--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল-পেলেষ্টাইনৰ মাজত যুদ্ধ চলি থকাৰ মাজতে  ছিয়া সন্ত্ৰাসবাদী  দল হিজবুল্লাই লেবাননৰ পৰা এতিয়া  আক্ৰমণ আৰম্ভ কৰিছে। হিজবুল্লাৰ আক্ৰমণত  এজন শীৰ্ষ ইজৰাইলী সেনা বিষয়া নিহত হোৱাৰ খবৰ পোৱা গৈছে। এনে ঘটনাৰ পিছতে  মধ্য প্ৰাচ্যত ৰক্তক্ষয়ী সংঘৰ্ষৰ আশংকা  তীব্ৰতৰ হৈ উঠিছে।  

গাজাৰ লগতে ইজৰাইল-লেবানন সীমান্তও ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে। ইজৰাইলী সেনাই হিজবুল্লাৰ বিৰুদ্ধে যুঁজ দি আছে। সংঘৰ্ষত এজন শীৰ্ষ সামৰিক বিষয়া নিহত হৈছে।  ইজৰাইলী সামৰিক বাহিনীয়ে প্ৰকাশ কৰা মতে হিজবুল্লাই লেবানন সীমান্তত এজন সেনা বিষয়াক হত্যা কৰিছে।
 
 লেবানিজ সন্ত্ৰাসবাদী  গোটেও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। হিজবলুল্লাই কৈছে  যে সংগঠনটোৱে  ইজৰাইলৰ পাঁচটা সামৰিক ঘাটিক লক্ষ্য কৰি লৈছিল। দক্ষিণ লেবাননত ইজৰাইলৰ আক্ৰমণত সাংবাদিক আৰু অসামৰিক লোকৰ মৃত্যুৰ প্ৰতিশোধ স্বৰূপে এই আক্ৰমণ চলোৱা হৈছে বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে। ঘটনাটোৰ পিছত, ইজৰাইলৰ সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে হিজবুল্লাৰ বিৰুদ্ধে ইৰাণৰ সমৰ্থন য লেবানন সীমান্তত আক্ৰমণ চলোৱাৰ  অভিযোগ উত্থাপন কৰে। 

উল্লেখ্য শনিবাৰে  ইজৰাইলী সেনাৰ আক্ৰমণত ৰয়টাৰৰ এজন সাংবাদিক ইছাম আব্দুল্লাহ নিহত হৈছিল।  আক্ৰমণটোত দুজন স্থানীয় বাসিন্দাও নিহত হৈছিল। হিজবুল্লাই ঘটনাটোৰ প্ৰতিশোধ স্বৰূপে এই আক্ৰমণ চলায়। 
ইৰাণ সমৰ্থিত ছিয়া  মৌলবাদী গোটটোৱে সোমবাৰৰ পৰা ইজৰাইলী বাহিনীৰ সৈতে যুদ্ধত লিপ্ত হৈছে। আইডিএফৰ আক্ৰমণত কেইদিনমান পূৰ্বে  একেদিনাই তিনিজন হিজবুল্লা যুঁজাৰু নিহত হৈছিল। লেবাননৰ সৰ্ববৃহৎ আৰু আটাইতকৈ শক্তিশালী হিজবুল্লা বাহিনীত ১,০০,০০০ তকৈও অধিক যুঁজাৰু আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত