--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্ব-নিৰ্বাসনৰ পৰিল  অন্ত। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে পুনৰ নিজৰ দেশলৈ উভতি আহিছে।পাকিস্তানত অহা বছৰৰ জানুৱাৰী মাহত  সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিব। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে নিৰ্বাচনৰ আগে আগে  পুনৰ পাকিস্তানলৈ উভতি আহিছে । পানামা দুৰ্নীতিৰ গোচৰত তেওঁৰ নাম সাঙোৰ খাই পৰিছিল। তেতিয়াৰে  পৰা   পাকিস্তানৰ চাৰিবাৰৰ প্ৰধানমন্ত্ৰী শ্বৰিফে ব্ৰিটেইনত স্বেচ্ছামূলক নিৰ্বাসনত আছিল।

পাকিস্তান বৰ্তমান  তীব্ৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকটৰ মাজত আছে। ইমৰান খানক ক্ষমতাচ্যুত কৰাৰ পিছত নৱাজৰ ভায়েক শ্বাহবাজ ক্ষমতালৈ আহিছিল, কিন্তু তেওঁ ১৩ আগষ্টত প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰি যাবলগীয়া হয়। শ্বাহবাজে তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ আগতে চৰকাৰ খন ভংগ কৰি দিছিল। 

এই বছৰৰ আৰম্ভণিতে, শ্বাহবাজে কৈছিল যে  তেওঁৰ ককায়েক নৱাজ শ্বৰীফে পুনৰ দেশলৈ উভতি আহিব পাৰে। । নৱাজৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ দুটা গোচৰত পাকিস্তানৰ এখন আদালতে নৱাজক সুৰক্ষা প্ৰদান কৰে। তেওঁক ২৪ অক্টোবৰলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। 

শনিবাৰে, নৱাজে তেওঁৰ পৰিয়াল আৰু দলৰ শীৰ্ষ নেতাসকলৰ সৈতে এখন চাৰ্টাৰ্ড বিমানত ডুবাইৰ পৰা ঘৰলৈ উভতি আহে।নৱাজৰ  দলৰ কৰ্মীসকলক নিয়ন্ত্ৰণ কৰিবলৈ ৭,০০০ আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছিল।

নৱাজৰ দলৰ মুখপাত্ৰ খাজা মহম্মদ আচিফে কয় "এতিয়া আশা আৰু উদযাপনৰ সময়,   তেওঁ উভতি অহাটো পাকিস্তানৰ অৰ্থনীতি আৰু মানুহৰ বাবে ভাল খবৰ।" দেশলৈ ৰাওনা হোৱাৰ আগতে ডুবাই বিমানবন্দৰত নৱাজে কয়, "মই চাৰি বছৰৰ পিছত পাকিস্তানলৈ উভতি আহিছো। যিদিনা মই পাকিস্তান এৰিছিলো, মই একেবাৰে সুখী নাছিলো। কিন্তু আজি মই সুখী। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা