--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰৰ সাৰস্বত সাধনাক যুগমীয়া শিল্পলৈ ৰূপান্তৰ কৰা কিংবদন্তি শিল্পী লতা মংগেশকাৰৰ আজি পুৱা ৮ বাজি ১২ মিনিটত মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত দেহাৱসান ঘটে৷ এইগৰাকী মহাজীৱনৰ অধিকাৰী লতা মংগেশকাৰৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ বিশ্ব৷ মহান শিল্পীগৰাকীৰ বিয়োগত এতিয়া সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় শোক পালন কৰিছে। ৰাষ্ট্ৰীয় শোকৰ মাজতে ঢকুৱাখনাত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৰভোজ। ঢকুৱাখনা বৰ্ষামুখ পঞ্চায়তৰ গৰখীয়াচুকত অনুষ্ঠিত হোৱা সদৌ অসম মিছিং জনগোষ্ঠীয় লোকসকলৰ ‘পেৰমে অপৃন’ অনুষ্ঠানত ভাগ লয় মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত পৰম তৃপ্তিৰে থলুৱা এসাঁজৰ জুতি লয় মন্ত্ৰীগৰাকীয়ে। বিশাল খাদ্য সম্ভাৰত থাকে চাই মদৰ লগতে গাহৰি পোৰা। ইয়াকে লৈ এতিয়া ৰাজ্যবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিসময়ত সমগ্ৰ দেশবাসীৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো মহান শিল্পীগৰাকীৰ বিয়োগত ম্ৰিয়মাণ হৈ পৰিছে, তেনেস্থলত মন্ত্ৰীগৰাকীৰ এনে কৰ্ম-কাণ্ডই সকলো লোককে হতবাক কৰি তুলিছে। কুকিলকন্থী গায়িকাগৰাকীৰ বিয়োগত ইতিমধ্যে প্ৰধানমন্ত্ৰী লগতে সকলো ৰাষ্ট্ৰনেতাই তেওঁলোকৰ সকলো কাৰ্যসূচী বাতিল কৰিছে, তেনেস্থলত মন্ত্ৰীগৰাকীয়ে কি যুক্তিত এনে কাৰ্য কৰিলে তাকে লৈ সকলো লোক এতিয়া ক্ষোভিত হৈ পৰিছে। ৰাইজে এতিয়া দাবী কৰিছে যে, মন্ত্ৰীগৰাকীয়ে কৰা এই কৰ্মৰ বাবে তেওঁ ৰাজহুৱাকৈ ক্ষমা খোজিব লাগে আৰু তেওঁৰ স্থিতি স্পষ্ট কৰিব লাগে। মন্ত্ৰীগৰাকীৰ এই কাৰ্যত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰিছে ৰাইজে আৰু উচ্চিত পদক্ষেপ ল’বলৈ আহ্বান জনাইছে অসমবাসীয়ে। উল্লেখ্য যে, উক্ত অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু তেওঁৰ পত্নী মামণি পেৰমে পেগুও উপস্থিত থাকে। গুমৰাগ নৃত্যৰে মন্ত্ৰীগৰাকীক মূল মঞ্চলৈ আদৰি আনে ডেকা-গাভৰুসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ