--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰৰ সাৰস্বত সাধনাক যুগমীয়া শিল্পলৈ ৰূপান্তৰ কৰা কিংবদন্তি শিল্পী লতা মংগেশকাৰৰ আজি পুৱা ৮ বাজি ১২ মিনিটত মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত দেহাৱসান ঘটে৷ এইগৰাকী মহাজীৱনৰ অধিকাৰী লতা মংগেশকাৰৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ বিশ্ব৷ মহান শিল্পীগৰাকীৰ বিয়োগত এতিয়া সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় শোক পালন কৰিছে। ৰাষ্ট্ৰীয় শোকৰ মাজতে ঢকুৱাখনাত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৰভোজ। ঢকুৱাখনা বৰ্ষামুখ পঞ্চায়তৰ গৰখীয়াচুকত অনুষ্ঠিত হোৱা সদৌ অসম মিছিং জনগোষ্ঠীয় লোকসকলৰ ‘পেৰমে অপৃন’ অনুষ্ঠানত ভাগ লয় মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত পৰম তৃপ্তিৰে থলুৱা এসাঁজৰ জুতি লয় মন্ত্ৰীগৰাকীয়ে। বিশাল খাদ্য সম্ভাৰত থাকে চাই মদৰ লগতে গাহৰি পোৰা। ইয়াকে লৈ এতিয়া ৰাজ্যবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিসময়ত সমগ্ৰ দেশবাসীৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো মহান শিল্পীগৰাকীৰ বিয়োগত ম্ৰিয়মাণ হৈ পৰিছে, তেনেস্থলত মন্ত্ৰীগৰাকীৰ এনে কৰ্ম-কাণ্ডই সকলো লোককে হতবাক কৰি তুলিছে। কুকিলকন্থী গায়িকাগৰাকীৰ বিয়োগত ইতিমধ্যে প্ৰধানমন্ত্ৰী লগতে সকলো ৰাষ্ট্ৰনেতাই তেওঁলোকৰ সকলো কাৰ্যসূচী বাতিল কৰিছে, তেনেস্থলত মন্ত্ৰীগৰাকীয়ে কি যুক্তিত এনে কাৰ্য কৰিলে তাকে লৈ সকলো লোক এতিয়া ক্ষোভিত হৈ পৰিছে। ৰাইজে এতিয়া দাবী কৰিছে যে, মন্ত্ৰীগৰাকীয়ে কৰা এই কৰ্মৰ বাবে তেওঁ ৰাজহুৱাকৈ ক্ষমা খোজিব লাগে আৰু তেওঁৰ স্থিতি স্পষ্ট কৰিব লাগে। মন্ত্ৰীগৰাকীৰ এই কাৰ্যত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰিছে ৰাইজে আৰু উচ্চিত পদক্ষেপ ল’বলৈ আহ্বান জনাইছে অসমবাসীয়ে। উল্লেখ্য যে, উক্ত অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু তেওঁৰ পত্নী মামণি পেৰমে পেগুও উপস্থিত থাকে। গুমৰাগ নৃত্যৰে মন্ত্ৰীগৰাকীক মূল মঞ্চলৈ আদৰি আনে ডেকা-গাভৰুসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন