--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত অবৈধ প্ৰৱেশ কৰিব বিচৰা তিনিজন পাকিস্তানীক গুলীয়াই হত্যা। জম্মু-কাশ্মীৰত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে গুলীয়াই হত্যা কৰে তিনিজন পাকিস্তানী নাগৰিকক। জম্মু-কাশ্মীৰৰ চাম্বা ছেক্টৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰৰ বায়িংলাৰ্ড অঞ্চলত এই ঘটনা সংঘটিত হৈছে। ৩৬ পেকেট হেৰ'ইন জব্দ জম্মু-কাশ্মীৰত পুনৰ ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে অবৈধভাৱে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিব বিচৰা তিনিজন পাকিস্তানী নাগৰিকক গুলীয়াই হত্যা কৰে। দেওবাৰে দুপৰীয়া প্ৰায় ২.৩০ মান বজাত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ টহলদাৰী দলে তিনিজন পাকিস্তানী নাগৰিকক অবৈধভাৱে ভাৰতৰ ভূমিত প্ৰৱেশ কৰাৰ বাবে চেষ্টা চলাই থকা প্ৰত্যক্ষ কৰে। সেই দৃশ্য দেখি ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান সকলে পাকিস্তানী লোককেইজনক বাৰে বাৰে তেনে নকৰিবলৈ সকীয়াই দিয়ে। কিন্তু পাকিস্তানী লোককেইজনে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ কথাত কোনো গুৰুত্ব নিদি ভাৰতত প্ৰৱেশ কৰিব বিচাৰে। সেয়ে অৱশেষত বি এছ এফে গুলিচালনা কৰিবলৈ বাধ্য হয়। বি এছ এফ বাহিনীয়ে পাকিস্তানী নাগৰিককেইজনৰ পৰা ৩৬ পেকেট হেৰ'ইন জব্দ কৰে। ৩৬ পেকেট হেৰ'ইনৰ ওজন ৩৬ কেজি। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য ১৮০ কোটি টকা বুলি জানিব পৰা গৈছে। পাকিস্তানৰ পৰা প্ৰায়ে এনেধৰণে ভাৰতত প্ৰৱেশ কৰি অবৈধভাৱে নিষিদ্ধ নিচাযুক্ত সামগ্ৰী সমূহ প্ৰেৰণ কৰাৰ বাবে চেষ্টা চলাই থকা হয়। আৰু পঢ়কঃ ৰাহুল গান্ধীয়ে ঘোষণা কৰিব পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম;লতাজীক শ্ৰদ্ধা জনাই প্ৰথমে বজোৱা হ’ব ‘এ মেৰে ৱতেন কে লগ’

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন