--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাটাৰত মৃত্যুদণ্ড দিয়া হৈছে ভাৰতীয় নৌসেনাৰ আঠজন প্ৰাক্তন বিষয়াক৷ এবছৰধৰি বন্দী হৈ থকা ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়াকেইগৰাকীক বৃহস্পতিবাৰে মৃত্যুদণ্ড দিয়া হয়।

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই ৰায়ত শোকপ্ৰকাশ কৰি কয় যে তেওঁলোকে সকলো আইনী বিকল্পৰ সন্ধান কৰি আছে। মন্ত্ৰণালয়ে লগতে কয় যে কেন্দ্ৰই কূটনৈতিক আৰু আইনী সহায় অব্যাহত ৰাখিব৷ 

২০২২ৰ আগষ্টত কোনো অভিযোগ অবিহনে আটক কৰা আঠজন প্ৰাক্তন নৌসেনা বিষয়াই কাটাৰৰ সশস্ত্ৰ বাহিনীক প্ৰশিক্ষণ আৰু সম্পৰ্কিত সেৱা প্ৰদান কৰা এটা ব্যক্তিগত প্ৰতিষ্ঠান - দাহৰা গ্লোবেল টেকন'লজিছ এণ্ড কনচাল্টেন্সি চাৰ্ভিচেছৰ বাবে কাম কৰি আছিল। 

প্ৰকাশিত খবৰ অনুসৰি তেওঁলোকৰ বিৰুদ্ধে চোৰাংচোৱাৰ অভিযোগ আৰোপ কৰা হৈছিল। জামিনৰ আবেদন এবছৰৰ ভিতৰত কেইবাবাৰো নাকচ কৰা হৈছিল। এতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে লগতে কৈছে যে কাৰ্যক্ৰমৰ গোপনীয়তাৰ বাবে, এই পৰ্যায়ত আৰু কোনো মন্তব্য কৰা উচিত নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক