--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কি অনিল কাপুৰ কি হৈ গ’ল! সততে ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা অভিনেতা অনিল কাপুৰে তেওঁৰ প্ৰফাইল পিকচাৰকে  ধৰি নিজৰ  সকলো ইনষ্টাগ্ৰাম পোষ্ট ডিলিট কৰি পেলাইছে।অভিনেতাগৰাকীৰ এনে কাৰ্যত স্বাভাৱিকতে স্তম্ভিত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। ৫ মিলিয়নতকৈও অধিক অনুসৰণকাৰী থকা প্ৰবীণ অভিনেতাগৰাকীৰ এনে কাৰ্যই  তেওঁৰ কন্যা সোনম কাপুৰ আৰু জোৱায়েক  আনন্দ আহুজাকো  হতবাক কৰি তুলিছে। 

 অনুৰাগীসকলৰ বহুতে  অনুমান কৰিবলৈ আৰম্ভ কৰিছিল যে এয়া অনিল কাপুৰৰ আহিবলগীয়া ছবি এনিমেলৰ প্ৰচাৰৰেই এক কৌশল হ’ব পাৰে। অনিল কাপুৰে মিষ্টাৰ ইণ্ডিয়া ২  আৰম্ভ কৰাৰ পূৰ্বে  ছ'চিয়েল মিডিয়াত 'অদৃশ্য' হৈ পৰিছে। মিষ্টাৰ ইণ্ডিয়া (১৯৮৭)ত তেওঁৰ অদৃশ্য হৈ পৰা চৰিত্ৰটোক পুনৰ মানুহৰ মনত সজীৱ কৰি তোলাৰ বাবেই অভিনেতাগৰাকী  সামাজিকমাধ্যমত  অদৃশ্য হৈ পৰিছে বুলি বহুতে ধাৰণা কৰিছে। 


Latest and Breaking News on NDTV

 মিষ্টাৰ ইণ্ডিয়া প্ৰযোজনা কৰা অনিল কাপুৰৰ জ্যেষ্ঠ ভাতৃ বনি কাপুৰে অভিনেতাজনৰ কাৰ্য সন্দৰ্ভত কৈছে , "মোক চাবলৈ দিয়ক, মই নিজে সেয়া দেখা নাই। কিন্তু তেওঁ (অনিল কাপুৰে) মোক কৈছিল  যে তেওঁ মোক কিবা দেখুৱাব বিচাৰে।"
মিষ্টাৰ ইণ্ডিয়াৰ চিকুৱেলৰ বিষয়ে সোধাত বনি কাপুৰে কয়, "মই নাভাবো যে সকলো বোৰ কথা চিজিল নলগালৈকে  মই মিষ্টাৰ ইণ্ডিয়া ২-ৰ ঘোষণাৰ  বিষয়ে কথা পাতিব পাৰিম।" 

ইফালে, সোনম কাপুৰেও তেওঁৰ পিতৃ  অনিল কাপুৰে তেওঁৰ সকলো ইনষ্টাগ্ৰাম পোষ্ট ডিলিট কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম কাহিনীত অনিল কাপুৰৰ টাইমলাইনৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে আৰু লিখিছে, "দেউতা!??"

 একেটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি আনন্দ আহুজাই অনিল কাপুৰক টেগ কৰিছিল আৰু টুপী পিন্ধি থকা  এটা ইমোজিৰ সৈতে হাততালি দিয়া হাতৰ ইমোটিকন এটা দিছে - সম্ভৱতঃ তেওঁ  অভিনেতাজনৰ অৰুণ বাৰ্মাৰ মিষ্টাৰ ইণ্ডিয়া চৰিত্ৰটোলৈ মনত পেলাই দিছে। যিয়ে  টুপী পিন্ধিছিল।

 মিষ্টাৰ ইণ্ডিয়া অনিস কাপুৰৰ সৰ্বশ্ৰেষ্ঠ ছবিসমূহৰ মাজৰে এখন।  চেলিম খান আৰু জাভেদ আখটাৰে চিত্ৰনাট্য লিখা,  বনি কাপুৰৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত অনিল কাপুৰক এজন বিশেষ ব্যক্তি হিচাপে দেখুওৱা হৈছিল । যিয়ে এখন অনাথ আশ্ৰম পৰিচালনা কৰে আৰু তেওঁ  অদৃশ্য কৰি তুলিব পৰা এটা  ঘড়ী লাভ কৰিছিল।   শ্ৰীদেৱীয়ে ছবি খনত এজন সাংবাদিকৰ ভূমিকাত অভিনয় কৰিছিল। চলচ্চিত্ৰখনত অমৰীশ পুৰীক মোগাম্বো, সতীশ কৌশিকে কেলেণ্ডাৰ হিচাপে, হৰিশ পেটেলে ৰূপচান্দ, আৰু অন্নু কাপুৰক সম্পাদক গাইটোণ্ডে হিচাপে দেখুওৱা হৈছিল।

অনিল কাপুৰে বৰ্তমান তেওঁৰ নতুন ছবি এনিমেলৰ বাবে ব্যস্ত হৈ আছে।  সন্দীপ ৰেড্ডী ভাঙ্গাৰ দ্বাৰা পৰিচালিত এই ছবি খনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মান্দন্নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক