--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সেয়া আছিল আঠ বছৰ আগৰ কথা৷ ২০১৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ হৈছিল নৰেন্দ্ৰ মোদীৰ নাম৷ আৰু নিৰ্বাচনী সভাবোৰত তদানীন্তন গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত আখৈ ফুটাদি ফুটিছিল ছুইছ বেংকত থকা ভাৰতীয়ৰ ক’লাধন দেশলৈ ঘূৰাই অনাৰ কথা৷ আৰু সেই ধন ঘূৰাই আনি ভাৰতীয়ৰ একাউণ্টত ১৫ লাখ টকাকৈ দিয়া হ’ব বুলি সদম্ভে ঘোষণা কৰিছিল মোদীয়ে৷


আৰু নৰেন্দ্ৰ মোদীৰ সেই প্ৰতিশ্ৰুতি আৰু ঘোষণাক বিশ্বাসত লৈছিল দেশবাসীয়ে৷ দেশত আহিছিল মোদী ধুমুহা৷ মোদী ঢৌ অথবা ধুমুহাত তচনচ হৈ গৈছিল বিৰোধী কংগ্ৰেছ৷ আৰু অভিলেখ স্থাপন কৰি দেশৰ প্ৰধানমন্ত্ৰী হৈছিল নৰেন্দ্ৰ মোদী৷

 

২০১৯ বৰ্ষত দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ল নৰেন্দ্ৰ মোদী৷ এতিয়া ২০১৪ৰ সেই ঘোষণাই অতিক্ৰম কৰিলে ৮ বছৰ ৬ মাহ৷ এনে সময়তে ছুইজাৰলেণ্ডৰ চৰকাৰে দেশখনৰ কেন্দ্ৰীয় বেংকৰ তথ্য প্ৰকাশ কৰি জনাইছে যে ২০২১ বৰ্ষত ভাৰতীয় নাগৰিকে ছুইছ বেংকত ৩.৮৩ বিলিয়ন ছুইছ ফ্ৰাংক জমা কৰিছে৷ ভাৰতীয় মুদ্ৰাত সেই পৰিমাণ ৩০,৫০০ কোটি টকা৷ তাৎপৰ্যপূৰ্ণ কথাটো এয়ে যে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হৈ থকা সময়ছোৱাৰ ভিতৰতে ২০২১ বৰ্ষত ভাৰতীয় নাগৰিক বা কোম্পানীয়ে ছুইছ বেংকত যিমান টকা জমা কৰিছে, সেয়া বিগত ১৪ বছৰৰ সৰ্বাধিক৷

 

অথচ, এই বিষয়ত আজিকালি মৌনতা অৱলম্বন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ প্ৰধানমন্ত্ৰী হ’লে দেশৰ ক’লাধন ঘূৰাই আনি ১৫লাখকৈ টকা দিব বুলি ঘোষণা কৰা মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱা চাৰে আঠবছৰ হ’ল৷ ছুইছ বেংকত থকা ভাৰতীয় নাগৰিকৰ ধন ওভোতাই অনা সম্পৰ্কত প্ৰধানমন্ত্ৰীৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে জানিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ইতিমধ্যে একাধিকবাৰ আৰটিআই আৱেদন কৰা হৈছে, যদিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এয়া তথ্য জনাৰ অধিকাৰ আইনৰ অন্তৰ্ভুক্ত নহয় বুলি সদৰী কৰিছে৷

 

২০২০ চনৰ ১১ ফেব্ৰুৱাৰীত ৰাজ্যসভাত ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰে জনাইছিল যে চৰকাৰে বিদেশৰ পৰা ছুইছ বেংকৰ পৰা এটকাও ক’লাধন আনিব পৰা নাই৷ কিয়নো, মোদী চৰকাৰৰ হাতত ক’লাধনৰ কোনো তথ্য নাই৷

 

আনহাতে, বিৰোধীয়ে শুকুৰবাৰে ছুইছ বেংকত ভাৰতীয় ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ দ্বাৰা ৰখা পুঁজিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ২০২১ চনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সুধিছিল যে বিদেশত জমা থকা প্ৰতিটো ক’লা ধন ঘূৰাই অনাটো প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি নহয় নেকি?

 

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেও এই বিষয়টোক লৈ চৰকাৰক আক্ৰমণ কৰি কয় যে ২০১৪ চনৰ পৰা চুইছ বেংকত ভাৰতীয়ৰ জমাৰ সংখ্যা দুগুণতকৈও অধিক হৈছে। তেওঁ টুইটাৰত কয়, মোদীৰ চুট-বুট বন্ধুসকলে এতিয়া আগতকৈ অধিক সম্পদ বিদেশী একাউণ্টত লুকুৱাই ৰাখিছে।

 

চিপিআই(এম)য়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনত শাসনলৈ অহাৰ ১০০ দিনৰ ভিতৰত বিদেশী বেংকত জমা থকা সকলো ক’লা ধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল আৰু তাৰ পিছত ২০১৬ চনত বিমুদ্ৰাকৰণৰ ৫০ দিনৰ ভিতৰত পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল। এতিয়া মোদীৰ সেই প্ৰতিশ্ৰুতি কি হ’ল বুলি প্ৰশ্ন কৰে চিপিআই (এম)য়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement