--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচীনত ইপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি  ভ্লাদিমিৰ পুটিন।  চীনৰ বহু বিতৰ্কিত বেল্ট এণ্ড ৰোড প্ৰকল্পই ১০ বছৰ সম্পূৰ্ণ কৰিছে। এই উপলক্ষে বেইজিঙত এখন সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনলৈ বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলক আমন্ত্ৰণ জনোৱা হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে কমিউনিষ্ট দেশখনত উপস্থিত হৈছে। এনে সময়তে কূটনীতিবিদসকলে ধাৰণা কৰিছে  যে দুয়োখন দেশে পশ্চিমীয়া দেশসমূহৰ বিৰুদ্ধে মিত্ৰতা গঢ়িবলৈ আলোচনা কৰিব পাৰে। 

এই অনুষ্ঠান ভাৰতৰ বাবেও অতি গুৰুত্বপূৰ্ণ হিচাবে পৰিগণিত হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন মঙলবাৰে স্থানীয় সময় অনুসৰি পুৱা ৯:৩০ বজাত চীনত উপস্থিত হয়। বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে  পুটিনক   সাক্ষাৎ কৰিব। দৰাচলতে দুয়োখন ৰাষ্ট্ৰৰ মুৰব্বীদুগৰাকীৰ মাজত  বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে। তেওঁলোকে বেল্ট এণ্ড ৰোড ইনিশিয়েটিভ ফ'ৰামতো যোগদান কৰিব। 

বহু ৰাজনৈতিক  বিশ্লেষকে ধাৰণা কৰিছে  যে বেল্ট এণ্ড ৰোড প্ৰকল্পটো প্ৰকৃততে এখন  ফান্দহে। আন্তঃগাঁথনি উন্নয়নৰ নামত সাম্যবাদী দেশখনে বিশ্বজুৰি ঋণৰ জাল পেোইছে বুলিও আলোচনা হৈছে।  ভাৰতে সদায় চীনৰ এই  প্ৰকল্পটোৰ বিৰোধিতা কৰি আহিছে। কিয়নো চীনা প্ৰকল্পৰ এটা অংশ পাকিস্তান অধিকৃত কাশ্মীৰৰ মাজেৰে গৈছে। সেয়ে  নতুন দিল্লীয়ে বেইজিঙত অনুষ্ঠিত বেল্ট এণ্ড ৰোড সন্মিলনৰ ওপৰত নজৰ ৰাখিছে।  আনহাতে, বিশ্লেষকসকলৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰ এতিয়া মধ্য প্ৰাচ্যত হামাছ বনাম ইজৰাইল (

ইজৰাইল)ৰ বিৰুদ্ধে যুঁজ দিয়াত ব্যস্ত হৈ আছে। ৱাশ্বিংটনে ইহুদী দেশ খনক সমৰ্থন কৰি আছে আৰু সামৰিক সহায়ো আগবঢ়াইছে। ৰাছিয়াই এই সুযোগৰ সুবিধা গ্ৰহণ কৰিব বিচাৰিছে। ফলস্বৰূপে, ইউক্ৰেইনৰ সৈতে সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত পুটিনৰ চীন ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ইয়াৰ কাৰণ হ'ল হোৱাইট হাউচে যুদ্ধক্ষেত্ৰত মস্কোৰ ওপৰত চাপ বৃদ্ধি কৰিছে। ৱাশ্বিংটনে কিয়েভক অত্যাধুনিক অস্ত্ৰৰে সহায় কৰি আছে। এই সন্দৰ্ভত পুটিনে আমেৰিকা বিৰোধী দেশসমূহৰ সৈতে এক সুন্দৰ সম্পৰ্ক গঢ়িব বিচাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী