--°C
Loading...
Listen to Article
2 min read
80%
কেতিয়াবা প্ৰধানমন্ত্ৰীকো উভতি ধৰিছে তেওঁলোকে ডিজিটেল ডেস্ক: সমসাময়িক ভাৰতীয় ৰাজনীতিত কেইবাগৰাকীও শক্তিশালী মহিলা নেত্ৰীয়ে ভাৰতীয় ৰাজনীতিৰ ৰেহৰূপ সলনি কৰি পেলাইছে৷ তেওঁলোৰৰ উপস্থিতিয়ে ভাৰতীয় ৰাজনীতিক দিছে নতুন গতি৷ তেওঁলোক হৈ উঠিছে দেশৰ সহস্ৰ নতুন নাৰীৰ অনুপ্ৰেৰণাৰ অমল উৎস৷ যদিও ভাৰতীয় ৰাজনীতিৰ কিছুমান বিখ্যাত নামৰ বেছিভাগেই পুৰুষ, তৎস্বত্ত্বেও কিছুমান মহিলা ৰাজনৈতিক নেতাই দেশত এক প্ৰকৃত সামাজিক পৰিৱৰ্তন প্ৰতিফলিত কৰিছে আৰু ৰাষ্ট্ৰলৈ তেওঁলোকৰ অৱদানৰ বাবে আন্তৰ্জাতিক প্ৰশংসাও লাভ কৰিছে৷ তেওঁলোকৰ বহুধা আদৰ্শৰ ভিত্তিত ৰাজনীতিয়ে দেখিছে নতুন চিন্তাৰ উন্মেষ৷ ভাৰতৰ কেইগৰাকীমান শক্তিশালী আৰু প্ৰভাৱশালী মহিলা ৰাজনৈতিক নেত্ৰীৰ আলোকপাতেৰে আমাৰ এই বিশেষ অৱলোকন-
সুষমা স্বৰাজ ভাৰতীয় ৰাজনীতিত দীঘলীয়া কাৰ্যকালজুৰি একাধিক দপ্তৰৰ দায়িত্বত থকা সুষমা স্বৰাজ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত ভাৰতৰ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মন্ত্ৰী আছিল। আন দেশত আবদ্ধ হৈ থকা একাধিক ভাৰতীয়ক সহায় কৰাৰ পাছত তেওঁ এগৰাকী বিশিষ্ট আৰু প্ৰসিদ্ধ ৰাজনীতিবিদ হিচাপে পৰিচিত হৈ পৰিছিল। স্বৰাজ মোদী চৰকাৰৰ অন্যতম মুখ্য মুখ হৈ পৰিছিল।
মমতা বেনাৰ্জী
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৩৪ বছৰীয়া চৰকাৰখন কৰ্তন কৰাৰ পাছত ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়৷ তেওঁ ১৯৯৭ত তেওঁৰ দল তৃণমূল কংগ্ৰেছ আৰম্ভ কৰিছিল আৰু ভাৰতীয় ৰাজনীতিৰ অন্যতম প্ৰধান নেত্ৰী হৈ পৰিছিল। ছোনিয়া গান্ধী ছোনিয়া গান্ধী হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বৰ্তমানৰ অন্তৱৰ্তীকালীন সভাপতি, যি হৈছে দেশৰ আটাইতকৈ শক্তিশালী বিৰোধী দলৰ প্ৰধান নেত্ৰী। ছোনিয়া গান্ধী কংগ্ৰেছ দলৰ আটাইতকৈ দীঘলীয়া সময়ৰ সভাপতি আছিল আৰু ভাৰতৰ নাগৰিকসকলৰ ওপৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এক দীঘলীয়া অৱদানক সময়ে সোঁৱৰণ কৰে৷
জয়াললিতা
জয়াললিতা সৰ্বকালৰ আটাইতকৈ প্ৰসিদ্ধ ভাৰতীয় ৰাজনীতিবিদসকলৰ মাজৰ এগৰাকী। এগৰাকী সফল অভিনেত্ৰী হোৱাৰ পাছত জয়াললিতাই তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে আৰু ১৯৯১ আৰু ২০১৬ৰ ভিতৰত চৈধ্য বছৰতকৈও অধিক সময় তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ মায়াৱতী মায়াৱতী উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ভাৰতৰ অন্যতম শক্তিশালী দলিত নেতা। তেওঁ তেওঁৰ কাৰ্যকালত উত্তৰ প্ৰদেশত বহুতো উন্নয়নমূলক প্ৰকল্পত সমুখৰ পৰা নেতৃত্ব দিছিল, আৰু বৰ্তমান ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ বিৰোধী নেতা হিচাপে বিভিন্ন জ্বলন্ত ইচ্ছ্যুত সৰব হৈ থকা দেখা যায় মায়াৱতীক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক