--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্ক ক্ৰমে অধিক বেয়াৰ দিশলৈ গতি কৰিছে। ভাৰতত বাস কৰা কানাডাৰ লোকসকলক এটা নতুন সতৰ্কবাণী জাৰি কৰিছে কানাডাৰ চৰকাৰে।  অলপতে  ৪১ জন কূটনীতিবিদক ভাৰতৰ পৰা উলিয়াই পঠিওৱাৰ পিছতে কানাডাৰ চৰকাৰে দেশ খনৰ নাগৰিকৰ বাবে এই সতৰ্কবাণী জাৰি কৰিছে।   কানাডাই ইয়াৰ নাগৰিকসকলক তিনিখন ভাৰতীয় চহৰৰ বিষয়ে সতৰ্ক কৰি দিছে। কানাডাৰ চৰকাৰে কৈছে যে এই চহৰ তিনি খনত  "অতি সাৱধানে" চলা-ফিৰা কৰিব লাগে। এই তিনিখন চহৰ হৈছে চণ্ডীগড়, বাংগালুৰু আৰু মুম্বাই।

কানাডাই ভাৰতত বাস কৰা নাগৰিকসকলক বিশেষ প্ৰয়োজন নাথাকিলে উক্ত  তিনিখন চহৰ ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে। ভাৰতত থকা কানাডাৰ নাগৰিকসকলক উক্ত  তিনিখন চহৰত কোনো সমস্যাৰ সন্মুখীন হ’লে   লগে লগে নতুন দিল্লীত থকা কানাডাৰ দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈও কোৱা হৈছে। কানাডাই কৈছে  যে এই  পৰামৰ্শটো "সন্ত্ৰাসবাদী আক্ৰমণ"ৰ আশংকাৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। 

কেৱল তিনিখন চহৰেই  নহয়, "সন্ত্ৰাসবাদ আৰু উগ্ৰপন্থী কাৰ্যকলাপৰ" বাবে কানাডাৰ লোকসকলক  অসম আৰু মণিপুৰ ভ্ৰমণ কৰাৰ ক্ষেত্ৰতো বাধা দিয়া হৈছে। একেদৰে, "অসুৰক্ষিত নিৰাপত্তা "ৰ বাবে জম্মু-কাশ্মীৰ ,  গুজৰাট, পঞ্জাৱ আৰু ৰাজস্থানৰ পাকিস্তানৰ সৈতে সংলগ্ন কিছু অংশ ভ্ৰমণতো সতৰ্ক হ’বলৈ কৈছে কানাডাৰ চৰকাৰে। উল্লেখ্য জুন মাহত কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশত খালিস্তান পন্থী নেতা হৰদীপ সিং নিজ্জাৰক হত্যা কৰা হৈছিল। কানাডাৰ সংসদৰ মজিয়াত  কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে  নেতাজনৰ হত্যাৰ আঁৰত ভাৰতৰ হাত  থকাৰ অভিযোগ উত্থাপন কৰিছিল। তেতিয়াৰে  পৰা ভাৰত-কানাডাৰ উত্তেজনা অব্যাহত আছে। 

ভাৰতত মুঠ ৬১ জন কানাডাৰ  কূটনীতিবিদ আছে। ৪১  জনক কানাডাই   ঘূৰাই নিয়াৰ পিছত  ভাৰতত আন ২০  জনে কাম কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে স্পষ্ট কৰি দিছিল  যে নতুন দিল্লীত কানাডাৰ কূটনীতিকৰ  সংখ্যা কানাডাত থকা  ভাৰতীয় কূটনীতিকৰ  সংখ্যাতকৈ বহু বেছি। ভাৰতে দুয়োখন দেশৰ মাজত সমতা বজাই ৰাখিবলৈ ৪০ জন কূটনীতিকক ঘূৰাই অনাৰ নিৰ্দেশ দিছে। নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে যদি শুক্ৰবাৰৰ ভিতৰত ৪০ জন কূটনীতিকক অপসাৰণ কৰা নহয়, তেন্তে ২১ জন কূটনীতিক আৰু তেওঁলোকৰ পৰিয়ালৰ বাহিৰে আন সকলোকে ভাৰত এৰাৰ নিৰ্দেশ দিয়া হ’ব।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অক্লান্ত কৰ্মী সমীৰ ৰয়ক সম্বৰ্ধনা মালামাল বয়জৰ
অসমৰ লোক-সংস্কৃতিক জীয়াই ৰখা সংগ্ৰামৰ জীয়া এপিটাফ
দেশত প্রচলন ২৪৫বিধ নকল ঔষধ
ছনী টিভিৰ ৰিয়েলিটি শ্ব'লৈ নিৰ্বাচিত অসমৰ জিজ্ঞাসা কাশ্যপ
ক'লা কাপোৰ প্ৰদর্শন কৰি সংসদত প্রতিবাদ বিৰোধীৰ
জীৱন গঢ়াৰ বয়সতে মৃত্যুৰ সৈতে যুঁজ টিংখাঙৰ এগৰাকী কিশোৰীৰ! ৰাইজৰ সহায় বিচাৰি কাতৰ আহ্বান পৰিয়ালৰ
'আঞ্চলিকতাকেন্দ্রিক, জাতিগত ৰাজনীতি বিপজ্জনক'
চাহ গছৰ পেলনীয়া মুঢ়াত সৃষ্টিৰ যাদু ; নিৰৱ ভাস্কৰ্য শিল্পী অমৃত হাজৰিকাৰ সৃষ্টি দেশ-বিদেশত সমাদৃত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
চীনৰ এক সিদ্ধান্তৰ বাবে ভাৰতৰ ইলেক্ট্ৰনিক উদ্যোগ সংকটত, বাজিত ৩২ বিলিয়ন ডলাৰ!
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে