--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন প্ৰেমিকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। প্ৰেমিকাৰ ঘৰৰ সন্মুখত নিজকে জ্বলাই শেষ কৰি দিলে প্ৰেমিকজনে। এই ঘটনা সংঘটিত হৈছে ভূপালত(Bhopal)। প্ৰেমিকজনে হাতৰ শিৰাৰ কাটিছিল আৰু তেওঁৰ প্ৰেমিকাৰ ঘৰৰ সন্মুখত নিজকে জুই লগাই দিছিল। ঘটনাটো ভূপালৰ জাহাঙ্গিৰাবাদ অঞ্চলত সংঘটিত হৈছে। মৃত প্ৰেমিকজন নীৰজ বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে। তেওঁ ভূপালৰ চোলা অঞ্চলৰ বাসিন্দা। পেছাত তেওঁ এজন অটোচালক। নীৰজ প্ৰেমিকাৰ সৈতে লিভ-ইনত আছিল। 

২২ বছৰীয়া নীৰজৰ সুৰাৰ প্ৰতি আসক্তি আছিল আৰু তেওঁৰ অন্যান্য কিছুমান লেতেৰা অভ্যাসো আছিল। যিবোৰ কথা সহ্য কৰিব নোৱাৰি নীৰজক এৰি নিজ ঘৰলৈ গুচি আহে প্ৰেমিকা। দুদিন পূৰ্বে প্ৰেমিকাই নীৰজক এৰি ঘৰলৈ আহিছিল। সেইদিনা নীৰজে প্ৰেমিকাক মান্তি কৰাবলৈ হাতৰ শিৰা কাটি এটা ভিডিঅ' বনাইছিল, যিটো ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। 

তথাপিও প্ৰেমিকা নীৰজৰ সৈতে থাকিবলৈ সাজু নাছিল। প্ৰেমিকা মান্তি নোহোৱা দেখি প্ৰেমিকাৰ ঘৰলৈ ৰাওনা হয় নীৰজ। তাত তেওঁ উপস্থিত হৈ প্ৰেমিকাক চিঞৰি মাতে কিন্তু প্ৰেমিকা ঘৰৰ পৰা ওলাই অহা নাছিল। এই কথাতে খং উঠি নীৰজে নিজৰ গাত পেট্ৰ'ল ঢালি জুই লগাই দিয়ে। ঘটনাটোৰ সময়ত তেওঁ সুৰামত্ত আছিল বুলি জানিব পৰা গৈছে। 

নীৰজ বিশ্বকৰ্মাক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, য'ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। জাহাঙ্গিৰাবাদ আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত কৰি আছে। মৰণোত্তৰ পৰীক্ষাৰ পাছত নীৰজৰ পৰিয়ালৰ সদস্যসকলে মৃতদেহ চমজি লয়।



 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত