--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতলৈ আহি আছে সংগীত জগতৰ মহা তাৰকা এড শ্বীৰাণ। ৩২ বছৰীয়া ব্ৰিটিছ কণ্ঠশিল্পীগৰাকীয়ে তৃতীয়বাৰৰ বাবে ভাৰতলৈ আহিব। ২০২৪ চনৰ ১৬ মাৰ্চত তেওঁৰ দ্য মেথেমেটিক্স এছিয়া ট্যুৰৰ অংশ হিচাপে মুম্বাইত অনুষ্ঠান পৰিৱেশন কৰিব শ্বীৰানে।

মহালক্ষ্মী ৰেচকোৰ্চত অনুষ্ঠিত হ’বলগীয়া শ্বীৰাণৰ কনচাৰ্টৰ গ্ৰেণ্ড ফিনালে হ’ব মুম্বাই শ্ব’। মহালক্ষ্মী ৰেচকোৰ্চত অনুষ্ঠিত হ’বলগীয়া শ্বীৰাণৰ কনচাৰ্টৰ টিকটৰ সাধাৰণ বিক্ৰী ২০২৩ চনৰ ২৭ অক্টোবৰত লাইভ হোৱাৰ কথা আৰু ২৫ অক্টোবৰত টিকটৰ প্ৰি-চেল লাইভ হোৱাৰ কথা।

ইয়াৰ পূৰ্বে ২০১৫ আৰু ২০১৭ চনত ভাৰতলৈ আহিছিল এড শ্বীৰাণ। ভাৰতলৈ আহি ২০২৩ চনত বহুকেইজন আন্তঃৰাষ্ট্ৰীয় শিল্পীয়ে গীত পৰিৱেশন কৰিছে। এই বছৰ মুম্বাইকে ধৰি বিভিন্ন চহৰত ষ্ট্ৰ’কছ, জেকচন ৱাং, আৰু দ্য বেকষ্ট্ৰীট বয়ছে গীতৰ অনুষ্ঠান কৰিছে। ২০২৩ চনৰ নৱেম্বৰ মাহত আইৰিছ পপ গ্ৰুপ ৱেষ্টলাইফেও অনুষ্ঠান পৰিৱেশন কৰাৰ কথা।

২০১৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে এছিয়াত কণ্ঠদান কৰিব শ্বীৰানে। যোৱা বছৰ তেওঁ সমগ্ৰ ইউৰোপত দীৰ্ঘদিনীয়া ভ্ৰমণ কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক