--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্ব-নিৰ্বাসনৰ পৰিল  অন্ত। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে পুনৰ নিজৰ দেশলৈ উভতি আহিছে।পাকিস্তানত অহা বছৰৰ জানুৱাৰী মাহত  সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিব। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে নিৰ্বাচনৰ আগে আগে  পুনৰ পাকিস্তানলৈ উভতি আহিছে । পানামা দুৰ্নীতিৰ গোচৰত তেওঁৰ নাম সাঙোৰ খাই পৰিছিল। তেতিয়াৰে  পৰা   পাকিস্তানৰ চাৰিবাৰৰ প্ৰধানমন্ত্ৰী শ্বৰিফে ব্ৰিটেইনত স্বেচ্ছামূলক নিৰ্বাসনত আছিল।

পাকিস্তান বৰ্তমান  তীব্ৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকটৰ মাজত আছে। ইমৰান খানক ক্ষমতাচ্যুত কৰাৰ পিছত নৱাজৰ ভায়েক শ্বাহবাজ ক্ষমতালৈ আহিছিল, কিন্তু তেওঁ ১৩ আগষ্টত প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰি যাবলগীয়া হয়। শ্বাহবাজে তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ আগতে চৰকাৰ খন ভংগ কৰি দিছিল। 

এই বছৰৰ আৰম্ভণিতে, শ্বাহবাজে কৈছিল যে  তেওঁৰ ককায়েক নৱাজ শ্বৰীফে পুনৰ দেশলৈ উভতি আহিব পাৰে। । নৱাজৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ দুটা গোচৰত পাকিস্তানৰ এখন আদালতে নৱাজক সুৰক্ষা প্ৰদান কৰে। তেওঁক ২৪ অক্টোবৰলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। 

শনিবাৰে, নৱাজে তেওঁৰ পৰিয়াল আৰু দলৰ শীৰ্ষ নেতাসকলৰ সৈতে এখন চাৰ্টাৰ্ড বিমানত ডুবাইৰ পৰা ঘৰলৈ উভতি আহে।নৱাজৰ  দলৰ কৰ্মীসকলক নিয়ন্ত্ৰণ কৰিবলৈ ৭,০০০ আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছিল।

নৱাজৰ দলৰ মুখপাত্ৰ খাজা মহম্মদ আচিফে কয় "এতিয়া আশা আৰু উদযাপনৰ সময়,   তেওঁ উভতি অহাটো পাকিস্তানৰ অৰ্থনীতি আৰু মানুহৰ বাবে ভাল খবৰ।" দেশলৈ ৰাওনা হোৱাৰ আগতে ডুবাই বিমানবন্দৰত নৱাজে কয়, "মই চাৰি বছৰৰ পিছত পাকিস্তানলৈ উভতি আহিছো। যিদিনা মই পাকিস্তান এৰিছিলো, মই একেবাৰে সুখী নাছিলো। কিন্তু আজি মই সুখী। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক