--°C
Loading...
Listen to Article
2 min read
80%

গুমটিৰ দোকানত বহি চাহ, ফুল বেছিছে ভগ্নীয়ে!

ডিজিটেল ডেস্ক : দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ সাজু হৈছে যোগী আদিত্যনাথ। দেশৰ ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ৰাজনৈতিকভাৱে সৰ্ববৃহত ৰাজ্য উত্তৰ প্ৰদেশত দুবাৰকৈ ক্ষমতা দখল কৰি যোগী আদিত্যনাথে একপ্ৰকাৰ ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। অহা ২৫মাৰ্চত তেওঁ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। এইকথা কাৰো অবিদিত নহয় যে, গোৰখপুৰৰ গোৰক্ষানাথ মন্দিৰৰ মুখ্য পুৰোহিত হিচাপে কাম কৰি থকা এগৰাকী যোগীক মুখ্যমন্ত্ৰীৰ পদ যচাটো আছিল এটা ৰাজনৈতিক চমকেই। সেই সময়ত কট্টৰ হিন্দুত্ববাদী যোগীক মুখ্যমন্ত্ৰীৰ পদ যচাটো সাধাৰণভাৱে লোৱ নাছিল দেশৰ গৰিষ্ঠসংখ্যক লোকেই।   কিন্তু এটা কাৰ্যকাল সম্পূৰ্ণ কৰি দ্বিতীয় কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈ যোগীয়ে একপ্ৰকাৰ চমতকাৰিত্ব সংঘটিত কৰিলে। এই পাঁচ বছৰীয়া কাৰ্যকালত তেওঁ কিমান সফল বা বিফল হৈছে সেই কথা আমাৰ আজিৰ বিচাৰ্য বিষয় নহয়, বৰং আমি আলোচনা কৰিব বিচাৰিছোঁ অন্য এটা বিষয়হে। সেয়া হৈছে এই পাঁচ বছৰীয়া মুখ্যমন্ত্ৰীত্বৰ কালত তেওঁৰ এটা কথা সলনি হোৱা নাই। সেই কথাটো হৈছে তেওঁৰ সহজাত সৰল-সহজ জীৱন। তেওঁৰ আড়ম্বৰহীন জীৱনশৈলী আৰু তেওঁৰ নীতিনিষ্ঠ আৰু আৰু ৰীতিবদ্ধ জীৱন এই পাঁচ বছৰত অকণো সলনি নহ’ল।

 একেগৰাকী মাতৃৰ সন্তান আছিল তেওঁলোক

যোগী আদিত্যনাথ মুখ্যমন্ত্ৰী হোৱাৰ পাছতে চৰ্চালৈ আহিছিল তেওঁৰ ভগ্নীৰ নামো। কাৰণ একেটাই তেওঁৰ সৰল সহজ জীৱন। যোগী আদিত্যনাথ মু্খ্যমন্ত্ৰী হোৱাৰ পাছতো তেওঁৰ জীৱন একেই থাকিল। তেওঁৰ নাম শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে। একেগৰাকী মাতৃৰ সন্তান আছিল তেওঁলোক। একেখন চালিতে হৈছিল ডাঙৰ দীঘল। এতিয়া ভাতৃ যোগী আদিত্যনাথ বহিছে মুখ্যমন্ত্ৰীৰ আসনত। কিন্তু তাৰ পাছতো তেওঁৰ জীৱনশৈলী সলনি হোৱা নাই। এতিয়াও তেওঁ এখন সৰু দোকানত চাহ আৰু ফুল বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছে। শেহতীয়াকৈ তেওঁ পুনৰ চৰ্চালৈ আহিছে। জনপ্ৰিয় হোৱা এজন ব্যক্তিয়ে প্ৰায়ে পৰিয়ালৰ আন সদস্যসকলকো মনোযোগৰ কেন্দ্ৰবিন্দু কৰি তোলে। যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতে তেওঁৰ পৰিয়ালৰ লোকসকলো আহিছিল লাইমলাইটলৈ। বিশেষকৈ তেওঁৰ ভগ্নীৰ ওপৰত পৰিছিল স্পট লাইট। কাৰণ আছিল তেওঁৰ সংগ্ৰামী সৰল জীৱন। তাৰ পাছত তেওঁ সময়ে সময়ে চৰ্চাৰ কেন্দ্ৰলৈ আহিছে। তেওঁৰ জীৱনৰ কাহিনীক বিভিন্ন মাধ্যমেৰে অনা হৈছে চৰ্চাৰ কেন্দ্ৰলৈ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ভগ্নী শশীয়ে উত্তৰাখণ্ডৰ এখন গাঁৱত কিদৰে জীৱন নিৰ্বাহ কৰে সেয়া সকলোৰে বাবে এক আশ্বৰ্যৰ কথা হৈ পৰিছে।

যোগী আদিত্যনাথ মুখ্যমন্ত্ৰী হোৱাৰ পাছতো তেওঁৰ জীৱনলৈ কোনো পাৰ্থক্য অহা নাই

  কিছুদিন পূৰ্বে সংবাদ মাধ্যমত প্ৰকাশ পোৱা এটা সাক্ষাতকাৰ ব্যাপক চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। নেটিজেনৰ মাজত ভাইৰেল হৈ পৰা এই ভিডিঅত তেওঁ কৈছে যে, যোগী আদিত্যনাথ মুখ্যমন্ত্ৰী হোৱাৰ পাছতো তেওঁৰ জীৱনলৈ কোনো পাৰ্থক্য অহা নাই। তেওঁ এখন গুমটীৰ দোকানত ফুল, প্ৰসাদ, বিস্কুট, চাহ আদি বিক্ৰী কৰিয়েই আজিও জীৱন অতিবাহিত কৰি আহিছে। তেওঁ নিজৰ এই জীৱন ত্যাগ কৰি ভাতৃৰ জীৱনৰ সৈতে নিজৰ সংপৃক্ত কৰিবও নিবিচাৰে। নিবিচাৰে কোনো অতিৰিক্ত সা-সুবিধাও। তেওঁৰ এই কাহিনীয়ে বহু কথা নতুন দৃষ্টিকোণেৰে বিচাৰ কৰাৰ সুযোগ আনি দিছে। সাধাৰণতে মন্ত্ৰী বিধায়ক বুলিলে এটা কথা মনলৈ আহে, সম্পত্তিৰ পাহাৰ। সাতাম পুৰুষলৈ সাচি থৈ যাব খোজা মানসিকতা। কিন্তু তাৰ বিপৰীতে যোগী আদিত্যনাথৰ নীতি আৰু নৈতিকতাৰ ওচৰত আমি নতজানু হ’বই লাগিব। কিয়নো স্বজন-তোষণৰ দৰে তুচ্ছতাৰ পৰা তেওঁ ঊৰ্ধ্বত অৱস্থান কৰিবলৈ সক্ষম হৈছে। তেওঁৰ কাৰণে মুখ্যমন্ত্ৰীৰ আসনখন এতিয়াও সম্পদ গোটোৱা বা পৰিয়াল পৰিজনক ধন-সম্পদেৰে উভৈনদী্ কৰি তোলাৰ অৱলম্বন হোৱা নাই। বৰং তেওঁ এতিয়াও একেই সৰল-সহজ জীৱনকে নিজৰ কৰি ৰাখিছে আৰু সমগ্ৰ দেশৰ বাবে তেওঁ এক আদৰ্শ হৈ ৰৈছে। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ