--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হজৰত মহম্মদক লৈ নূপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্য। ইয়াৰ বাবে বিদেশতো সমালোচনাৰ সন্মুখীন হৈছে ভাৰত চৰকাৰ। দেশৰ কেইবাখনো ৰাজ্যত আৰম্ভ হৈছে তীব্ৰ অশান্তিময় পৰিস্থিতিৰ। ৰে’লপথ অবৰোধ,  অগ্নিসংযোগৰ দৰে অপ্ৰত্যাশিত ঘটনাও সংঘটিত হোৱা দেখা গৈছে। এনে অৱস্থাত উত্তৰ প্ৰদেশৰ মইনপুৰীৰ ফাৰুকাবাদত দেখিবলৈ পোৱা গ’ল সম্পূৰ্ণ ব্যতিক্ৰম এখন ছবি। এজন মুছলমান যুৱকে তেওঁৰ বুকুত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এখন ছবি আঁকি হৈ পৰিছে চৰ্চিত।

জানিবলৈ পোৱা মতে, ২৩ বছৰীয়া যুৱকজনৰ নাম য়ামিন ছিদ্দিকী। উত্তৰ প্ৰদেশৰ ফাৰুকাবাদ আৰু মইনপুৰীৰ সীমান্তৰ এখন সৰু গাঁৱৰ বাসিন্দা য়ামিন। যুৱকজনে কয়, ‘যোগী আদিত্যনাথ মোৰ অনুপ্ৰেৰণা। ৫ জুনত তেওঁৰ জন্মদিন আছিল। সেইদিনাই মই মোৰ অনুপ্ৰেৰণাক এই সৰু উপহাৰটো দিছিলো।’

নূপুৰ শৰ্মাৰ মন্তব্যক লৈ সমগ্ৰ দেশজুৰি প্ৰতিবাদ চলি থকাৰ সময়তে য়ামিনে এই মন্তব্য কৰে। তেওঁ কয় যে, ‘ওচৰৰ মানুহৰ পৰা বহু ভাবুকি আহিছে। কিন্তু মই নিজৰ সিন্ধান্তত অলৰ-অচৰ।’ যোগী আদিত্যনাথক এবাৰ ওচৰৰ পৰা চোৱাৰ দুৰ্বাৰ হেঁপাহ মনতে পুহি ৰাখিছে তেওঁ। বৈষম্যৰ সমালোচনাৰ পিছতো য়ামিনে কয়, ‘যোগীয়ে সলনি কৰিছে উত্তৰপ্ৰদেশ। তেওঁ হিন্দু-মুছলমানৰ বিভাজন দূৰ কৰিছে। চৰকাৰী প্ৰকল্পৰ পৰা সকলোৱে লাভৱান হৈছে।’ অৱশ্যে, জ্ঞানবাপী মছজিদৰ দৰে বিতৰ্কৰ বাবে মুখ খুলিব বিচৰা নাই যোগী ভক্ত য়ামিনে। কিন্তু যুৱকজনৰ এনে আজৱ কাণ্ড সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ব্যাপক ৰূপত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ