--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ঘেঁহু ৰপ্তানিকাৰী দেশবোৰৰ ভিতৰত ইউক্ৰেইন আছে পঞ্চম স্থানত

ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ প্ৰভাৱ কেৱল দুয়োখন দেশৰ মাজতে সীমাবদ্ধ নহয়, সমগ্ৰ বিশ্বই এতিয়া অৰ্থনৈতিকভাৱে এই যুদ্ধৰ পৰিণামৰ সন্মুখীন হ’বলগা হৈছে। ৰাছিয়া হৈছে খাদ্য-শস্য, খাৰুৱা তেল, ঔদ্যোগিক ধাতুৰ এক বৃহৎ ৰপ্তানি দেশ। যুদ্ধৰ ফলত এই সামগ্ৰীসমূহ যোগানত বিপদাপন্ন হৈছে, যাৰ ফলত বিশ্বব্যাপী খাদ্য সামগ্ৰীৰ মূল্য আকাশলংঘী হোৱাৰ আশংকা কৰা হৈছে।ভাৰতকে ধৰি বিশ্বজুৰি ঘেঁহুৰ মূল্যবৃদ্ধি, চীন-ভাৰতৰ পিছতে আটাইতকৈ বেছি উৎপাদন হোৱা দেশ হৈছে ৰাছিয়া। চীন আৰু ভাৰতৰ পিছত ৰাছিয়া হৈছে ঘেঁহুৰ সৰ্ববৃহৎ উৎপাদন কৰা দেশ। ৰাছিয়া আৰু ইউক্ৰেইনৰ ঘেঁহু ৰপ্তানিও প্ৰভাৱিত হৈছে যুদ্ধৰ পৰিপ্ৰেক্ষিতত। ঘেঁহু ৰপ্তানিকাৰী দেশসমূহৰ ভিতৰত ইউক্ৰেইন আছে পঞ্চম স্থানত। ২১-২২ বৰ্ষত ভাৰতত ঘেঁহুৰ অভিলেখ উৎপাদনৰ আকলন প্ৰকাশ কৰিছে। কিন্তু বিশ্বব্যাপী ইয়াৰ বৰ্ধিত মূল্য দেখি, বৃহৎ পৰিমাণত ঘেঁহু ৰপ্তানি কৰাৰ প্ৰস্তুতি কৰা হৈছে, যাৰ ফলত ঘৰুৱা বজাৰত ইয়াৰ মূল্যবৃদ্ধি সম্ভাৱনা আছে। বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ ইন্দোৰত ঘেঁহু প্ৰতি কুইন্টলত ২,৪০০ টকাত বিক্ৰী কৰা হৈছিল। কিন্তু শুকুৰবাৰে ইয়াৰ মূল্য দ্ৰুতগতিত বৃদ্ধি হৈ প্ৰতি কুইন্টলত ২,৪০০ৰ পৰা ২,৫০০ টকা হয়গৈ। শেহতীয়াকৈ স্থানীয় বজাৰত ঘেঁহু প্ৰতি কুইন্টলত ২০০০ টকা হাৰত বিক্ৰী কৰা হৈছিল। ঘেঁহুৰ নিম্নতম সমৰ্থন মূল্য (এমএছপি) ২২-২৩ বছৰৰ বাবে প্ৰতি কুইন্টলত ২,০১৫ টকা নিৰ্ধাৰণ কৰা হৈছে আৰু কৃষকসকলে সাধাৰণতে একে হাৰত ঘেঁহু বিক্ৰী কৰিবলৈ পছন্দ কৰে কিন্তু এতিয়া বজাৰে এমএছপিতকৈ অধিক মূল্য লাভ কৰিছে। ব্যৱসায়ীসকলে আইএএনএছক কৈছিল যে এমএছপিৰ ওপৰত ঘেঁহুৰ মূল্যই সূচায় যে চৰকাৰে এইবাৰ কৃষকসকলৰ পৰা কম পৰিমাণৰ ঘেঁহু পাবলৈ সক্ষম হ'ব। তেওঁ কয় যে ঘেঁহুৰ মূল্য যিধৰণে বৃদ্ধি পাইছে, মাণ্ডিত ঘেঁহুৰ আগমনো হ্ৰাস পাব কিয়নো ক্ৰেতাই ইয়াক কৃষকৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰিব। ১৬ ফেব্ৰুৱাৰীত কৃষি মন্ত্ৰালয়ে প্ৰকাশ কৰা দ্বিতীয় আগতীয়া আকলন অনুসৰি ২০২১-২২ বৰ্ষত ঘেঁহুৰ অভিলেখ উৎপাদন হৈছে। দেশত ঘেঁহুৰ উৎপাদন ১১১.৩২ নিযুত টন হ'ব বুলি অনুমান কৰা হৈছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনৰ কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ (এপিইডিএ) তথ্য অনুসৰি ভাৰতে ২০২০-২১ বৰ্ষত ২০,৮৮,৪৮৭.৬৬ মেট্ৰিক টন ঘেঁহু ৰপ্তানি কৰিছিল, যাৰ মূল্য আছিল প্ৰায় ৪,০৩৭.৬০ কোটি টকা। ভাৰতে মুখ্যতঃ নেপাল, বাংলাদেশ, ইউএই, শ্ৰীলংকা আৰু য়েমেনলৈ ঘেঁহু ৰপ্তানি কৰে। প্ৰতিবেদন অনুসৰি, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ বাবে ঘেঁহুৰ বিশ্বব্যাপী যোগান বিপদাপন্ন হৈছে আৰু ইয়াৰ বাবে এপিইডিএ-য়ে এতিয়া সংশ্লিষ্ট দেশ আৰু ৰপ্তানিকৰ্তাসকলৰ সৈতে আন দেশলৈও ঘেঁহু ৰপ্তানি কৰাৰ বাবে আলোচনা কৰি আছে। বিশ্বব্যাপী ঘেঁহুৰ মূল্য ১০ বছৰৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
ইজৰাইলৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ
যোৰহাটত ড্ৰাগছ আসক্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দুজন
আজি বিশ্ব সংগীত দিৱস ; জানেনে সংগীত দিৱস কিয় বিশেষ?
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত