--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে নিজৰ কৰ্মজীৱনত বহুকেইটা মহান ছবি ৰাইজলৈ আগবঢ়াই নিজৰ বলিষ্ঠ অভিনয়েৰে মানুহৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে। ৭৪ বছৰীয়া অভিনেতাগৰাকীক এতিয়া দাদাছাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। এই কথা ঘোষণা কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক্স একাউণ্টত এটা পোষ্ট যোগে ঘোষণা কৰে যে মিথুন চক্ৰৱৰ্তীক দাদাছাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। তেওঁ লিখিছে, "মিথুন দাৰ উল্লেখযোগ্য চিনেমা যাত্ৰাই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰে! এই ঘোষণা কৰি সন্মানিত অনুভৱ কৰিছো যে দাদাছাহেব ফাল্কে নিৰ্বাচন জুৰীয়ে ভাৰতীয় চিনেমালৈ তেওঁৰ বিশিষ্ট অৱদানৰ বাবে এই বঁটাৰে সন্মানিত কৰিছে ৷ 


Centre urged to confer Dadasaheb Phalke Award upon Manipuri filmmaker - The  Statesman
আপোনালোকক জনাওঁ যে ২০২৪ চনৰ ৮ অক্টোবৰত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত মিথুন চক্ৰৱৰ্তীক এই সন্মান প্ৰদান কৰা হ'ব। অভিনেতা গৰাকীৰ বাবে এই বঁটা ঘোষণাৰ লগে লগে এতিয়া তেওঁৰ সকলো অনুৰাগী আৰু চেলিব্ৰিটিয়ে ছ’চিয়েল মিডিয়াত অভিনন্দন জনাইছে ৷ ইয়াৰ পূৰ্বে মিথুন চক্ৰৱৰ্তীক পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল। এপ্ৰিল মাহত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অভিনেতাগৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই সন্মান লাভ কৰে।


Padma Bhushan Award 2024 Mithun Chakraborty And Usha Uthup Awarded By  President Draupadi Murmu - Padma Bhushan Award 2024: पद्म भूषण से सम्मानित  किये गए मिथुन चक्रवर्ती और ऊषा उत्थुप | Times Now Navbharat

সন্মানীয় দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত হোৱাৰ ঘোষণাৰ পিছত সোমবাৰে মিথুন চক্ৰৱৰ্তীয়ে কয় যে তেওঁৰ অনুভৱ প্ৰকাশ কৰিবলৈ কোনো শব্দ নাই। নিজকে "কলকাতাৰ ফুটপাতৰ ল'ৰা" বুলি অভিহিত কৰি ৭৪ বছৰীয়া মিথুনে কয় যে এনে সন্মানেৰে সন্মানিত হোৱাৰ কথা তেওঁ কেতিয়াও কল্পনা কৰা নাছিল। সংবাদ সংস্থা এএনআইক মিথুনে কয় যে, "মই যি অনুভৱ কৰিছো তাক প্ৰকাশ কৰিবলৈ মোৰ কোনো ভাষা নাই। মই হাঁহিবও নোৱাৰো, সুখত কান্দিবও নোৱাৰো।"



তেওঁ কয়, "মই কলকাতাৰ ৰাজপথৰ পৰা আহিছো। মই ফুটপাততে ডাঙৰ-দীঘল হৈছো। এনে ঠাইৰ এজন ল'ৰাই ইমান সন্মান লাভ কৰিছে, মই কল্পনাও কৰিব নোৱাৰোঁ, মই অত্যন্ত সুখী। মই এই বঁটা মোৰ পৰিয়াল আৰু সমগ্ৰ বিশ্বৰ মোৰ অনুৰাগীসকললৈ সমৰ্পন কৰিব বিচাৰো।”


Mithun Chakraborty to be honoured with Dadasaheb Phalke Award, PM Modi  calls him a 'cultural icon' | Bollywood News - The Indian Express


কলকাতাত জন্মগ্ৰহণ কৰা মিথুন চক্ৰৱৰ্তীয়ে বহু সংগ্ৰামৰ অন্তত চলচ্চিত্ৰ জগতত নিজৰ নাম উজ্বলাইছে। ১৯৭৭ চনত মুক্তি পোৱা ‘মৃগয়া’ ছবিত তেওঁ অভিনয়ত জগতত খোজ দিয়ে। এই ছবিখনৰ বাবে মিথুনে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে। ইয়াৰ পিছত তেওঁ বলীউডত বহু ছুপাৰ ডুপাৰ হিট ছবি ৰাইজলৈ আগবঢ়ায়। তেওঁৰ স্মৰণীয় ছবিসমূহৰ ভিতৰত অগ্নিপথ, মুঝে ইনছাফ চাহিয়ে, হম ছে হে জামানা, পাছান্দ আপনি আপনি, ঘৰ এক মন্দিৰ আৰু কছাম বদন ৱালেকে ধৰি বহুকেইখন ছবি। মিথুনে নিজৰ কৰ্মজীৱনত হিন্দী, তামিল, তেলেগু, কানাড়া, বাংলা আৰু পাঞ্জাবী ভাষাত ৩৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
জোঁৱাইক ২৫ ছেকেণ্ডত ৩৫ টাতকৈ অধিক ঘোচা  মাৰিলে শহুৰৰ পৰিয়ালে! চিচিটিভিত বন্দী নৃশংসতা
বামুণীমৈদামত ভয়ংকৰ অগ্নিকাণ্ড!  সম্পূৰ্ণৰূপে ভস্মীভূত এটা কাৰ্যালয়ৰ কোঠা
অমিতা খাওক, আঁতৰত থাকিব মুখৰ বলিৰেখা
হাল বাবলৈ যোৱা মেইটেই কৃষকক বাধা কুকি দলৰ
খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে আজি ভংগ কৰিব পাৰে ২০ বছৰৰ অভিলেখ
ইজৰাইলক গৰিহণাৰ এছ চি অ'ৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিল ভাৰত
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?