--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আত্মনিৰ্ভৰ ভাৰতৰ যাত্ৰাত ভাৰতে এক বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। ভাৰতে থলুৱা সামগ্ৰীৰ ৰপ্তানিৰ দিশত লাভ কৰিছে অনন্য সফলতা। স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়ে এই ঘোষণা কৰে আৰু ভাৰতৰ এই সাফল্যক ব্যাপকভাৱে প্ৰসংশা কৰে। ‘লোকেল গ’জ গ্লোবেল’; ৪ হাজাৰ কোটি ডলাৰৰ সামগ্ৰী ৰপ্তানি ভাৰতৰ, মোদীৰ অভিনন্দন প্ৰধানমন্ত্ৰীয়ে সদৰি কৰিছে যে, ৪০০ বিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ চাৰি হাজাৰ কোটি ডলাৰৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাত ভাৰত সফল হৈছে। ভাৰতৰ আত্মনিৰ্ভশীলতাৰ যাত্ৰাৰ দিশত এটা এক মাইলৰ খুঁটি হিচাপে বিবেচিত হোৱা বুলি তেওঁ প্ৰকাশ কৰে। এটা টুইটত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ভাৰতে ৪ হাজাৰ কোটিৰ সামগ্ৰী ৰপ্তানিৰ অভিলাষী লক্ষ্য গ্ৰহণ কৰিছিল। আৰু প্ৰথমবাৰলৈ সেই লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে। এই সফলতাৰ বাবে মই এমএছএমই, উৎপাদক, কৃষক, শিপিনীক অভিনন্দন জনাইছোঁ। আত্মনিৰ্ভৰ ভাৰতৰ যাত্ৰাৰ এয়া এক বৃহৎ সাফল্য। ‘লোকেল গ’জ গ্লোবেল’ হেজটেগো তেওঁ এই টুইটৰ সৈতে ব্যৱহাৰ কৰে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে টুইটটোত ভাৰতে ৰপ্তানিৰ ক্ষেত্ৰত লাভ কৰা এই সাফল্যৰ খতিয়ান হিচাপে ভালেমান গ্ৰাফিক্সো সংলগ্ন কৰি দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে থলুৱা উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছিল। আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প গ্ৰহণ কৰা মোদীয়ে ভোকেল ফল লোকেল শ্লোগানেৰেও দেশৰ থলুৱা উদ্যোগখণ্ডক অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰি আহিছে। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন