--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল-পেলেষ্টাইনৰ মাজত যুদ্ধ চলি থকাৰ মাজতে  ছিয়া সন্ত্ৰাসবাদী  দল হিজবুল্লাই লেবাননৰ পৰা এতিয়া  আক্ৰমণ আৰম্ভ কৰিছে। হিজবুল্লাৰ আক্ৰমণত  এজন শীৰ্ষ ইজৰাইলী সেনা বিষয়া নিহত হোৱাৰ খবৰ পোৱা গৈছে। এনে ঘটনাৰ পিছতে  মধ্য প্ৰাচ্যত ৰক্তক্ষয়ী সংঘৰ্ষৰ আশংকা  তীব্ৰতৰ হৈ উঠিছে।  

গাজাৰ লগতে ইজৰাইল-লেবানন সীমান্তও ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে। ইজৰাইলী সেনাই হিজবুল্লাৰ বিৰুদ্ধে যুঁজ দি আছে। সংঘৰ্ষত এজন শীৰ্ষ সামৰিক বিষয়া নিহত হৈছে।  ইজৰাইলী সামৰিক বাহিনীয়ে প্ৰকাশ কৰা মতে হিজবুল্লাই লেবানন সীমান্তত এজন সেনা বিষয়াক হত্যা কৰিছে।
 
 লেবানিজ সন্ত্ৰাসবাদী  গোটেও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। হিজবলুল্লাই কৈছে  যে সংগঠনটোৱে  ইজৰাইলৰ পাঁচটা সামৰিক ঘাটিক লক্ষ্য কৰি লৈছিল। দক্ষিণ লেবাননত ইজৰাইলৰ আক্ৰমণত সাংবাদিক আৰু অসামৰিক লোকৰ মৃত্যুৰ প্ৰতিশোধ স্বৰূপে এই আক্ৰমণ চলোৱা হৈছে বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে। ঘটনাটোৰ পিছত, ইজৰাইলৰ সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে হিজবুল্লাৰ বিৰুদ্ধে ইৰাণৰ সমৰ্থন য লেবানন সীমান্তত আক্ৰমণ চলোৱাৰ  অভিযোগ উত্থাপন কৰে। 

উল্লেখ্য শনিবাৰে  ইজৰাইলী সেনাৰ আক্ৰমণত ৰয়টাৰৰ এজন সাংবাদিক ইছাম আব্দুল্লাহ নিহত হৈছিল।  আক্ৰমণটোত দুজন স্থানীয় বাসিন্দাও নিহত হৈছিল। হিজবুল্লাই ঘটনাটোৰ প্ৰতিশোধ স্বৰূপে এই আক্ৰমণ চলায়। 
ইৰাণ সমৰ্থিত ছিয়া  মৌলবাদী গোটটোৱে সোমবাৰৰ পৰা ইজৰাইলী বাহিনীৰ সৈতে যুদ্ধত লিপ্ত হৈছে। আইডিএফৰ আক্ৰমণত কেইদিনমান পূৰ্বে  একেদিনাই তিনিজন হিজবুল্লা যুঁজাৰু নিহত হৈছিল। লেবাননৰ সৰ্ববৃহৎ আৰু আটাইতকৈ শক্তিশালী হিজবুল্লা বাহিনীত ১,০০,০০০ তকৈও অধিক যুঁজাৰু আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে