--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে নিজৰ কৰ্মজীৱনত বহুকেইটা মহান ছবি ৰাইজলৈ আগবঢ়াই নিজৰ বলিষ্ঠ অভিনয়েৰে মানুহৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে। ৭৪ বছৰীয়া অভিনেতাগৰাকীক এতিয়া দাদাছাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। এই কথা ঘোষণা কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক্স একাউণ্টত এটা পোষ্ট যোগে ঘোষণা কৰে যে মিথুন চক্ৰৱৰ্তীক দাদাছাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। তেওঁ লিখিছে, "মিথুন দাৰ উল্লেখযোগ্য চিনেমা যাত্ৰাই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰে! এই ঘোষণা কৰি সন্মানিত অনুভৱ কৰিছো যে দাদাছাহেব ফাল্কে নিৰ্বাচন জুৰীয়ে ভাৰতীয় চিনেমালৈ তেওঁৰ বিশিষ্ট অৱদানৰ বাবে এই বঁটাৰে সন্মানিত কৰিছে ৷ 


Centre urged to confer Dadasaheb Phalke Award upon Manipuri filmmaker - The  Statesman
আপোনালোকক জনাওঁ যে ২০২৪ চনৰ ৮ অক্টোবৰত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত মিথুন চক্ৰৱৰ্তীক এই সন্মান প্ৰদান কৰা হ'ব। অভিনেতা গৰাকীৰ বাবে এই বঁটা ঘোষণাৰ লগে লগে এতিয়া তেওঁৰ সকলো অনুৰাগী আৰু চেলিব্ৰিটিয়ে ছ’চিয়েল মিডিয়াত অভিনন্দন জনাইছে ৷ ইয়াৰ পূৰ্বে মিথুন চক্ৰৱৰ্তীক পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল। এপ্ৰিল মাহত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অভিনেতাগৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই সন্মান লাভ কৰে।


Padma Bhushan Award 2024 Mithun Chakraborty And Usha Uthup Awarded By  President Draupadi Murmu - Padma Bhushan Award 2024: पद्म भूषण से सम्मानित  किये गए मिथुन चक्रवर्ती और ऊषा उत्थुप | Times Now Navbharat

সন্মানীয় দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত হোৱাৰ ঘোষণাৰ পিছত সোমবাৰে মিথুন চক্ৰৱৰ্তীয়ে কয় যে তেওঁৰ অনুভৱ প্ৰকাশ কৰিবলৈ কোনো শব্দ নাই। নিজকে "কলকাতাৰ ফুটপাতৰ ল'ৰা" বুলি অভিহিত কৰি ৭৪ বছৰীয়া মিথুনে কয় যে এনে সন্মানেৰে সন্মানিত হোৱাৰ কথা তেওঁ কেতিয়াও কল্পনা কৰা নাছিল। সংবাদ সংস্থা এএনআইক মিথুনে কয় যে, "মই যি অনুভৱ কৰিছো তাক প্ৰকাশ কৰিবলৈ মোৰ কোনো ভাষা নাই। মই হাঁহিবও নোৱাৰো, সুখত কান্দিবও নোৱাৰো।"



তেওঁ কয়, "মই কলকাতাৰ ৰাজপথৰ পৰা আহিছো। মই ফুটপাততে ডাঙৰ-দীঘল হৈছো। এনে ঠাইৰ এজন ল'ৰাই ইমান সন্মান লাভ কৰিছে, মই কল্পনাও কৰিব নোৱাৰোঁ, মই অত্যন্ত সুখী। মই এই বঁটা মোৰ পৰিয়াল আৰু সমগ্ৰ বিশ্বৰ মোৰ অনুৰাগীসকললৈ সমৰ্পন কৰিব বিচাৰো।”


Mithun Chakraborty to be honoured with Dadasaheb Phalke Award, PM Modi  calls him a 'cultural icon' | Bollywood News - The Indian Express


কলকাতাত জন্মগ্ৰহণ কৰা মিথুন চক্ৰৱৰ্তীয়ে বহু সংগ্ৰামৰ অন্তত চলচ্চিত্ৰ জগতত নিজৰ নাম উজ্বলাইছে। ১৯৭৭ চনত মুক্তি পোৱা ‘মৃগয়া’ ছবিত তেওঁ অভিনয়ত জগতত খোজ দিয়ে। এই ছবিখনৰ বাবে মিথুনে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে। ইয়াৰ পিছত তেওঁ বলীউডত বহু ছুপাৰ ডুপাৰ হিট ছবি ৰাইজলৈ আগবঢ়ায়। তেওঁৰ স্মৰণীয় ছবিসমূহৰ ভিতৰত অগ্নিপথ, মুঝে ইনছাফ চাহিয়ে, হম ছে হে জামানা, পাছান্দ আপনি আপনি, ঘৰ এক মন্দিৰ আৰু কছাম বদন ৱালেকে ধৰি বহুকেইখন ছবি। মিথুনে নিজৰ কৰ্মজীৱনত হিন্দী, তামিল, তেলেগু, কানাড়া, বাংলা আৰু পাঞ্জাবী ভাষাত ৩৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ