--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপে মাৰ্চৰ সময়ছোৱাত ১৮লাখতকৈ অধিক ভাৰতীয় একাউণ্ট নিষিদ্ধ কৰিছে। কোম্পানীটোৱে নতুন তথ্য প্ৰযুক্তি নিয়ম ২০২১-ৰ অধীনত এই নিষেধাজ্ঞা আৰোপ কৰিছে আৰু কৈছে যে, মাৰ্চ মাহত ভাৰতৰ পৰা ৫৯৭ টা অভিযোগ অন্তৰ্ভুক্ত হৈছিল। এই অভিযোগৰ ওপৰত ভিত্তি কৰিয়েই হোৱাটছএপ একাউণ্টবোৰৰ ওপৰত এনে ব্যৱস্থা লোৱা হৈছে বুলি সদৰী কৰিছে হোৱাটছএপ কৰ্তৃপক্ষই।

এক বিবৃতিত মেছেজিং এপৰ মুখপাত্ৰজনে কয় যে, আইটি নিয়ম ২০২১ অনুসৰি ২০২২চনৰ মাৰ্চ মাহৰ বাবে ইয়াৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদনখনত ব্যৱহাৰকাৰীসকলৰ অভিযোগ আৰু সম্পৰ্কিত কাৰ্যৰ বিৱৰণ দিয়া হৈছে। ইয়াৰ অধীনত, কেৱল সেই হোৱাটছএপ একাউণ্টবোৰ নিষিদ্ধ কৰা হৈছে, যিবোৰে এই মেছেজিং প্লেটফৰ্মৰ অপব্যৱহাৰ কৰি আছিল।’

কি কাৰণত নিষিদ্ধ হ’ল হোৱাটছএপ একাউণ্টবোৰ

হোৱাটছএপে মাৰ্চ মাহত ১৮লাখতকৈ অধিক একাউণ্ট নিষিদ্ধ কৰিছে। প্ৰকাশিত তথ্য অনুসৰি, এই নিষিদ্ধ একাউণ্টবোৰ কাৰ্যকৰী হৈছিল ১ ৰ পৰা ৩১ মাৰ্চৰ ভিতৰত। নতুন আইটি নিয়মৰ অধীনত, একাউণ্টৰ অপব্যৱহাৰ চিনাক্ত কৰিবলৈ আৰু অধিক নেতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিছে।

অজানিতে বন্ধ হোৱা একাউণ্ট পুনৰ খুলিবলৈ কিব কৰিব

একে সময়তে কোম্পানীটোৱে জনাইছে যে, যিসকলৰ একাউণ্ট পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিব বিচাৰে তেওঁলোকে নতুন আইটি নিয়ম ২০২১-ৰ অধীনত ৫ নিযুতৰো অধিক ব্যৱহাৰকাৰীৰ সৈতে ডিজিটেল আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্মক মাহিলী প্ৰতিবেদন দিব লাগিব। 

এই ভুল নকৰিব

হোৱাটছএপে দিয়া তথ্য অনুসৰি, ব্যৱহাৰকাৰীসকলে এই ভুৱা বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকক। অনুমতি অবিহনে বাৰ্তা প্ৰেৰণ কৰি, অশ্লীল মেছেজ কৰি তথা বিভ্ৰান্তিকৰ বস্তুৰ প্ৰতি সমৰ্থন জনাই কাৰোবাক হাৰাশাস্তি কৰিলে বন্ধ হ’ব পাৰে একাউণ্ট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ