--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ আন্তৰাষ্ট্ৰীয় প্ৰতিবেদনত নাম সাঙোৰ খাইছে বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীৰ৷ৱাশ্বিংটনস্থিত সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণৰ নিৰীক্ষণ কৰা গোট হিন্দুত্ব ৱাট্চৰ এক প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ প্ৰথমাৰ্ধত ভাৰতত মুছলমান বিৰোধী ঘৃণামূলক ভাষণৰ কাণ্ড গড়ে দিনটোত এটাতকৈ অধিক হৈছিল আৰু বিধানসভা নিৰ্বাচন থকা ৰাজ্যসমূহত এনে পৰিঘটনা বেছিকৈ দেখা গৈছিল।

প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০২৩ চনৰ প্ৰথমাৰ্ধত মুছলমানক লক্ষ্য কৰি ঘৃণামূলক ভাষণ সমাৱেশৰ ২৫৫টা নথিভুক্ত কাণ্ড সংঘটিত হৈছিল। পূৰ্বৰ বছৰবোৰৰ তুলনামূলক তথ্য নাছিল।

এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত ৰাষ্ট্ৰসংঘৰ ঘৃণামূলক ভাষণৰ সংজ্ঞা ব্যৱহাৰ কৰা হৈছিল,যাৰ মতে "যিকোনো ধৰণৰ মন্তব্য যিয়ে ধৰ্ম, জাতি, ৰং, বৰ্ণ, লিংগ, বা আদি বৈশিষ্ট্যৰ ভিত্তিত কোনো ব্যক্তি বা গোটৰ প্ৰতি পক্ষপাতিত্বমূলক বা বৈষম্যমূলক ভাষা ব্যৱহাৰ কৰে।" 

প্ৰতিবেদন অনুসৰি ২০২৩ আৰু ২০২৪ চনত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহত প্ৰায় ৭০% ঘটনা সংঘটিত হৈছে।প্ৰতিবেদনত প্ৰকাশ পাইছে যে মহাৰাষ্ট্ৰ, কৰ্ণাটক, মধ্যপ্ৰদেশ, ৰাজস্থান, আৰু গুজৰাটত সৰ্বাধিক ঘৃণামূলক ভাষণ সমাৱেশৰ সাক্ষী হৈছিল, এনে কাণ্ডৰ ২৯% মহাৰাষ্ট্ৰত সংঘটিত হৈছে। ঘৃণামূলক ভাষণৰ অধিকাংশ অনুষ্ঠানত ষড়যন্ত্ৰমূলক তত্ত্বৰ কথা উল্লেখ কৰা হৈছিল আৰু মুছলমানৰ বিৰুদ্ধে হিংসা আৰু আৰ্থ-সামাজিক বৰ্জনৰ আহ্বান জনোৱা হৈছিল।

সেই অনুষ্ঠানসমূহৰ প্ৰায় ৮০%  ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰা শাসিত ৰাজ্যত সংঘটিত হৈছিল৷হিন্দুত্ব ৱাট্চে কয় যে তেওঁলোকে হিন্দু ৰাষ্ট্ৰীয়তাবাদী গোটৰ অনলাইন কাৰ্যকলাপ অনুসৰণ কৰে, ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা ঘৃণামূলক ভাষণৰ ভিডিঅ’ পৰীক্ষা কৰে আৰু সংবাদ মাধ্যমে প্ৰকাশ কৰা বিচ্ছিন্ন কাণ্ডৰ তথ্য সংকলন কৰে।

ইপিনে সংখ্যালঘু নিৰ্যাতনৰ উপস্থিতি অস্বীকাৰ কৰিছে মোদী চৰকাৰে। এই সন্দৰ্ভত ৱাশ্বিংটনত থকা ভাৰতীয় দূতাবাসে কোনো মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন