--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ আন্তৰাষ্ট্ৰীয় প্ৰতিবেদনত নাম সাঙোৰ খাইছে বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীৰ৷ৱাশ্বিংটনস্থিত সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণৰ নিৰীক্ষণ কৰা গোট হিন্দুত্ব ৱাট্চৰ এক প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ প্ৰথমাৰ্ধত ভাৰতত মুছলমান বিৰোধী ঘৃণামূলক ভাষণৰ কাণ্ড গড়ে দিনটোত এটাতকৈ অধিক হৈছিল আৰু বিধানসভা নিৰ্বাচন থকা ৰাজ্যসমূহত এনে পৰিঘটনা বেছিকৈ দেখা গৈছিল।

প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০২৩ চনৰ প্ৰথমাৰ্ধত মুছলমানক লক্ষ্য কৰি ঘৃণামূলক ভাষণ সমাৱেশৰ ২৫৫টা নথিভুক্ত কাণ্ড সংঘটিত হৈছিল। পূৰ্বৰ বছৰবোৰৰ তুলনামূলক তথ্য নাছিল।

এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত ৰাষ্ট্ৰসংঘৰ ঘৃণামূলক ভাষণৰ সংজ্ঞা ব্যৱহাৰ কৰা হৈছিল,যাৰ মতে "যিকোনো ধৰণৰ মন্তব্য যিয়ে ধৰ্ম, জাতি, ৰং, বৰ্ণ, লিংগ, বা আদি বৈশিষ্ট্যৰ ভিত্তিত কোনো ব্যক্তি বা গোটৰ প্ৰতি পক্ষপাতিত্বমূলক বা বৈষম্যমূলক ভাষা ব্যৱহাৰ কৰে।" 

প্ৰতিবেদন অনুসৰি ২০২৩ আৰু ২০২৪ চনত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহত প্ৰায় ৭০% ঘটনা সংঘটিত হৈছে।প্ৰতিবেদনত প্ৰকাশ পাইছে যে মহাৰাষ্ট্ৰ, কৰ্ণাটক, মধ্যপ্ৰদেশ, ৰাজস্থান, আৰু গুজৰাটত সৰ্বাধিক ঘৃণামূলক ভাষণ সমাৱেশৰ সাক্ষী হৈছিল, এনে কাণ্ডৰ ২৯% মহাৰাষ্ট্ৰত সংঘটিত হৈছে। ঘৃণামূলক ভাষণৰ অধিকাংশ অনুষ্ঠানত ষড়যন্ত্ৰমূলক তত্ত্বৰ কথা উল্লেখ কৰা হৈছিল আৰু মুছলমানৰ বিৰুদ্ধে হিংসা আৰু আৰ্থ-সামাজিক বৰ্জনৰ আহ্বান জনোৱা হৈছিল।

সেই অনুষ্ঠানসমূহৰ প্ৰায় ৮০%  ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰা শাসিত ৰাজ্যত সংঘটিত হৈছিল৷হিন্দুত্ব ৱাট্চে কয় যে তেওঁলোকে হিন্দু ৰাষ্ট্ৰীয়তাবাদী গোটৰ অনলাইন কাৰ্যকলাপ অনুসৰণ কৰে, ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা ঘৃণামূলক ভাষণৰ ভিডিঅ’ পৰীক্ষা কৰে আৰু সংবাদ মাধ্যমে প্ৰকাশ কৰা বিচ্ছিন্ন কাণ্ডৰ তথ্য সংকলন কৰে।

ইপিনে সংখ্যালঘু নিৰ্যাতনৰ উপস্থিতি অস্বীকাৰ কৰিছে মোদী চৰকাৰে। এই সন্দৰ্ভত ৱাশ্বিংটনত থকা ভাৰতীয় দূতাবাসে কোনো মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা