--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতলৈ আহি আছে সংগীত জগতৰ মহা তাৰকা এড শ্বীৰাণ। ৩২ বছৰীয়া ব্ৰিটিছ কণ্ঠশিল্পীগৰাকীয়ে তৃতীয়বাৰৰ বাবে ভাৰতলৈ আহিব। ২০২৪ চনৰ ১৬ মাৰ্চত তেওঁৰ দ্য মেথেমেটিক্স এছিয়া ট্যুৰৰ অংশ হিচাপে মুম্বাইত অনুষ্ঠান পৰিৱেশন কৰিব শ্বীৰানে।

মহালক্ষ্মী ৰেচকোৰ্চত অনুষ্ঠিত হ’বলগীয়া শ্বীৰাণৰ কনচাৰ্টৰ গ্ৰেণ্ড ফিনালে হ’ব মুম্বাই শ্ব’। মহালক্ষ্মী ৰেচকোৰ্চত অনুষ্ঠিত হ’বলগীয়া শ্বীৰাণৰ কনচাৰ্টৰ টিকটৰ সাধাৰণ বিক্ৰী ২০২৩ চনৰ ২৭ অক্টোবৰত লাইভ হোৱাৰ কথা আৰু ২৫ অক্টোবৰত টিকটৰ প্ৰি-চেল লাইভ হোৱাৰ কথা।

ইয়াৰ পূৰ্বে ২০১৫ আৰু ২০১৭ চনত ভাৰতলৈ আহিছিল এড শ্বীৰাণ। ভাৰতলৈ আহি ২০২৩ চনত বহুকেইজন আন্তঃৰাষ্ট্ৰীয় শিল্পীয়ে গীত পৰিৱেশন কৰিছে। এই বছৰ মুম্বাইকে ধৰি বিভিন্ন চহৰত ষ্ট্ৰ’কছ, জেকচন ৱাং, আৰু দ্য বেকষ্ট্ৰীট বয়ছে গীতৰ অনুষ্ঠান কৰিছে। ২০২৩ চনৰ নৱেম্বৰ মাহত আইৰিছ পপ গ্ৰুপ ৱেষ্টলাইফেও অনুষ্ঠান পৰিৱেশন কৰাৰ কথা।

২০১৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে এছিয়াত কণ্ঠদান কৰিব শ্বীৰানে। যোৱা বছৰ তেওঁ সমগ্ৰ ইউৰোপত দীৰ্ঘদিনীয়া ভ্ৰমণ কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান