--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচীনত ইপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি  ভ্লাদিমিৰ পুটিন।  চীনৰ বহু বিতৰ্কিত বেল্ট এণ্ড ৰোড প্ৰকল্পই ১০ বছৰ সম্পূৰ্ণ কৰিছে। এই উপলক্ষে বেইজিঙত এখন সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনলৈ বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলক আমন্ত্ৰণ জনোৱা হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে কমিউনিষ্ট দেশখনত উপস্থিত হৈছে। এনে সময়তে কূটনীতিবিদসকলে ধাৰণা কৰিছে  যে দুয়োখন দেশে পশ্চিমীয়া দেশসমূহৰ বিৰুদ্ধে মিত্ৰতা গঢ়িবলৈ আলোচনা কৰিব পাৰে। 

এই অনুষ্ঠান ভাৰতৰ বাবেও অতি গুৰুত্বপূৰ্ণ হিচাবে পৰিগণিত হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন মঙলবাৰে স্থানীয় সময় অনুসৰি পুৱা ৯:৩০ বজাত চীনত উপস্থিত হয়। বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে  পুটিনক   সাক্ষাৎ কৰিব। দৰাচলতে দুয়োখন ৰাষ্ট্ৰৰ মুৰব্বীদুগৰাকীৰ মাজত  বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে। তেওঁলোকে বেল্ট এণ্ড ৰোড ইনিশিয়েটিভ ফ'ৰামতো যোগদান কৰিব। 

বহু ৰাজনৈতিক  বিশ্লেষকে ধাৰণা কৰিছে  যে বেল্ট এণ্ড ৰোড প্ৰকল্পটো প্ৰকৃততে এখন  ফান্দহে। আন্তঃগাঁথনি উন্নয়নৰ নামত সাম্যবাদী দেশখনে বিশ্বজুৰি ঋণৰ জাল পেোইছে বুলিও আলোচনা হৈছে।  ভাৰতে সদায় চীনৰ এই  প্ৰকল্পটোৰ বিৰোধিতা কৰি আহিছে। কিয়নো চীনা প্ৰকল্পৰ এটা অংশ পাকিস্তান অধিকৃত কাশ্মীৰৰ মাজেৰে গৈছে। সেয়ে  নতুন দিল্লীয়ে বেইজিঙত অনুষ্ঠিত বেল্ট এণ্ড ৰোড সন্মিলনৰ ওপৰত নজৰ ৰাখিছে।  আনহাতে, বিশ্লেষকসকলৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰ এতিয়া মধ্য প্ৰাচ্যত হামাছ বনাম ইজৰাইল (

ইজৰাইল)ৰ বিৰুদ্ধে যুঁজ দিয়াত ব্যস্ত হৈ আছে। ৱাশ্বিংটনে ইহুদী দেশ খনক সমৰ্থন কৰি আছে আৰু সামৰিক সহায়ো আগবঢ়াইছে। ৰাছিয়াই এই সুযোগৰ সুবিধা গ্ৰহণ কৰিব বিচাৰিছে। ফলস্বৰূপে, ইউক্ৰেইনৰ সৈতে সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত পুটিনৰ চীন ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ইয়াৰ কাৰণ হ'ল হোৱাইট হাউচে যুদ্ধক্ষেত্ৰত মস্কোৰ ওপৰত চাপ বৃদ্ধি কৰিছে। ৱাশ্বিংটনে কিয়েভক অত্যাধুনিক অস্ত্ৰৰে সহায় কৰি আছে। এই সন্দৰ্ভত পুটিনে আমেৰিকা বিৰোধী দেশসমূহৰ সৈতে এক সুন্দৰ সম্পৰ্ক গঢ়িব বিচাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত