--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আত্মনিৰ্ভৰ ভাৰতৰ যাত্ৰাত ভাৰতে এক বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। ভাৰতে থলুৱা সামগ্ৰীৰ ৰপ্তানিৰ দিশত লাভ কৰিছে অনন্য সফলতা। স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়ে এই ঘোষণা কৰে আৰু ভাৰতৰ এই সাফল্যক ব্যাপকভাৱে প্ৰসংশা কৰে। ‘লোকেল গ’জ গ্লোবেল’; ৪ হাজাৰ কোটি ডলাৰৰ সামগ্ৰী ৰপ্তানি ভাৰতৰ, মোদীৰ অভিনন্দন প্ৰধানমন্ত্ৰীয়ে সদৰি কৰিছে যে, ৪০০ বিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ চাৰি হাজাৰ কোটি ডলাৰৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাত ভাৰত সফল হৈছে। ভাৰতৰ আত্মনিৰ্ভশীলতাৰ যাত্ৰাৰ দিশত এটা এক মাইলৰ খুঁটি হিচাপে বিবেচিত হোৱা বুলি তেওঁ প্ৰকাশ কৰে। এটা টুইটত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ভাৰতে ৪ হাজাৰ কোটিৰ সামগ্ৰী ৰপ্তানিৰ অভিলাষী লক্ষ্য গ্ৰহণ কৰিছিল। আৰু প্ৰথমবাৰলৈ সেই লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে। এই সফলতাৰ বাবে মই এমএছএমই, উৎপাদক, কৃষক, শিপিনীক অভিনন্দন জনাইছোঁ। আত্মনিৰ্ভৰ ভাৰতৰ যাত্ৰাৰ এয়া এক বৃহৎ সাফল্য। ‘লোকেল গ’জ গ্লোবেল’ হেজটেগো তেওঁ এই টুইটৰ সৈতে ব্যৱহাৰ কৰে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে টুইটটোত ভাৰতে ৰপ্তানিৰ ক্ষেত্ৰত লাভ কৰা এই সাফল্যৰ খতিয়ান হিচাপে ভালেমান গ্ৰাফিক্সো সংলগ্ন কৰি দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে থলুৱা উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছিল। আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প গ্ৰহণ কৰা মোদীয়ে ভোকেল ফল লোকেল শ্লোগানেৰেও দেশৰ থলুৱা উদ্যোগখণ্ডক অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰি আহিছে। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান