--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মেন্দ্ৰৰ দুই পুত্ৰৰ অভিনয় কেৰিয়াৰে পুনৰ গতি লাভ কৰিছে। ‘গদৰ ২’ ছবিখনৰ জৰিয়তে ছানীৰ অভিনয় জীৱনে গতি লাভ কৰে। এইবাৰ ‘এনিমেল’ৰ জৰিয়তে ববি দেউলৰ ক্ষেত্ৰতো একেই কথাই ঘটিল। ৰণবীৰক যেনেকৈ প্ৰশংসা কৰা হৈছে, ববীকো প্ৰশংসা কৰা হৈছে। ককায়েক ছানিয়ে নিজৰ ভায়েকৰ এই সফলতাত সুখী। কিন্তু ছানীয়ে ‘এনিমেল’ চিনেমাখন একেবাৰেই ভাল নাপালে।

সন্দীপ ৰেড্ডী বাংগাৰ পৰিচালনাত নিৰ্মিত এনিমেল ১ ডিচেম্বৰত মুক্তি লাভ কৰিছিল। মুক্তিৰ প্ৰথম দিনাই কেৱল ভাৰতীয় বক্স অফিচত ৬১ কোটি টকা উপাৰ্জন কৰি একাউণ্ট খুলিছিল ছবিখনে। এই সপ্তাহটো শেষ হোৱাৰ আগতেই ছবিখনে বিশ্বজুৰি প্ৰায় ৫০০ কোটি টকা উপাৰ্জন কৰিছিল। যদিও ছবিখনক চৰম পুৰুষত্ব, হিংসা, নাৰীবিদ্বেষৰ বাবে সমালোচনা কৰা হৈছে। কিন্তু ইয়াৰ ফলত ছবিখনৰ ব্যৱসায়িক সফলতাত কোনো প্ৰভাৱ পৰা নাছিল।

‘এনিমেল’ত ববীক আব্ৰাৰ নামৰ চৰিত্ৰটোত দেখা গৈছে। পূৰ্বে দুগৰাকী পত্নী থকাৰ পিছতো তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় চৰিত্ৰটোৱে। কেৱল সেয়াই নহয়, চৰিত্ৰটো ইমানেই নাৰীবিদ্বেষী যে বিয়াৰ দিনা মুকলিকৈ পত্নীক জোৰ-জবৰদস্তি কৰে, আনকি বৈবাহিক ধৰ্ষণো কৰে। এনে এজন হিংস্ৰ ব্যক্তিৰ চৰিত্ৰ পৰ্দাত চিত্ৰিত কৰাৰ সময়ত অভিনেতাজনে কোনো অস্বস্তি অনুভৱ কৰা নাছিল নেকি? ববিয়ে কয় যে যেতিয়া মই শ্বুটিং কৰি আছিলো তেতিয়া মোৰ কোনো অস্বস্তি নাছিল।

কিন্তু 'এনিমেল’ৰ বিষয়ে ছানিৰ মতামত বেলেগ। তেওঁৰ অকপট কথা, "এই ছবিখনৰ বহুত কথা মোৰ ভাল নালাগিল। ববিৰ বাবে মই সুখী। কেইবাটাও দৃশ্য মোৰ ভাল নালাগিল।  মোৰ নিজৰ ছবিবোৰতো বহুত কথা ভাল নালাগে। কিন্তু এজন দৰ্শক হিচাপে মই মোৰ ব্যক্তিগত মতামতৰ অধিকাৰী। এনিমেলৰ গীতবোৰ যথেষ্ট ভাল। চিনেমাখনৰ দৃশ্যটোৰ লগত খাপ খাই পৰে। ববিৰ অভিনয় বৰ সাৱলীল হৈছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান