--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিজাব বিৰোধী বিতৰ্ক এতিয়াও শাম কটা নাই। এই সম্পৰ্কীয় বিতৰ্কত লিপ্ত হৈ এইবাৰ গোচৰৰ সন্মুখীন হৈছে এগৰাকী সাংবাদিক। কৰ্ণাটকৰ ধাৰৱাড জিলাত সাংবাদিক তথা লেখিকা ৰাণা আয়ুবৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। এটা টেলিভিচন চেনেলত দিয়া সাক্ষাৎকাৰৰ সময়ত কৰ্ণাটকৰ হিজাব বিৰোধী প্ৰতিবাদকাৰীসকলক 'হিন্দু সন্ত্ৰাসবাদী' বুলি অভিহিত কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল।

কৰ্ণাটকৰ হিজাববিৰোধী প্ৰতিবাদকাৰীসকলক 'সন্ত্ৰাসবাদী' বুলি অভিহিত কৰিছিল

আইনী উপায়েৰে হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবী কৰা সংগঠন হিন্দু আইটি চেলৰ এজন স্বেচ্ছাসেৱক অশ্বথৰ অভিযোগৰ পাছত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯৫ (ক)ৰ(ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ উদ্দেশ্যে কৰা কাৰ্য) অধীনত গোচৰ ৰুজু কৰা হৈছে ৰাণা আয়ুবৰ বিৰুদ্ধে। তেওঁ অভিযোগ কৰিছে যে, ৰাণা আয়ুবে বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৰ্ণাটকৰ হিজাববিৰোধী প্ৰতিবাদকাৰীসকলক 'সন্ত্ৰাসবাদী' বুলি অভিহিত কৰিছিল। অভিযোগটোত ৰাণা আয়ুবৰ উদ্ধৃতি দি কোৱা হৈছে, 'মহিলাসকলে দীৰ্ঘদিন ধৰি হিজাব পিন্ধি আহিছে৷ গতিকে হঠাতে সেই বিষয়টোৰ বাবে যুৱ ছাত্ৰ, যুৱ সন্ত্ৰাসবাদীৰ দলটোৱে কিয় কৰ্ণাটকৰ শিক্ষানুষ্ঠানত এখনত গেৰুৱা পতাকা উত্তোলন কৰিছে, ইয়াৰ অৰ্থ কি?'

ৰাণা আয়ুবৰ বিৰুদ্ধে কমেও পাঁচটা একে ধৰণৰ অভিযোগ দাখিল কৰা হৈছি

যদিও অভিযোগটো ২১ ফেব্ৰুৱাৰীত আৰক্ষী চকীলৈ প্ৰেৰণ কৰা হৈছিল, ধাৰৱাডৰ বিদ্যাগিৰি আৰক্ষী থানাত শুক্ৰবাৰে, ৪ মাৰ্চতহে এজাহাৰ দিয়া হৈছিল। হিন্দু আইটি চেলে দাবী কৰিছিল যে ভিডিঅ'টোত তেওঁৰ মন্তব্যৰ বাবে ৰাণা আয়ুবৰ বিৰুদ্ধে কমেও পাঁচটা একে ধৰণৰ অভিযোগ দাখিল কৰা হৈছিল। অভিযোগটোত উল্লেখ কৰা ভিডিঅ' সাক্ষাৎকাৰটো 'ৰাণা আয়ুব' নামৰ এটা ইউটিউব একাউণ্টৰ পৰা আৰু ইয়াক ১০ ফেব্ৰুৱাৰীত আপলোড কৰা হৈছিল। ভিডিঅ'টোত, ৰাণা আয়ুবে কৰ্ণাটকৰ শিক্ষানুষ্ঠানসমূহত হিজাব পৰিধানত বাধা আৰোপ কৰা শেহতীয়া বিতৰ্কৰ বিষয়ে আলোচনা কৰিছিল। গোচৰ ৰুজু কৰা সম্পৰ্কীয় ঘটনা সম্পৰ্কত সঁহাৰি প্ৰকাশ কৰি ৰাণা আয়ুবে টুইটাৰযোগে কয়, 'হিজাব নিষেধাজ্ঞা আৰু মুছলমান মহিলাসকলক ভয় দেখুওৱা সন্দৰ্ভত মোৰ সাক্ষাৎকাৰত 'হিন্দুৰ আৱেগক আঘাত কৰাৰ' বাবে কৰ্ণাটকত একেটা হিন্দু সোঁপন্থী গোটে মোৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু কৰিছে। কিন্তু ইয়াৰ জৰিয়তে চৰকাৰ আৰু তেওঁলোকৰ সহযোগী সকলে মোক সত্য কোৱাৰ পৰা বাধা দিব নোৱাৰিব৷'

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ