--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদে বেৰি ধৰিছে  মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজজুক। ভাৰতীয় পৰ্যটকে পিঠি দিয়াৰ পিছত এতিয়া ৰ্ষ্ট্ৰপতিগৰাকীয়ে চীনৰ সহায় বিচাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মালদ্বীপৰ একাংশ   মন্ত্ৰীয়ে কৰা অপমানজনক মন্তব্যক লৈ কূটনৈতিক বিৰোধিতা আৰম্ভ হোৱাৰ পিছতে ভাৰতীয় পৰ্যটকে মালদ্বীপ ভ্ৰমণ বাতিল কৰিছে।এনে পৰিস্থিতিৰ মাজতে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৱে মঙলবাৰে চীনক তেওঁৰ দেশলৈ অধিক পৰ্যটক প্ৰেৰণৰ প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়। 

পাঁচদিনীয়া চীন ভ্ৰমণ যোৱা  মুইজজুৱে চীনক দ্বীপৰাষ্ট্ৰ খনৰ  "নিকটতম" সহযোগী বুলি অভিহিত কৰে আৰু ইয়াৰ বেল্ট এণ্ড ৰোড ইনিছিয়েটিভ (বিআৰআই) প্ৰকল্পৰ প্ৰশংসা কৰে। মুইজজুৱে কয় যে চীনে "মালদ্বীপৰ ইতিহাসত প্ৰত্যক্ষ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক  প্ৰকল্পসমূহ প্ৰদান কৰিছে"। তেওঁ লগতে কয় যে তেওঁৰ প্ৰশাসন চীনৰ সৈতে স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ  দ্ৰুত ৰূপায়ণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।  

তেওঁ এই চুক্তিক  দুয়োখন দেশৰ মাজত ঘনিষ্ঠ বাণিজ্যিক সম্পৰ্কৰ প্ৰতীক হিচাপে অভিহিত কৰে।" মঙলবাৰে ফুজিয়ান প্ৰদেশত মালদ্বীপ ব্যৱসায় মঞ্চত ভাষণ প্ৰদান কৰি  মুইজজুৱে এনেদৰে মন্তব্য কৰে। তেওঁ চীনক মালদ্বীপলৈ দেশ খনৰ পৰ্যটকৰ সোঁত  শক্তিশালী কৰিবলৈ আহ্বান জনায়। কাৰণ মালদ্বীপৰ  অৰ্থনীতি পৰ্যটনৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল।উল্লেখ্য প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মালদ্বীপৰ কেইজনমান মন্ত্ৰীয়ে মোদীৰ শেহতীয়া লাক্ষাদ্বীপ ভ্ৰমণকলৈ কটু মন্তব্য কৰিছিল। 

 মোদীয়ে  সাগৰৰ পাৰৰ এটা ভিডিঅ' পোষ্ট কৰাৰ পিছত  মালদ্বীপৰ মন্ত্ৰীয়ে অপমানজনক মন্তব্যৰ কৰিছিল। ফলত ভাৰত-মালদ্বীপৰ সম্পৰ্ক তিক্ত হৈ পৰে।   মালদ্বীপ পৰ্যটন মন্ত্ৰালয়ে পূৰ্বে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰত ২০২৩  চনত দেশখনৰ বাবে সৰ্ববৃহৎ পৰ্যটন বজাৰ হৈ আছিল।তাৰ পিছতে  আছিল  ৰাছিয়া আৰু চীন। অৱশ্যে, শেহতীয়া বিতৰ্কৰ ফলত ভাৰতীয় পৰ্যটকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহু ভাৰতীয়ই মালদ্বীপলৈ তেওঁলোকৰ বুকিং বাতিল কৰিছে। ।ইপিনে  বিদেশ ভ্ৰমণ কৰা চীনা পৰ্যটকসকলে এতিয়া অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে নিজৰ ভ্ৰমণ  সীমাবদ্ধ কৰি ৰাখিছে।সেয়ে বিপদত পৰিছে মালদ্বীপৰ চৰকাৰ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে