--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত অবৈধ প্ৰৱেশ কৰিব বিচৰা তিনিজন পাকিস্তানীক গুলীয়াই হত্যা। জম্মু-কাশ্মীৰত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে গুলীয়াই হত্যা কৰে তিনিজন পাকিস্তানী নাগৰিকক। জম্মু-কাশ্মীৰৰ চাম্বা ছেক্টৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰৰ বায়িংলাৰ্ড অঞ্চলত এই ঘটনা সংঘটিত হৈছে। ৩৬ পেকেট হেৰ'ইন জব্দ জম্মু-কাশ্মীৰত পুনৰ ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে অবৈধভাৱে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিব বিচৰা তিনিজন পাকিস্তানী নাগৰিকক গুলীয়াই হত্যা কৰে। দেওবাৰে দুপৰীয়া প্ৰায় ২.৩০ মান বজাত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ টহলদাৰী দলে তিনিজন পাকিস্তানী নাগৰিকক অবৈধভাৱে ভাৰতৰ ভূমিত প্ৰৱেশ কৰাৰ বাবে চেষ্টা চলাই থকা প্ৰত্যক্ষ কৰে। সেই দৃশ্য দেখি ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান সকলে পাকিস্তানী লোককেইজনক বাৰে বাৰে তেনে নকৰিবলৈ সকীয়াই দিয়ে। কিন্তু পাকিস্তানী লোককেইজনে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ কথাত কোনো গুৰুত্ব নিদি ভাৰতত প্ৰৱেশ কৰিব বিচাৰে। সেয়ে অৱশেষত বি এছ এফে গুলিচালনা কৰিবলৈ বাধ্য হয়। বি এছ এফ বাহিনীয়ে পাকিস্তানী নাগৰিককেইজনৰ পৰা ৩৬ পেকেট হেৰ'ইন জব্দ কৰে। ৩৬ পেকেট হেৰ'ইনৰ ওজন ৩৬ কেজি। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য ১৮০ কোটি টকা বুলি জানিব পৰা গৈছে। পাকিস্তানৰ পৰা প্ৰায়ে এনেধৰণে ভাৰতত প্ৰৱেশ কৰি অবৈধভাৱে নিষিদ্ধ নিচাযুক্ত সামগ্ৰী সমূহ প্ৰেৰণ কৰাৰ বাবে চেষ্টা চলাই থকা হয়। আৰু পঢ়কঃ ৰাহুল গান্ধীয়ে ঘোষণা কৰিব পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম;লতাজীক শ্ৰদ্ধা জনাই প্ৰথমে বজোৱা হ’ব ‘এ মেৰে ৱতেন কে লগ’
FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান