--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিশ্বকাপ চেম্পিয়নশ্বিপৰ অন্যতম নায়ক ট্ৰেভিছ হেড। ছেমি ফাইনেলৰ পিছত ফাইনেলতো তেওঁ মেন অৱ দ্য মেচ হিচাপে পৰিগণিত হয়। দেওবাৰৰ বিশ্বকাপৰ ফাইনেলৰ পিছতে হেডৰ পৰিয়ালে মৃত্যু আৰু ধৰ্ষণৰ ভাবুকি লাভ কৰে। অভিযোগ অনুসৰি ভাৰতীয় ক্ৰিকেট অনুৰাগী এজনে এই কাণ্ড কৰিছে।

দেওবাৰৰ ফাইনেলত হেডে এটা ডাঙৰ কেচ লৈ প্ৰথমে ৰোহিত শৰ্মাক আউট কৰে। পিছত হেঁচাত পৰি ৰোহিত শৰ্মাই ১২০ ৰানত ১৩৭ ৰান সংগ্ৰহ কৰি অপৰাজিত ইনিংছত নিজৰ দলটোক বিশ্বকাপ জয়ৰ দৌৰৰ পৰা বাহিৰ কৰি দিয়ে। তেওঁৰ প্ৰদৰ্শনে ফাইনেলত দুয়োটা দলৰ মাজত পাৰ্থক্য সৃষ্টি কৰিছিল। যোৱা টেষ্ট বিশ্বকাপৰ ফাইনেলত এই হেড ইনিংছত পৰাস্ত হ’বলগীয়া হৈছিল ভাৰত। 

এজন ভাৰতীয় ক্ৰিকেট প্ৰেমীয়ে দেওবাৰে বিশ্বকাপৰ ফাইনেলৰ পিছত তেওঁ ছ’চিয়েল মিডিয়াত হেডক পোনপটীয়াকৈ ভাবুকি দিছিল। অষ্ট্ৰেলিয়াৰ অ’পেনাৰগৰাকীৰ পৰিয়ালক হত্যা কৰাৰ লগতে পত্নীক ধৰ্ষণ কৰাৰ ভাবুকি। বহু ক্ৰিকেটপ্ৰেমীয়ে তেওঁৰ জঘন্য আক্ৰমণ আৰু মানসিকতাক গৰিহণা আৰু সমালোচনা কৰে। তেওঁৰ ৰুচিক লৈও বহুতে প্ৰশ্ন উত্থাপন কৰিছে। একাংশই ছ’চিয়েল মিডিয়াৰ জৰিয়তে আৰক্ষীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। অৱশ্যে এই সন্দৰ্ভত অষ্ট্ৰেলিয়াৰ দলৰ কোনো মন্তব্য নাই।

হেড ভাৰতলৈ আহিছিল পত্নী আৰু সন্তানৰ সৈতে। দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ গেলেৰীত উপস্থিত আছিল হেডৰ পত্নীও। লগতে তেওঁৰ পত্নীৰ সৈতে বিশ্বকাপৰ ট্ৰফী লৈ এখন ফটো তুলিছিল। উল্লেখযোগ্য যে আঘাতৰ বাবে প্ৰতিযোগিতাৰ আৰম্ভণিৰে পৰা খেলিব নোৱাৰিলে হেডে। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত তেওঁ ভাৰতত দলত যোগদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক