--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হজৰত মহম্মদক লৈ নূপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্য। ইয়াৰ বাবে বিদেশতো সমালোচনাৰ সন্মুখীন হৈছে ভাৰত চৰকাৰ। দেশৰ কেইবাখনো ৰাজ্যত আৰম্ভ হৈছে তীব্ৰ অশান্তিময় পৰিস্থিতিৰ। ৰে’লপথ অবৰোধ,  অগ্নিসংযোগৰ দৰে অপ্ৰত্যাশিত ঘটনাও সংঘটিত হোৱা দেখা গৈছে। এনে অৱস্থাত উত্তৰ প্ৰদেশৰ মইনপুৰীৰ ফাৰুকাবাদত দেখিবলৈ পোৱা গ’ল সম্পূৰ্ণ ব্যতিক্ৰম এখন ছবি। এজন মুছলমান যুৱকে তেওঁৰ বুকুত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এখন ছবি আঁকি হৈ পৰিছে চৰ্চিত।

জানিবলৈ পোৱা মতে, ২৩ বছৰীয়া যুৱকজনৰ নাম য়ামিন ছিদ্দিকী। উত্তৰ প্ৰদেশৰ ফাৰুকাবাদ আৰু মইনপুৰীৰ সীমান্তৰ এখন সৰু গাঁৱৰ বাসিন্দা য়ামিন। যুৱকজনে কয়, ‘যোগী আদিত্যনাথ মোৰ অনুপ্ৰেৰণা। ৫ জুনত তেওঁৰ জন্মদিন আছিল। সেইদিনাই মই মোৰ অনুপ্ৰেৰণাক এই সৰু উপহাৰটো দিছিলো।’

নূপুৰ শৰ্মাৰ মন্তব্যক লৈ সমগ্ৰ দেশজুৰি প্ৰতিবাদ চলি থকাৰ সময়তে য়ামিনে এই মন্তব্য কৰে। তেওঁ কয় যে, ‘ওচৰৰ মানুহৰ পৰা বহু ভাবুকি আহিছে। কিন্তু মই নিজৰ সিন্ধান্তত অলৰ-অচৰ।’ যোগী আদিত্যনাথক এবাৰ ওচৰৰ পৰা চোৱাৰ দুৰ্বাৰ হেঁপাহ মনতে পুহি ৰাখিছে তেওঁ। বৈষম্যৰ সমালোচনাৰ পিছতো য়ামিনে কয়, ‘যোগীয়ে সলনি কৰিছে উত্তৰপ্ৰদেশ। তেওঁ হিন্দু-মুছলমানৰ বিভাজন দূৰ কৰিছে। চৰকাৰী প্ৰকল্পৰ পৰা সকলোৱে লাভৱান হৈছে।’ অৱশ্যে, জ্ঞানবাপী মছজিদৰ দৰে বিতৰ্কৰ বাবে মুখ খুলিব বিচৰা নাই যোগী ভক্ত য়ামিনে। কিন্তু যুৱকজনৰ এনে আজৱ কাণ্ড সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ব্যাপক ৰূপত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু