--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন প্ৰেমিকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। প্ৰেমিকাৰ ঘৰৰ সন্মুখত নিজকে জ্বলাই শেষ কৰি দিলে প্ৰেমিকজনে। এই ঘটনা সংঘটিত হৈছে ভূপালত(Bhopal)। প্ৰেমিকজনে হাতৰ শিৰাৰ কাটিছিল আৰু তেওঁৰ প্ৰেমিকাৰ ঘৰৰ সন্মুখত নিজকে জুই লগাই দিছিল। ঘটনাটো ভূপালৰ জাহাঙ্গিৰাবাদ অঞ্চলত সংঘটিত হৈছে। মৃত প্ৰেমিকজন নীৰজ বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে। তেওঁ ভূপালৰ চোলা অঞ্চলৰ বাসিন্দা। পেছাত তেওঁ এজন অটোচালক। নীৰজ প্ৰেমিকাৰ সৈতে লিভ-ইনত আছিল। 

২২ বছৰীয়া নীৰজৰ সুৰাৰ প্ৰতি আসক্তি আছিল আৰু তেওঁৰ অন্যান্য কিছুমান লেতেৰা অভ্যাসো আছিল। যিবোৰ কথা সহ্য কৰিব নোৱাৰি নীৰজক এৰি নিজ ঘৰলৈ গুচি আহে প্ৰেমিকা। দুদিন পূৰ্বে প্ৰেমিকাই নীৰজক এৰি ঘৰলৈ আহিছিল। সেইদিনা নীৰজে প্ৰেমিকাক মান্তি কৰাবলৈ হাতৰ শিৰা কাটি এটা ভিডিঅ' বনাইছিল, যিটো ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। 

তথাপিও প্ৰেমিকা নীৰজৰ সৈতে থাকিবলৈ সাজু নাছিল। প্ৰেমিকা মান্তি নোহোৱা দেখি প্ৰেমিকাৰ ঘৰলৈ ৰাওনা হয় নীৰজ। তাত তেওঁ উপস্থিত হৈ প্ৰেমিকাক চিঞৰি মাতে কিন্তু প্ৰেমিকা ঘৰৰ পৰা ওলাই অহা নাছিল। এই কথাতে খং উঠি নীৰজে নিজৰ গাত পেট্ৰ'ল ঢালি জুই লগাই দিয়ে। ঘটনাটোৰ সময়ত তেওঁ সুৰামত্ত আছিল বুলি জানিব পৰা গৈছে। 

নীৰজ বিশ্বকৰ্মাক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, য'ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। জাহাঙ্গিৰাবাদ আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত কৰি আছে। মৰণোত্তৰ পৰীক্ষাৰ পাছত নীৰজৰ পৰিয়ালৰ সদস্যসকলে মৃতদেহ চমজি লয়।



 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ