--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৯৫ চনত মুক্তি পোৱা ব্লকবাষ্টাৰ চিনেমা ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ এনে এখন চিনেমা, যিখন আজিও দৰ্শকে বাৰে বাৰে চাবলৈ ভাল পায়। ছবিখনত শ্বাহৰুখ খান আৰু কাজলৰ যুটিয়ে দৰ্শকৰ হৃদয় জয় কৰিছিল। এই ছবিখনৰ পাছত শ্বাহৰুখ খান লাখ লাখ লোকৰ হৃদস্পন্দন হৈ পৰিছিল আৰু তেওঁক ‘কিং অৱ ৰোমাঞ্চ’ বুলি অভিহিত কৰা হৈছিল। 

যদি আমি আপোনালোকক কওঁ যে শ্বাহৰুখ খান ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ ৰ বাবে নিৰ্মাতাসকলৰ প্ৰথম পছন্দ নাছিল, আপুনি বিশ্বাস কৰিব নে? কিন্তু এই কথা সঁচা। শ্বাহৰুখ খানক নহয় ছবিখনত ‘ৰাজ’ৰ চৰিত্ৰটোৰ অফাৰ আন এজন অভিনেতাকহে দিয়া হৈছিল। কিন্তু সেই অভিনেতাজনে সেই প্ৰস্তাৱ নাকচ কৰিছিল।

আচলতে পৰিচালক আদিত্য চোপ্ৰাই ছেইফ আলী খানক ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ ছবিত অভিনয়ৰ প্ৰস্তাৱ দিছিল। এই ছবিখনৰ ‘ৰাজ’ৰ চৰিত্ৰটো লণ্ডন ভিত্তিক হোৱাৰ বাবে ছেইফৰ কথা কোৱাৰ শৈলী আৰু উচ্চাৰণ উপযুক্ত বুলি বিবেচিত হৈছিল। কিন্তু সেই সময়ত আদিত্য চোপ্ৰাক দিবলৈ ছেইফৰ হাতত সময় নাছিল। সেয়েহে ছেইফ আলী খানে ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ৰ প্ৰস্তাৱ নাকচ কৰিবলগীয়া হৈছিল।

যেতিয়া ছেইফ আলী খানে ছবিখনৰ প্ৰস্তাৱ নাকচ কৰিছিল তেতিয়া আদিত্য চোপ্ৰাই শ্বাহৰুখ খানক চুক্তিবদ্ধ কৰিছিল। শ্বাহৰুখ খানো এই ছবিখনত কাম কৰিবলৈ সাজু নাছিল কাৰণ তেওঁ খলনায়ক চৰিত্ৰত অভিনয় কৰি সুখী আছিল। শ্বাহৰুখে ‘বাজীগৰ’ আৰু ‘দৰ’ৰ দৰে ছুপাৰহিট ছবিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল। কিন্তু আদিত্য আৰু যশ চোপ্ৰাৰ বুজনিত তেওঁ ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ত অভিনয় কৰাৰ সিদ্ধান্ত লয়। শ্বাহৰুখ খান ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ত ‘ৰাজ’ হোৱাটো হয়তো ভাগ্যই বিচাৰিছিল। এই ছবিখনৰ পাছত শ্বাহৰুখ খানৰ জনপ্ৰিয়তা কোনটো স্তৰত উপনীত হ'ল, সেই কথা সকলোৱে জানে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী