--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সেয়া আছিল আঠ বছৰ আগৰ কথা৷ ২০১৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ হৈছিল নৰেন্দ্ৰ মোদীৰ নাম৷ আৰু নিৰ্বাচনী সভাবোৰত তদানীন্তন গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত আখৈ ফুটাদি ফুটিছিল ছুইছ বেংকত থকা ভাৰতীয়ৰ ক’লাধন দেশলৈ ঘূৰাই অনাৰ কথা৷ আৰু সেই ধন ঘূৰাই আনি ভাৰতীয়ৰ একাউণ্টত ১৫ লাখ টকাকৈ দিয়া হ’ব বুলি সদম্ভে ঘোষণা কৰিছিল মোদীয়ে৷


আৰু নৰেন্দ্ৰ মোদীৰ সেই প্ৰতিশ্ৰুতি আৰু ঘোষণাক বিশ্বাসত লৈছিল দেশবাসীয়ে৷ দেশত আহিছিল মোদী ধুমুহা৷ মোদী ঢৌ অথবা ধুমুহাত তচনচ হৈ গৈছিল বিৰোধী কংগ্ৰেছ৷ আৰু অভিলেখ স্থাপন কৰি দেশৰ প্ৰধানমন্ত্ৰী হৈছিল নৰেন্দ্ৰ মোদী৷

 

২০১৯ বৰ্ষত দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ল নৰেন্দ্ৰ মোদী৷ এতিয়া ২০১৪ৰ সেই ঘোষণাই অতিক্ৰম কৰিলে ৮ বছৰ ৬ মাহ৷ এনে সময়তে ছুইজাৰলেণ্ডৰ চৰকাৰে দেশখনৰ কেন্দ্ৰীয় বেংকৰ তথ্য প্ৰকাশ কৰি জনাইছে যে ২০২১ বৰ্ষত ভাৰতীয় নাগৰিকে ছুইছ বেংকত ৩.৮৩ বিলিয়ন ছুইছ ফ্ৰাংক জমা কৰিছে৷ ভাৰতীয় মুদ্ৰাত সেই পৰিমাণ ৩০,৫০০ কোটি টকা৷ তাৎপৰ্যপূৰ্ণ কথাটো এয়ে যে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হৈ থকা সময়ছোৱাৰ ভিতৰতে ২০২১ বৰ্ষত ভাৰতীয় নাগৰিক বা কোম্পানীয়ে ছুইছ বেংকত যিমান টকা জমা কৰিছে, সেয়া বিগত ১৪ বছৰৰ সৰ্বাধিক৷

 

অথচ, এই বিষয়ত আজিকালি মৌনতা অৱলম্বন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ প্ৰধানমন্ত্ৰী হ’লে দেশৰ ক’লাধন ঘূৰাই আনি ১৫লাখকৈ টকা দিব বুলি ঘোষণা কৰা মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱা চাৰে আঠবছৰ হ’ল৷ ছুইছ বেংকত থকা ভাৰতীয় নাগৰিকৰ ধন ওভোতাই অনা সম্পৰ্কত প্ৰধানমন্ত্ৰীৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে জানিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ইতিমধ্যে একাধিকবাৰ আৰটিআই আৱেদন কৰা হৈছে, যদিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এয়া তথ্য জনাৰ অধিকাৰ আইনৰ অন্তৰ্ভুক্ত নহয় বুলি সদৰী কৰিছে৷

 

২০২০ চনৰ ১১ ফেব্ৰুৱাৰীত ৰাজ্যসভাত ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰে জনাইছিল যে চৰকাৰে বিদেশৰ পৰা ছুইছ বেংকৰ পৰা এটকাও ক’লাধন আনিব পৰা নাই৷ কিয়নো, মোদী চৰকাৰৰ হাতত ক’লাধনৰ কোনো তথ্য নাই৷

 

আনহাতে, বিৰোধীয়ে শুকুৰবাৰে ছুইছ বেংকত ভাৰতীয় ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ দ্বাৰা ৰখা পুঁজিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ২০২১ চনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সুধিছিল যে বিদেশত জমা থকা প্ৰতিটো ক’লা ধন ঘূৰাই অনাটো প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি নহয় নেকি?

 

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেও এই বিষয়টোক লৈ চৰকাৰক আক্ৰমণ কৰি কয় যে ২০১৪ চনৰ পৰা চুইছ বেংকত ভাৰতীয়ৰ জমাৰ সংখ্যা দুগুণতকৈও অধিক হৈছে। তেওঁ টুইটাৰত কয়, মোদীৰ চুট-বুট বন্ধুসকলে এতিয়া আগতকৈ অধিক সম্পদ বিদেশী একাউণ্টত লুকুৱাই ৰাখিছে।

 

চিপিআই(এম)য়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনত শাসনলৈ অহাৰ ১০০ দিনৰ ভিতৰত বিদেশী বেংকত জমা থকা সকলো ক’লা ধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল আৰু তাৰ পিছত ২০১৬ চনত বিমুদ্ৰাকৰণৰ ৫০ দিনৰ ভিতৰত পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল। এতিয়া মোদীৰ সেই প্ৰতিশ্ৰুতি কি হ’ল বুলি প্ৰশ্ন কৰে চিপিআই (এম)য়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু