--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কি অনিল কাপুৰ কি হৈ গ’ল! সততে ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা অভিনেতা অনিল কাপুৰে তেওঁৰ প্ৰফাইল পিকচাৰকে  ধৰি নিজৰ  সকলো ইনষ্টাগ্ৰাম পোষ্ট ডিলিট কৰি পেলাইছে।অভিনেতাগৰাকীৰ এনে কাৰ্যত স্বাভাৱিকতে স্তম্ভিত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। ৫ মিলিয়নতকৈও অধিক অনুসৰণকাৰী থকা প্ৰবীণ অভিনেতাগৰাকীৰ এনে কাৰ্যই  তেওঁৰ কন্যা সোনম কাপুৰ আৰু জোৱায়েক  আনন্দ আহুজাকো  হতবাক কৰি তুলিছে। 

 অনুৰাগীসকলৰ বহুতে  অনুমান কৰিবলৈ আৰম্ভ কৰিছিল যে এয়া অনিল কাপুৰৰ আহিবলগীয়া ছবি এনিমেলৰ প্ৰচাৰৰেই এক কৌশল হ’ব পাৰে। অনিল কাপুৰে মিষ্টাৰ ইণ্ডিয়া ২  আৰম্ভ কৰাৰ পূৰ্বে  ছ'চিয়েল মিডিয়াত 'অদৃশ্য' হৈ পৰিছে। মিষ্টাৰ ইণ্ডিয়া (১৯৮৭)ত তেওঁৰ অদৃশ্য হৈ পৰা চৰিত্ৰটোক পুনৰ মানুহৰ মনত সজীৱ কৰি তোলাৰ বাবেই অভিনেতাগৰাকী  সামাজিকমাধ্যমত  অদৃশ্য হৈ পৰিছে বুলি বহুতে ধাৰণা কৰিছে। 


Latest and Breaking News on NDTV

 মিষ্টাৰ ইণ্ডিয়া প্ৰযোজনা কৰা অনিল কাপুৰৰ জ্যেষ্ঠ ভাতৃ বনি কাপুৰে অভিনেতাজনৰ কাৰ্য সন্দৰ্ভত কৈছে , "মোক চাবলৈ দিয়ক, মই নিজে সেয়া দেখা নাই। কিন্তু তেওঁ (অনিল কাপুৰে) মোক কৈছিল  যে তেওঁ মোক কিবা দেখুৱাব বিচাৰে।"
মিষ্টাৰ ইণ্ডিয়াৰ চিকুৱেলৰ বিষয়ে সোধাত বনি কাপুৰে কয়, "মই নাভাবো যে সকলো বোৰ কথা চিজিল নলগালৈকে  মই মিষ্টাৰ ইণ্ডিয়া ২-ৰ ঘোষণাৰ  বিষয়ে কথা পাতিব পাৰিম।" 

ইফালে, সোনম কাপুৰেও তেওঁৰ পিতৃ  অনিল কাপুৰে তেওঁৰ সকলো ইনষ্টাগ্ৰাম পোষ্ট ডিলিট কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম কাহিনীত অনিল কাপুৰৰ টাইমলাইনৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে আৰু লিখিছে, "দেউতা!??"

 একেটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি আনন্দ আহুজাই অনিল কাপুৰক টেগ কৰিছিল আৰু টুপী পিন্ধি থকা  এটা ইমোজিৰ সৈতে হাততালি দিয়া হাতৰ ইমোটিকন এটা দিছে - সম্ভৱতঃ তেওঁ  অভিনেতাজনৰ অৰুণ বাৰ্মাৰ মিষ্টাৰ ইণ্ডিয়া চৰিত্ৰটোলৈ মনত পেলাই দিছে। যিয়ে  টুপী পিন্ধিছিল।

 মিষ্টাৰ ইণ্ডিয়া অনিস কাপুৰৰ সৰ্বশ্ৰেষ্ঠ ছবিসমূহৰ মাজৰে এখন।  চেলিম খান আৰু জাভেদ আখটাৰে চিত্ৰনাট্য লিখা,  বনি কাপুৰৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত অনিল কাপুৰক এজন বিশেষ ব্যক্তি হিচাপে দেখুওৱা হৈছিল । যিয়ে এখন অনাথ আশ্ৰম পৰিচালনা কৰে আৰু তেওঁ  অদৃশ্য কৰি তুলিব পৰা এটা  ঘড়ী লাভ কৰিছিল।   শ্ৰীদেৱীয়ে ছবি খনত এজন সাংবাদিকৰ ভূমিকাত অভিনয় কৰিছিল। চলচ্চিত্ৰখনত অমৰীশ পুৰীক মোগাম্বো, সতীশ কৌশিকে কেলেণ্ডাৰ হিচাপে, হৰিশ পেটেলে ৰূপচান্দ, আৰু অন্নু কাপুৰক সম্পাদক গাইটোণ্ডে হিচাপে দেখুওৱা হৈছিল।

অনিল কাপুৰে বৰ্তমান তেওঁৰ নতুন ছবি এনিমেলৰ বাবে ব্যস্ত হৈ আছে।  সন্দীপ ৰেড্ডী ভাঙ্গাৰ দ্বাৰা পৰিচালিত এই ছবি খনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মান্দন্নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান