--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তিলোত্তমা কাণ্ডকে আৰম্ভ কৰি দেশৰ বিভিন্ন ঠাইত সংঘটিত হোৱা ভয়ানক ধৰ্ষণ-হত্যাকাণ্ডক লৈ সমগ্ৰ দেশতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷এনে পৰিস্থিতিত দেশৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। 

এই সন্দৰ্ভত আই এম এ (ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন)ৰ উদ্যোগত এক সমীক্ষাৰ আয়োজন কৰা হয়। দেখা গ’ল যে ৩৫ শতাংশ অৰ্থাৎ প্ৰায় এক তৃতীয়াংশ চিকিৎসক নিৰাপত্তাহীনতাত ভুগি আছে। নৈশ কৰ্তব্য ​​থাকিলে তেওঁলোকৰ ভয় লাগে। এই ৩৫ শতাংশৰ অধিকাংশই মহিলা চিকিৎসক।

৩,৮৮৫ টা ব্যক্তিগত সঁহাৰিৰ ভিত্তিত এই বিষয়ত ভাৰতৰ সৰ্ববৃহৎ অধ্যয়ন বুলি দাবী কৰে আই এম এয়ে। জনোৱা হয় যে কিছুমান চিকিৎসকে নিজৰ সুৰক্ষাৰ বাবে অস্ত্ৰ-শস্ত্ৰ নিজৰ লগত ৰখাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। 

এই সমীক্ষাত ২২খনতকৈও অধিক ৰাজ্যৰ উত্তৰদাতাসকলক অন্তৰ্ভুক্ত কৰা হৈছিল, ইয়াৰে ৮৫ শতাংশৰ বয়স ৩৫ বছৰৰ তলৰ আৰু ৬১ শতাংশই স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী। ২০-৩০ বছৰ বয়সৰ চিকিৎসকৰ নিৰাপত্তাৰ অনুভূতি আছিল সৰ্বনিম্ন আৰু এই গোটত বহুসংখ্য প্ৰশিক্ষাৰ্থী আৰু স্নাতকোত্তৰসকল।

সমীক্ষাটোত দেখা গৈছে যে ডিউটি ​​ৰুমত অতিমাত্ৰা ভিৰ, গোপনীয়তাৰ অভাৱ আৰু তলা নোহোৱাৰ বাবে প্ৰায়ে অপৰ্যাপ্ত হয়। যাৰ বাবে চিকিৎসকে বিকল্প ঠাই বিচাৰিবলৈ বাধ্য হয় আৰু উপলব্ধ ডিউটি ​​ৰুমৰ এক তৃতীয়াংশত সংলগ্ন বাথৰুমো নাথাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু