বিহাৰৰ পৰা উত্তৰ প্ৰদেশলৈ মুছলমান ভোট বিভাজনৰ একেই কৌশল
ডিজিটেল ডেস্ক :
বিজেপিক সহায় কৰিবলৈ গৈ এতিয়া নিজেই অপ্ৰাসংগিক হৈ পৰিবলৈ আৰম্ভ কৰিছে নেকি আছাদুদ্দিন অ’ৱেইছী? উত্তৰ প্ৰদেশ নিৰ্বাচনৰ এগজিট প’লত অ’ৱেইছীয়ে এখনো আসন লাভ কৰা সম্ভাৱনা নাই ধাৰণা কৰা হৈছে। তাৰ পাছতে এতিয়া অ’ৱেইছীক লৈ দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে।

আছাদুদ্দিন অ’ৱেইছী কোন? পোনপটীয়াকৈ এই প্ৰশ্নৰ উত্তৰ দিবলৈ হ’ল তেওঁ হৈছে দেশৰ এগৰাকী সন্মানীয় সাংসদ। তেওঁ অল ইণ্ডিয়া মজলিছ ঈ-ইত্তেহাদুল মুছলিমীন চমুকৈ এআইএমইআইএমৰ নামৰ ৰাজনৈতিক দলটোৰ মুৰব্বী। তেওঁ দেশৰ বিজেপি বিৰোধী শিবিৰৰো এজন অন্যতম চিনাকি মুখ। পিছে কথাবোৰ ইমান পোনপটীয়া নহয়। ইমান সহজো নহয়। তেওঁৰ ৰাজনীতিৰ আঁৰৰ ৰাজনীতিৰ এতিয়া ক্ৰমাৎ পাক খোল খাবলৈ আৰম্ভ কৰিছে।
১০০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি এখনো আসন পোৱাৰ সম্ভাৱনা নাই
বহু চৰ্চিত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাত্ৰ এটা দিন বাকী। সাত মাৰ্চ শেষ পৰ্যায়ৰ নিৰ্বাচন অনু্ষ্ঠিত হোৱাৰ পাছতে বিভিন্ন টেলিভিচন চেনেলে প্ৰকাশ কৰিছিল এগজিট প’ল। তাৰ পাছতে আছাদুদ্দিন অ’ৱেইছীৰ প্ৰসংগ ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে। কিয়নো এই এগজিট প’ল অনুসৰি উত্তৰ প্ৰদেশৰ নিৰ্বাচনত অ’ৱেইছীয়ে এখনো আসন লাভ কৰাৰ সম্ভাৱনা নাই। তেওঁৰ দলে ১০০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেই অনুসৰি ব্যাপক প্ৰচাৰো চলাইছিল। কিন্তু তাৰ পাছতো তেওঁ এখনো আসনত বিজয় নিশ্চিত কৰিবলৈ সক্ষম নোহোৱাটো লক্ষ্যণীয় দিশ হৈ পৰিছে।
কিন্তু আমি যদি কওঁ তেওঁ নিৰ্বাচনত জয়ী হ’বৰ বাবে প্ৰতিদ্বনন্দ্বিতা কৰাই নাছিল। কথাটো প্ৰথমবাৰ শুনিলে কিছু আচহুৱা যেন লাগে যদিও অলপ গমি চালেই আছাদুদ্দিন অ’ৱেইছীৰ আচল উদ্দেশ্য স্পষ্ট হৈ পৰে।

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ ভিতৰত আটাইতকৈ গুৰুত্বপূ্ৰ্ণ। কিয়নো ২০২৪চনৰ লোকসভা নিৰ্বাচনত এই ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে বিশেষ ভূমিকা গ্ৰহণ কৰিব। সেইবাবে উত্তৰ প্ৰদেশত বিজেপিয়ে কোনো ৰিস্ক নোলোৱাটোৱেই স্বাভাৱিক। এইবাৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনত প্ৰধান ইছ্যু হিচাপে বিজেপিয়ে তুলি ধৰিলে হিন্দুত্বক। বাৰানসী, মথুৰাৰ পৰা অযোধ্যালৈকে সকলোতে এইবাৰ হিন্দুত্বৰ জয়ধ্বনি দিলে বিজেপিয়ে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে স্পষ্টকৈয়ে কৈ দিলে এই নিৰ্বাচন আশী শতাংশ হিন্দু বনাম ২০শতাংশ মুছলমানৰ নিৰ্বাচন। এই ঘোষণা স্বাভাৱিকতে ভাৰতৰ দৰে ধৰ্ম নিৰপেক্ষ দেশৰ বাবে শুভ লক্ষণ নহয়। উত্তৰ প্ৰদেশৰ দৰে এখন বিশাল, সমস্যাবহুল ৰাজ্যৰ নিৰ্বাচন ৰামমন্দিৰ, কৃষ্ণৰ জন্মভূমি, মন্দিৰ-মছজিদৰ নামত খেলাটোও নিশ্চয় শুভ লক্ষণ নহয়। কিন্তু এই ৰণ জিকাৰ সৰল গণিত বিজেপিয়ে এতিয়া শিকি পেলাইছে আৰু তাকেই তেওঁলোকে উত্তৰ প্ৰদেশতো প্ৰয়োগ কৰিছে।
হিন্দু আৰু মুছলমানৰ স্পষ্ট বিভাজনে এটা তাত ক’ভি[ৰ সময়ত গংগাত হাজাৰ হাজাৰ শৱ উটি অহা, কৃষক বিদ্ৰোহ, নিবনুৱা সমস্যা, দলিতৰ ওপৰত নিৰ্যাতন, অপৰাধ আদিৰ দৰে বিষয়বোৰ ঢাকি পেলালে আৰু বিজেপিৰ পথ সুগম কৰি পেলালে।
ইফালে, প্ৰধান প্ৰতিদ্বন্দ্বী অখিলেশ যাদৱক অমিত শ্বাহকে ধৰি বিজেপি নেকতাসকলে চিহ্নিত কৰিলে মুছলমান-যাদৱৰ নেতা বুলি। দলিত ভোটৰ ওপৰত নিজৰ দখল প্ৰতিপন্ন কৰিবলৈ আগবাঢ়োতেই অখিলেশৰ সন্মুখত থিয় দিলে মায়াৱতীয়ে। যিয়ে বিজেপিৰ হৈ নিৰ্বাচন খেলা বুলি নিৰ্বাচনৰ সময়ত ব্যাপক চৰ্চা চলিছিল। খোদ গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁক প্ৰশংসাও কৰিছিল। গতিকে আৰু এখোজ সহজ হৈছিল বিজেপিৰ বাবে। এইবাৰ আহিল মুছলমান ভোটৰ প্ৰসংগ। অখিলেশৰ হাতৰ পৰা মুছলমান ভোট ভাঙিবলৈ প্ৰয়োজন হৈছিল এজন শিখণ্ডীৰ। এই শিখণ্ডীৰ ৰূপতেই যেন আত্মপ্ৰকাশ কৰিলে আছাদুদ্দিন অ’ৱেইছীয়ে।
তেওঁৰ লক্ষ্য বিজেপি নহয়, বিজেপিৰ বাবে প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰা দলহে
আছাদুদ্দিন অৱেইছীৰ মূল লক্ষ্য আছিল মুছলমান ভোটাৰৰ মাজত বিভাজন সৃষ্টি কৰি পৰোক্ষভাৱে বিজেপিক সহায় কৰা। তীব্ৰ সাম্প্ৰদায়িক কথা-বতৰা, ভাষণ, কাৰ্য কলাপেৰে তেওঁ বিভিন্ন সময়ত সংবাদ শিৰোনামো দখল কৰিছিল। লক্ষ্যণীয় বিষয়টো হৈছে যে তেওঁৰ লক্ষ্য বিজেপি নহয় বিজেপিৰ বাবে প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰা দল বা মিত্ৰজোঁটবোৰহে। ইয়াৰ পূৰ্বে তেওঁ বিহাৰ বিধানসভাৰ নিৰ্বাচনতো একেই ভূমিকাত অৱতীৰ্ণ হৈছিল। বিহাৰত তেওঁৰ মূল লক্ষ্য আছিল আৰজেডি-কংগ্ৰেছ মিত্ৰজোঁট। বিহাৰত তেওঁৰ দলে পাঁচখন আসন লাভ কৰিছিল যদিও তেওঁৰ উপস্থিতিৰ প্ৰভাৱ পৰিছিল আন ভালেমান আসনত। যাৰ বাবে আৰজেডি-কংগ্ৰেছ মিত্ৰজোঁটে সামান্য ব্যৱধানৰ বাবে চৰকাৰ গঠন কৰিব পৰা নাছিল। একেদৰে পশ্চিমবংগ বিধানসভা নিৰ্বাচনতো তেওঁৰ উপস্থিতি দেখিবলৈ পোৱা গৈছিল যদিও তেওঁ বৰ প্ৰভাৱশালী হব নোৱাৰিলে। আনকি অসমৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা হোৱাৰ পাছত অসমতো তেওঁৰ আত্মপ্ৰকাশৰ এটা বা বলিছিল যদিও সেয়া হৈ নুঠিল বা বিজেপিক সেয়া প্ৰয়োজন নহল। কিন্তু সকলো স্পৰ্শকাতৰ নিৰ্বাচনতে বিজেপিৰ ঢাল হৈয়েই যে আছাদুদ্দিন ওৱেইছী নামৰ এই তথাকথিত সংখ্যালঘু নেতাজনে কাম কৰি আহিছে সেয়া স্পষ্ট হৈ পৰিছে।
এআইইউডিএফৰ দলৰো হ’ব একেই দশা!
এইবাৰ পিছে উত্তৰ প্ৰদেশত তেওঁৰ চাল নচলিল যেন লাগে। কিয়নো দেখা গল যে এগজিট পোলত তেওঁ এখনো আসন লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা নাই। কিন্তু নিজে আসন নিজিকিলেও সমাজবাদী পাৰ্টীৰ আসনৰ সংখ্যা হ্ৰাস কৰি তেওঁ বিজেপিৰ উপকাৰ সাধিব পাৰে। অৱশ্যে ১০ মাৰ্চত ফলাফল ঘোষণাৰ দিনাহে সেইকথা স্পষ্ট হৈ পৰিব। উন্নয়ন, প্ৰগতিৰ দৰে অতীৱ প্ৰয়োজনীয় ৰাজনীতি বাদ দি বিজেপিৰ শিখণ্ডী হৈ কাম কৰাৰ অৱেইছীৰ দৰে নেতাৰ এই প্ৰৱণতাক এদিন প্ৰগতিশীল ভোটাৰে নিশ্চয় বুজি উঠিব আৰু তেতিয়াই তেওঁলোক ভোটাৰ দ্বাৰা প্ৰত্যাখ্যিত হৈ লাহে লাহে অপ্ৰাসংগিক হৈ পৰিব। অসমৰ প্ৰেক্ষাপটত বদৰুদ্দিন আজমলৰ এআইইউডিএফৰ দৰে দলেও অৱেইছীৰ পৰিণতিৰ পৰা শিক্ষা লবলগীয়া নিশ্চয় আছে।