--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদে বেৰি ধৰিছে  মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজজুক। ভাৰতীয় পৰ্যটকে পিঠি দিয়াৰ পিছত এতিয়া ৰ্ষ্ট্ৰপতিগৰাকীয়ে চীনৰ সহায় বিচাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মালদ্বীপৰ একাংশ   মন্ত্ৰীয়ে কৰা অপমানজনক মন্তব্যক লৈ কূটনৈতিক বিৰোধিতা আৰম্ভ হোৱাৰ পিছতে ভাৰতীয় পৰ্যটকে মালদ্বীপ ভ্ৰমণ বাতিল কৰিছে।এনে পৰিস্থিতিৰ মাজতে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৱে মঙলবাৰে চীনক তেওঁৰ দেশলৈ অধিক পৰ্যটক প্ৰেৰণৰ প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়। 

পাঁচদিনীয়া চীন ভ্ৰমণ যোৱা  মুইজজুৱে চীনক দ্বীপৰাষ্ট্ৰ খনৰ  "নিকটতম" সহযোগী বুলি অভিহিত কৰে আৰু ইয়াৰ বেল্ট এণ্ড ৰোড ইনিছিয়েটিভ (বিআৰআই) প্ৰকল্পৰ প্ৰশংসা কৰে। মুইজজুৱে কয় যে চীনে "মালদ্বীপৰ ইতিহাসত প্ৰত্যক্ষ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক  প্ৰকল্পসমূহ প্ৰদান কৰিছে"। তেওঁ লগতে কয় যে তেওঁৰ প্ৰশাসন চীনৰ সৈতে স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ  দ্ৰুত ৰূপায়ণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।  

তেওঁ এই চুক্তিক  দুয়োখন দেশৰ মাজত ঘনিষ্ঠ বাণিজ্যিক সম্পৰ্কৰ প্ৰতীক হিচাপে অভিহিত কৰে।" মঙলবাৰে ফুজিয়ান প্ৰদেশত মালদ্বীপ ব্যৱসায় মঞ্চত ভাষণ প্ৰদান কৰি  মুইজজুৱে এনেদৰে মন্তব্য কৰে। তেওঁ চীনক মালদ্বীপলৈ দেশ খনৰ পৰ্যটকৰ সোঁত  শক্তিশালী কৰিবলৈ আহ্বান জনায়। কাৰণ মালদ্বীপৰ  অৰ্থনীতি পৰ্যটনৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল।উল্লেখ্য প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মালদ্বীপৰ কেইজনমান মন্ত্ৰীয়ে মোদীৰ শেহতীয়া লাক্ষাদ্বীপ ভ্ৰমণকলৈ কটু মন্তব্য কৰিছিল। 

 মোদীয়ে  সাগৰৰ পাৰৰ এটা ভিডিঅ' পোষ্ট কৰাৰ পিছত  মালদ্বীপৰ মন্ত্ৰীয়ে অপমানজনক মন্তব্যৰ কৰিছিল। ফলত ভাৰত-মালদ্বীপৰ সম্পৰ্ক তিক্ত হৈ পৰে।   মালদ্বীপ পৰ্যটন মন্ত্ৰালয়ে পূৰ্বে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰত ২০২৩  চনত দেশখনৰ বাবে সৰ্ববৃহৎ পৰ্যটন বজাৰ হৈ আছিল।তাৰ পিছতে  আছিল  ৰাছিয়া আৰু চীন। অৱশ্যে, শেহতীয়া বিতৰ্কৰ ফলত ভাৰতীয় পৰ্যটকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহু ভাৰতীয়ই মালদ্বীপলৈ তেওঁলোকৰ বুকিং বাতিল কৰিছে। ।ইপিনে  বিদেশ ভ্ৰমণ কৰা চীনা পৰ্যটকসকলে এতিয়া অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে নিজৰ ভ্ৰমণ  সীমাবদ্ধ কৰি ৰাখিছে।সেয়ে বিপদত পৰিছে মালদ্বীপৰ চৰকাৰ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ