--°C
Loading...
Listen to Article
2 min read
80%

ঘেঁহু ৰপ্তানিকাৰী দেশবোৰৰ ভিতৰত ইউক্ৰেইন আছে পঞ্চম স্থানত

ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ প্ৰভাৱ কেৱল দুয়োখন দেশৰ মাজতে সীমাবদ্ধ নহয়, সমগ্ৰ বিশ্বই এতিয়া অৰ্থনৈতিকভাৱে এই যুদ্ধৰ পৰিণামৰ সন্মুখীন হ’বলগা হৈছে। ৰাছিয়া হৈছে খাদ্য-শস্য, খাৰুৱা তেল, ঔদ্যোগিক ধাতুৰ এক বৃহৎ ৰপ্তানি দেশ। যুদ্ধৰ ফলত এই সামগ্ৰীসমূহ যোগানত বিপদাপন্ন হৈছে, যাৰ ফলত বিশ্বব্যাপী খাদ্য সামগ্ৰীৰ মূল্য আকাশলংঘী হোৱাৰ আশংকা কৰা হৈছে।ভাৰতকে ধৰি বিশ্বজুৰি ঘেঁহুৰ মূল্যবৃদ্ধি, চীন-ভাৰতৰ পিছতে আটাইতকৈ বেছি উৎপাদন হোৱা দেশ হৈছে ৰাছিয়া। চীন আৰু ভাৰতৰ পিছত ৰাছিয়া হৈছে ঘেঁহুৰ সৰ্ববৃহৎ উৎপাদন কৰা দেশ। ৰাছিয়া আৰু ইউক্ৰেইনৰ ঘেঁহু ৰপ্তানিও প্ৰভাৱিত হৈছে যুদ্ধৰ পৰিপ্ৰেক্ষিতত। ঘেঁহু ৰপ্তানিকাৰী দেশসমূহৰ ভিতৰত ইউক্ৰেইন আছে পঞ্চম স্থানত। ২১-২২ বৰ্ষত ভাৰতত ঘেঁহুৰ অভিলেখ উৎপাদনৰ আকলন প্ৰকাশ কৰিছে। কিন্তু বিশ্বব্যাপী ইয়াৰ বৰ্ধিত মূল্য দেখি, বৃহৎ পৰিমাণত ঘেঁহু ৰপ্তানি কৰাৰ প্ৰস্তুতি কৰা হৈছে, যাৰ ফলত ঘৰুৱা বজাৰত ইয়াৰ মূল্যবৃদ্ধি সম্ভাৱনা আছে। বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ ইন্দোৰত ঘেঁহু প্ৰতি কুইন্টলত ২,৪০০ টকাত বিক্ৰী কৰা হৈছিল। কিন্তু শুকুৰবাৰে ইয়াৰ মূল্য দ্ৰুতগতিত বৃদ্ধি হৈ প্ৰতি কুইন্টলত ২,৪০০ৰ পৰা ২,৫০০ টকা হয়গৈ। শেহতীয়াকৈ স্থানীয় বজাৰত ঘেঁহু প্ৰতি কুইন্টলত ২০০০ টকা হাৰত বিক্ৰী কৰা হৈছিল। ঘেঁহুৰ নিম্নতম সমৰ্থন মূল্য (এমএছপি) ২২-২৩ বছৰৰ বাবে প্ৰতি কুইন্টলত ২,০১৫ টকা নিৰ্ধাৰণ কৰা হৈছে আৰু কৃষকসকলে সাধাৰণতে একে হাৰত ঘেঁহু বিক্ৰী কৰিবলৈ পছন্দ কৰে কিন্তু এতিয়া বজাৰে এমএছপিতকৈ অধিক মূল্য লাভ কৰিছে। ব্যৱসায়ীসকলে আইএএনএছক কৈছিল যে এমএছপিৰ ওপৰত ঘেঁহুৰ মূল্যই সূচায় যে চৰকাৰে এইবাৰ কৃষকসকলৰ পৰা কম পৰিমাণৰ ঘেঁহু পাবলৈ সক্ষম হ'ব। তেওঁ কয় যে ঘেঁহুৰ মূল্য যিধৰণে বৃদ্ধি পাইছে, মাণ্ডিত ঘেঁহুৰ আগমনো হ্ৰাস পাব কিয়নো ক্ৰেতাই ইয়াক কৃষকৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰিব। ১৬ ফেব্ৰুৱাৰীত কৃষি মন্ত্ৰালয়ে প্ৰকাশ কৰা দ্বিতীয় আগতীয়া আকলন অনুসৰি ২০২১-২২ বৰ্ষত ঘেঁহুৰ অভিলেখ উৎপাদন হৈছে। দেশত ঘেঁহুৰ উৎপাদন ১১১.৩২ নিযুত টন হ'ব বুলি অনুমান কৰা হৈছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনৰ কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ (এপিইডিএ) তথ্য অনুসৰি ভাৰতে ২০২০-২১ বৰ্ষত ২০,৮৮,৪৮৭.৬৬ মেট্ৰিক টন ঘেঁহু ৰপ্তানি কৰিছিল, যাৰ মূল্য আছিল প্ৰায় ৪,০৩৭.৬০ কোটি টকা। ভাৰতে মুখ্যতঃ নেপাল, বাংলাদেশ, ইউএই, শ্ৰীলংকা আৰু য়েমেনলৈ ঘেঁহু ৰপ্তানি কৰে। প্ৰতিবেদন অনুসৰি, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ বাবে ঘেঁহুৰ বিশ্বব্যাপী যোগান বিপদাপন্ন হৈছে আৰু ইয়াৰ বাবে এপিইডিএ-য়ে এতিয়া সংশ্লিষ্ট দেশ আৰু ৰপ্তানিকৰ্তাসকলৰ সৈতে আন দেশলৈও ঘেঁহু ৰপ্তানি কৰাৰ বাবে আলোচনা কৰি আছে। বিশ্বব্যাপী ঘেঁহুৰ মূল্য ১০ বছৰৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ