ’টো পোষ্ট কৰিছে, এই সংবাদমেলৰ দৈৰ্ঘ্য মাত্ৰ ৩.৩২ মিনিট৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক