--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৯৫ চনত মুক্তি পোৱা ব্লকবাষ্টাৰ চিনেমা ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ এনে এখন চিনেমা, যিখন আজিও দৰ্শকে বাৰে বাৰে চাবলৈ ভাল পায়। ছবিখনত শ্বাহৰুখ খান আৰু কাজলৰ যুটিয়ে দৰ্শকৰ হৃদয় জয় কৰিছিল। এই ছবিখনৰ পাছত শ্বাহৰুখ খান লাখ লাখ লোকৰ হৃদস্পন্দন হৈ পৰিছিল আৰু তেওঁক ‘কিং অৱ ৰোমাঞ্চ’ বুলি অভিহিত কৰা হৈছিল। 

যদি আমি আপোনালোকক কওঁ যে শ্বাহৰুখ খান ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ ৰ বাবে নিৰ্মাতাসকলৰ প্ৰথম পছন্দ নাছিল, আপুনি বিশ্বাস কৰিব নে? কিন্তু এই কথা সঁচা। শ্বাহৰুখ খানক নহয় ছবিখনত ‘ৰাজ’ৰ চৰিত্ৰটোৰ অফাৰ আন এজন অভিনেতাকহে দিয়া হৈছিল। কিন্তু সেই অভিনেতাজনে সেই প্ৰস্তাৱ নাকচ কৰিছিল।

আচলতে পৰিচালক আদিত্য চোপ্ৰাই ছেইফ আলী খানক ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ ছবিত অভিনয়ৰ প্ৰস্তাৱ দিছিল। এই ছবিখনৰ ‘ৰাজ’ৰ চৰিত্ৰটো লণ্ডন ভিত্তিক হোৱাৰ বাবে ছেইফৰ কথা কোৱাৰ শৈলী আৰু উচ্চাৰণ উপযুক্ত বুলি বিবেচিত হৈছিল। কিন্তু সেই সময়ত আদিত্য চোপ্ৰাক দিবলৈ ছেইফৰ হাতত সময় নাছিল। সেয়েহে ছেইফ আলী খানে ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ৰ প্ৰস্তাৱ নাকচ কৰিবলগীয়া হৈছিল।

যেতিয়া ছেইফ আলী খানে ছবিখনৰ প্ৰস্তাৱ নাকচ কৰিছিল তেতিয়া আদিত্য চোপ্ৰাই শ্বাহৰুখ খানক চুক্তিবদ্ধ কৰিছিল। শ্বাহৰুখ খানো এই ছবিখনত কাম কৰিবলৈ সাজু নাছিল কাৰণ তেওঁ খলনায়ক চৰিত্ৰত অভিনয় কৰি সুখী আছিল। শ্বাহৰুখে ‘বাজীগৰ’ আৰু ‘দৰ’ৰ দৰে ছুপাৰহিট ছবিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল। কিন্তু আদিত্য আৰু যশ চোপ্ৰাৰ বুজনিত তেওঁ ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ত অভিনয় কৰাৰ সিদ্ধান্ত লয়। শ্বাহৰুখ খান ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ত ‘ৰাজ’ হোৱাটো হয়তো ভাগ্যই বিচাৰিছিল। এই ছবিখনৰ পাছত শ্বাহৰুখ খানৰ জনপ্ৰিয়তা কোনটো স্তৰত উপনীত হ'ল, সেই কথা সকলোৱে জানে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ