--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মেন্দ্ৰৰ দুই পুত্ৰৰ অভিনয় কেৰিয়াৰে পুনৰ গতি লাভ কৰিছে। ‘গদৰ ২’ ছবিখনৰ জৰিয়তে ছানীৰ অভিনয় জীৱনে গতি লাভ কৰে। এইবাৰ ‘এনিমেল’ৰ জৰিয়তে ববি দেউলৰ ক্ষেত্ৰতো একেই কথাই ঘটিল। ৰণবীৰক যেনেকৈ প্ৰশংসা কৰা হৈছে, ববীকো প্ৰশংসা কৰা হৈছে। ককায়েক ছানিয়ে নিজৰ ভায়েকৰ এই সফলতাত সুখী। কিন্তু ছানীয়ে ‘এনিমেল’ চিনেমাখন একেবাৰেই ভাল নাপালে।

সন্দীপ ৰেড্ডী বাংগাৰ পৰিচালনাত নিৰ্মিত এনিমেল ১ ডিচেম্বৰত মুক্তি লাভ কৰিছিল। মুক্তিৰ প্ৰথম দিনাই কেৱল ভাৰতীয় বক্স অফিচত ৬১ কোটি টকা উপাৰ্জন কৰি একাউণ্ট খুলিছিল ছবিখনে। এই সপ্তাহটো শেষ হোৱাৰ আগতেই ছবিখনে বিশ্বজুৰি প্ৰায় ৫০০ কোটি টকা উপাৰ্জন কৰিছিল। যদিও ছবিখনক চৰম পুৰুষত্ব, হিংসা, নাৰীবিদ্বেষৰ বাবে সমালোচনা কৰা হৈছে। কিন্তু ইয়াৰ ফলত ছবিখনৰ ব্যৱসায়িক সফলতাত কোনো প্ৰভাৱ পৰা নাছিল।

‘এনিমেল’ত ববীক আব্ৰাৰ নামৰ চৰিত্ৰটোত দেখা গৈছে। পূৰ্বে দুগৰাকী পত্নী থকাৰ পিছতো তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় চৰিত্ৰটোৱে। কেৱল সেয়াই নহয়, চৰিত্ৰটো ইমানেই নাৰীবিদ্বেষী যে বিয়াৰ দিনা মুকলিকৈ পত্নীক জোৰ-জবৰদস্তি কৰে, আনকি বৈবাহিক ধৰ্ষণো কৰে। এনে এজন হিংস্ৰ ব্যক্তিৰ চৰিত্ৰ পৰ্দাত চিত্ৰিত কৰাৰ সময়ত অভিনেতাজনে কোনো অস্বস্তি অনুভৱ কৰা নাছিল নেকি? ববিয়ে কয় যে যেতিয়া মই শ্বুটিং কৰি আছিলো তেতিয়া মোৰ কোনো অস্বস্তি নাছিল।

কিন্তু 'এনিমেল’ৰ বিষয়ে ছানিৰ মতামত বেলেগ। তেওঁৰ অকপট কথা, "এই ছবিখনৰ বহুত কথা মোৰ ভাল নালাগিল। ববিৰ বাবে মই সুখী। কেইবাটাও দৃশ্য মোৰ ভাল নালাগিল।  মোৰ নিজৰ ছবিবোৰতো বহুত কথা ভাল নালাগে। কিন্তু এজন দৰ্শক হিচাপে মই মোৰ ব্যক্তিগত মতামতৰ অধিকাৰী। এনিমেলৰ গীতবোৰ যথেষ্ট ভাল। চিনেমাখনৰ দৃশ্যটোৰ লগত খাপ খাই পৰে। ববিৰ অভিনয় বৰ সাৱলীল হৈছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক