--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিশ্বকাপ চেম্পিয়নশ্বিপৰ অন্যতম নায়ক ট্ৰেভিছ হেড। ছেমি ফাইনেলৰ পিছত ফাইনেলতো তেওঁ মেন অৱ দ্য মেচ হিচাপে পৰিগণিত হয়। দেওবাৰৰ বিশ্বকাপৰ ফাইনেলৰ পিছতে হেডৰ পৰিয়ালে মৃত্যু আৰু ধৰ্ষণৰ ভাবুকি লাভ কৰে। অভিযোগ অনুসৰি ভাৰতীয় ক্ৰিকেট অনুৰাগী এজনে এই কাণ্ড কৰিছে।

দেওবাৰৰ ফাইনেলত হেডে এটা ডাঙৰ কেচ লৈ প্ৰথমে ৰোহিত শৰ্মাক আউট কৰে। পিছত হেঁচাত পৰি ৰোহিত শৰ্মাই ১২০ ৰানত ১৩৭ ৰান সংগ্ৰহ কৰি অপৰাজিত ইনিংছত নিজৰ দলটোক বিশ্বকাপ জয়ৰ দৌৰৰ পৰা বাহিৰ কৰি দিয়ে। তেওঁৰ প্ৰদৰ্শনে ফাইনেলত দুয়োটা দলৰ মাজত পাৰ্থক্য সৃষ্টি কৰিছিল। যোৱা টেষ্ট বিশ্বকাপৰ ফাইনেলত এই হেড ইনিংছত পৰাস্ত হ’বলগীয়া হৈছিল ভাৰত। 

এজন ভাৰতীয় ক্ৰিকেট প্ৰেমীয়ে দেওবাৰে বিশ্বকাপৰ ফাইনেলৰ পিছত তেওঁ ছ’চিয়েল মিডিয়াত হেডক পোনপটীয়াকৈ ভাবুকি দিছিল। অষ্ট্ৰেলিয়াৰ অ’পেনাৰগৰাকীৰ পৰিয়ালক হত্যা কৰাৰ লগতে পত্নীক ধৰ্ষণ কৰাৰ ভাবুকি। বহু ক্ৰিকেটপ্ৰেমীয়ে তেওঁৰ জঘন্য আক্ৰমণ আৰু মানসিকতাক গৰিহণা আৰু সমালোচনা কৰে। তেওঁৰ ৰুচিক লৈও বহুতে প্ৰশ্ন উত্থাপন কৰিছে। একাংশই ছ’চিয়েল মিডিয়াৰ জৰিয়তে আৰক্ষীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। অৱশ্যে এই সন্দৰ্ভত অষ্ট্ৰেলিয়াৰ দলৰ কোনো মন্তব্য নাই।

হেড ভাৰতলৈ আহিছিল পত্নী আৰু সন্তানৰ সৈতে। দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ গেলেৰীত উপস্থিত আছিল হেডৰ পত্নীও। লগতে তেওঁৰ পত্নীৰ সৈতে বিশ্বকাপৰ ট্ৰফী লৈ এখন ফটো তুলিছিল। উল্লেখযোগ্য যে আঘাতৰ বাবে প্ৰতিযোগিতাৰ আৰম্ভণিৰে পৰা খেলিব নোৱাৰিলে হেডে। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত তেওঁ ভাৰতত দলত যোগদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক