--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্ক ক্ৰমে অধিক বেয়াৰ দিশলৈ গতি কৰিছে। ভাৰতত বাস কৰা কানাডাৰ লোকসকলক এটা নতুন সতৰ্কবাণী জাৰি কৰিছে কানাডাৰ চৰকাৰে।  অলপতে  ৪১ জন কূটনীতিবিদক ভাৰতৰ পৰা উলিয়াই পঠিওৱাৰ পিছতে কানাডাৰ চৰকাৰে দেশ খনৰ নাগৰিকৰ বাবে এই সতৰ্কবাণী জাৰি কৰিছে।   কানাডাই ইয়াৰ নাগৰিকসকলক তিনিখন ভাৰতীয় চহৰৰ বিষয়ে সতৰ্ক কৰি দিছে। কানাডাৰ চৰকাৰে কৈছে যে এই চহৰ তিনি খনত  "অতি সাৱধানে" চলা-ফিৰা কৰিব লাগে। এই তিনিখন চহৰ হৈছে চণ্ডীগড়, বাংগালুৰু আৰু মুম্বাই।

কানাডাই ভাৰতত বাস কৰা নাগৰিকসকলক বিশেষ প্ৰয়োজন নাথাকিলে উক্ত  তিনিখন চহৰ ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে। ভাৰতত থকা কানাডাৰ নাগৰিকসকলক উক্ত  তিনিখন চহৰত কোনো সমস্যাৰ সন্মুখীন হ’লে   লগে লগে নতুন দিল্লীত থকা কানাডাৰ দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈও কোৱা হৈছে। কানাডাই কৈছে  যে এই  পৰামৰ্শটো "সন্ত্ৰাসবাদী আক্ৰমণ"ৰ আশংকাৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। 

কেৱল তিনিখন চহৰেই  নহয়, "সন্ত্ৰাসবাদ আৰু উগ্ৰপন্থী কাৰ্যকলাপৰ" বাবে কানাডাৰ লোকসকলক  অসম আৰু মণিপুৰ ভ্ৰমণ কৰাৰ ক্ষেত্ৰতো বাধা দিয়া হৈছে। একেদৰে, "অসুৰক্ষিত নিৰাপত্তা "ৰ বাবে জম্মু-কাশ্মীৰ ,  গুজৰাট, পঞ্জাৱ আৰু ৰাজস্থানৰ পাকিস্তানৰ সৈতে সংলগ্ন কিছু অংশ ভ্ৰমণতো সতৰ্ক হ’বলৈ কৈছে কানাডাৰ চৰকাৰে। উল্লেখ্য জুন মাহত কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশত খালিস্তান পন্থী নেতা হৰদীপ সিং নিজ্জাৰক হত্যা কৰা হৈছিল। কানাডাৰ সংসদৰ মজিয়াত  কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে  নেতাজনৰ হত্যাৰ আঁৰত ভাৰতৰ হাত  থকাৰ অভিযোগ উত্থাপন কৰিছিল। তেতিয়াৰে  পৰা ভাৰত-কানাডাৰ উত্তেজনা অব্যাহত আছে। 

ভাৰতত মুঠ ৬১ জন কানাডাৰ  কূটনীতিবিদ আছে। ৪১  জনক কানাডাই   ঘূৰাই নিয়াৰ পিছত  ভাৰতত আন ২০  জনে কাম কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে স্পষ্ট কৰি দিছিল  যে নতুন দিল্লীত কানাডাৰ কূটনীতিকৰ  সংখ্যা কানাডাত থকা  ভাৰতীয় কূটনীতিকৰ  সংখ্যাতকৈ বহু বেছি। ভাৰতে দুয়োখন দেশৰ মাজত সমতা বজাই ৰাখিবলৈ ৪০ জন কূটনীতিকক ঘূৰাই অনাৰ নিৰ্দেশ দিছে। নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে যদি শুক্ৰবাৰৰ ভিতৰত ৪০ জন কূটনীতিকক অপসাৰণ কৰা নহয়, তেন্তে ২১ জন কূটনীতিক আৰু তেওঁলোকৰ পৰিয়ালৰ বাহিৰে আন সকলোকে ভাৰত এৰাৰ নিৰ্দেশ দিয়া হ’ব।  



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা