--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভৰাতত বৃদ্ধি পাইছে ধনী ব্যক্তিৰ সংখ্যা তাৰ সমান্তৰাল ভাৱে বৃদ্ধি পাইছে দৰিদ্ৰৰ সংখ্যাও৷ ভাৰতৰ সৰ্বমুঠ সম্পত্তিৰ ৪০.১% সম্পত্তি দেশৰ ১% জনসংখ্যাৰ হাতত আছে৷ অৰ্থাত ভাৰতত দৰিদ্ৰলোক অধিক দৰিদ্ৰ হৈ গৈ আছে ধনীলোকসকল অধিক ধনী হৈ গৈছে৷ এই পৰিসংখ্যাৰ পৰা স্পষ্ট হৈ পৰিছে  ভাৰতৰ বিকাশৰ প্ৰতিচ্ছবি৷‘সব কা সাথ সব কা বিকাশ’ৰ কথা কৈ থকা প্ৰধানমন্ত্ৰী গৰাকীৰ দেশত কেৱল এক শ্ৰেণীৰ হে বিকাশ পৰিলক্ষিত হৈছে৷ 

চেণ্ট্ৰম ইনষ্টিটিউচনেল ৰিচাৰ্চ (চিআইআৰ)ৰ এক প্ৰতিবেদন অনুসৰি বছৰি ৫ কোটিতকৈ অধিক উপাৰ্জন কৰা লোকৰ সংখ্যা ৪৯ শতাংশ বৃদ্ধি পাইছে আৰু বিগত পাঁচটা বছৰত ১০ কোটিতকৈ অধিক উপাৰ্জন কৰা ভাৰতীয়ৰ সংখ্যা ৬৩ শতাংশলৈ বৃদ্ধি হৈছে। 

একেখন দেশতে সম্পত্তি তথা আয়ৰ এনে অসমবিতৰণৰ আঁৰত থকা কাৰণ সমূহৰ বিষয়ে থোৰতে জানো আহক-

সম্পত্তিৰ কেন্দ্রীকৰণ- ১৯৯০ৰ দশকৰ অৰ্থনৈতিক উদাৰীকৰণ নীতিৰ পাছত সম্পত্তিৰ কেন্দ্রীকৰণ বৃদ্ধি পাইছে। সম্প্ৰতি ভাৰতৰ মুঠ জনসংখ্যাৰ ১% জনসংখ্যাই দেশৰ ৪০.১% সম্পত্তিৰ অধিকাৰ কৰি আছে।

আয়ৰ অসমতা- সম্পত্তি আৰু আয় অসবিতৰণ৷ ভাৰতৰ ৰাষ্ট্ৰীয় আয়ৰ প্ৰায় ৫৭% মুঠ জনসংখ্যাৰ ১০% লোকে আয় কৰে৷ বাকী প্ৰায় ৫০% আয় মাত্ৰ ১৫% লোকে লাভ কৰে৷ 

অৰ্থনৈতিক নীতিৰ প্ৰভাৱ- ১৯৯১ চনৰ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন নীতিয়ে সম্পত্তি তথা আয়ৰ অসমতাত অৰিহণা যুগাইছে। 
মহামাৰীৰ প্ৰভাৱ- ভাৰতত কোটিপতিসকলৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে লাখ লাখ লোক দাৰিদ্ৰ্য সীমাৰ তলত অন্তভুক্ত হৈছে। ক'ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত এই অসমতা বৃদ্ধি পাইছে৷

সামাজিক প্ৰভাৱ- অৰ্থনৈতিক বৈষম্যৰ বাবে শিক্ষা, স্বাস্থ্য সেৱাৰ লগতে সামাজিক উত্তৰণতো প্ৰভাৱ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু