--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিজাব বিৰোধী বিতৰ্ক এতিয়াও শাম কটা নাই। এই সম্পৰ্কীয় বিতৰ্কত লিপ্ত হৈ এইবাৰ গোচৰৰ সন্মুখীন হৈছে এগৰাকী সাংবাদিক। কৰ্ণাটকৰ ধাৰৱাড জিলাত সাংবাদিক তথা লেখিকা ৰাণা আয়ুবৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। এটা টেলিভিচন চেনেলত দিয়া সাক্ষাৎকাৰৰ সময়ত কৰ্ণাটকৰ হিজাব বিৰোধী প্ৰতিবাদকাৰীসকলক 'হিন্দু সন্ত্ৰাসবাদী' বুলি অভিহিত কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল।

কৰ্ণাটকৰ হিজাববিৰোধী প্ৰতিবাদকাৰীসকলক 'সন্ত্ৰাসবাদী' বুলি অভিহিত কৰিছিল

আইনী উপায়েৰে হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবী কৰা সংগঠন হিন্দু আইটি চেলৰ এজন স্বেচ্ছাসেৱক অশ্বথৰ অভিযোগৰ পাছত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯৫ (ক)ৰ(ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ উদ্দেশ্যে কৰা কাৰ্য) অধীনত গোচৰ ৰুজু কৰা হৈছে ৰাণা আয়ুবৰ বিৰুদ্ধে। তেওঁ অভিযোগ কৰিছে যে, ৰাণা আয়ুবে বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৰ্ণাটকৰ হিজাববিৰোধী প্ৰতিবাদকাৰীসকলক 'সন্ত্ৰাসবাদী' বুলি অভিহিত কৰিছিল। অভিযোগটোত ৰাণা আয়ুবৰ উদ্ধৃতি দি কোৱা হৈছে, 'মহিলাসকলে দীৰ্ঘদিন ধৰি হিজাব পিন্ধি আহিছে৷ গতিকে হঠাতে সেই বিষয়টোৰ বাবে যুৱ ছাত্ৰ, যুৱ সন্ত্ৰাসবাদীৰ দলটোৱে কিয় কৰ্ণাটকৰ শিক্ষানুষ্ঠানত এখনত গেৰুৱা পতাকা উত্তোলন কৰিছে, ইয়াৰ অৰ্থ কি?'

ৰাণা আয়ুবৰ বিৰুদ্ধে কমেও পাঁচটা একে ধৰণৰ অভিযোগ দাখিল কৰা হৈছি

যদিও অভিযোগটো ২১ ফেব্ৰুৱাৰীত আৰক্ষী চকীলৈ প্ৰেৰণ কৰা হৈছিল, ধাৰৱাডৰ বিদ্যাগিৰি আৰক্ষী থানাত শুক্ৰবাৰে, ৪ মাৰ্চতহে এজাহাৰ দিয়া হৈছিল। হিন্দু আইটি চেলে দাবী কৰিছিল যে ভিডিঅ'টোত তেওঁৰ মন্তব্যৰ বাবে ৰাণা আয়ুবৰ বিৰুদ্ধে কমেও পাঁচটা একে ধৰণৰ অভিযোগ দাখিল কৰা হৈছিল। অভিযোগটোত উল্লেখ কৰা ভিডিঅ' সাক্ষাৎকাৰটো 'ৰাণা আয়ুব' নামৰ এটা ইউটিউব একাউণ্টৰ পৰা আৰু ইয়াক ১০ ফেব্ৰুৱাৰীত আপলোড কৰা হৈছিল। ভিডিঅ'টোত, ৰাণা আয়ুবে কৰ্ণাটকৰ শিক্ষানুষ্ঠানসমূহত হিজাব পৰিধানত বাধা আৰোপ কৰা শেহতীয়া বিতৰ্কৰ বিষয়ে আলোচনা কৰিছিল। গোচৰ ৰুজু কৰা সম্পৰ্কীয় ঘটনা সম্পৰ্কত সঁহাৰি প্ৰকাশ কৰি ৰাণা আয়ুবে টুইটাৰযোগে কয়, 'হিজাব নিষেধাজ্ঞা আৰু মুছলমান মহিলাসকলক ভয় দেখুওৱা সন্দৰ্ভত মোৰ সাক্ষাৎকাৰত 'হিন্দুৰ আৱেগক আঘাত কৰাৰ' বাবে কৰ্ণাটকত একেটা হিন্দু সোঁপন্থী গোটে মোৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু কৰিছে। কিন্তু ইয়াৰ জৰিয়তে চৰকাৰ আৰু তেওঁলোকৰ সহযোগী সকলে মোক সত্য কোৱাৰ পৰা বাধা দিব নোৱাৰিব৷'
FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলতান-মোগলৰ শাসন আছিল নিষ্ঠুৰ
সত্যজিৎ ৰয়ৰ ঐতিহাসিক বাসভৱন ভাঙিছে বাংলাদেশ চৰকাৰে
দক্ষিণ ছিৰিয়াত ড্ৰুজ সম্প্ৰদায়ৰ লোকৰ হত্যাৰ প্ৰতিশোধ ; ডামাস্কাছত ইজৰাইলৰ শক্তিশালী বিমান আক্রমণ
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে