--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতত প্ৰথমবাৰলৈ পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা বৃদ্ধি। ১০০০ পুৰুষৰ বিপৰীতে ১০২০ মহিলা। ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য জৰীপ বা NFHS-ৰ (National Family and Health Survey) পঞ্চম পৰ্যায়ৰ সমীক্ষা অনুসৰি ভাৰতত এতিয়া পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি। বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে আছে ১০২০ গৰাকী মহিলা। ১৯৯০ চনত যেতিয়া নবেল বঁটা বিজয়ী অমৰ্ত্য সেনে "missing women" শব্দটো ব্যৱহাৰ কৰিছিল তেতিয়া ভাৰতত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে আছিল ৯২৭ গৰাকী মহিলা। ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য জৰীপৰ সমীক্ষা অনুসৰি মহিলাৰ সংখ্যা উন্নত হৈ গৈ আছে। ২০০৫-০৬ চনত পৰিচালিত NFHS-ৰ তৃতীয় পৰ্যায়ৰ সমীক্ষা অনুসৰি পুৰুষ মহিলাৰ অনুপাত আছিল ১০০০:১০০০, ২০১৫-১৬ বৰ্ষত NFHS-ৰ চতুৰ্থ পৰ্যায়ৰ সমীক্ষা অনুসৰি এই অনুপাত ১০০০:৯৯১ লৈ নামি গৈছিল।

NFHS-ৰ সমীক্ষা বা লোকপিয়লত এইবাৰ প্ৰথমবাৰৰ বাবে যে লিংগ অনুপাতত মহিলাৰ সংখ্যা বৃদ্ধি পালে। কেন্দ্ৰ চৰকাৰে বুধবাৰে ভাৰতৰ লগতে দ্বিতীয় পৰ্যায়ৰ অধীনত একত্ৰিত হোৱা জনসংখ্যা, প্ৰজনন আৰু শিশু স্বাস্থ্য, পৰিয়াল কল্যাণ, পুষ্টি আৰু অন্যান্যৰ ওপৰত মুখ্য সূচকৰ তথ্যপত্ৰ মুকলি কৰে। ইয়াত ২০১৯-২১ৰ NFHS-ৰ পঞ্চম পৰ্যায়ৰ সমীক্ষাত জৰীপ কৰা ৰাজ্যসমূহ হৈছে অৰুণাচল প্ৰদেশ, ছণ্ডীগড়, ছত্তীশগড়, হাৰিয়ানা, ঝাৰখণ্ড, মধ্য প্ৰদেশ, দিল্লীৰ এনচিটি, উৰিষ্যা, পুডুচেৰী, পঞ্জাৱ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড। ৰাষ্ট্ৰীয় পৰ্যায়ত মহিলা আৰু শিশুৰ মাজত ৰক্তহীনতা হোৱাৰ ঘটনা ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজত একে হোৱা দেখা গৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফলাফলবোৰ NFHS-ৰ পঞ্চম, প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ তথ্য ব্যৱহাৰ কৰি গণনা কৰা হৈছিল।

২২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে NFHS-ৰ পঞ্চমৰ প্ৰথম পৰ্যায়ৰ ফলাফল ২০২০ৰ ডিচেম্বৰত মুকলি কৰা হৈছিল। ফলাফল অনুসৰি শিশুৰ পুষ্টি সূচকবোৰে সৰ্বভাৰতীয় স্তৰত সামান্য উন্নতি দেখুৱাইছে। কিয়নো শিশুৰ পুষ্টিহীনতাৰ হাৰ ৩৮ শতাংশৰ পৰা ৩৬ শতাংশলৈ হ্ৰাস পাইছে। শিশুৰ ওজন কমি যোৱাৰ হাৰ ৩৬ শতাংশৰ পৰা ৩২ শতাংশলৈ হ্ৰাস পাইছে।

উল্লেখ্য যে পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাক কেন্দ্ৰ চৰকাৰে নিৰন্তৰ প্ৰচাৰ কৰি থকা 'বেটী বচাও..বেটী পঢ়াও'ৰ প্ৰভাৱকো নুই কৰিব নোৱাৰি। উত্তৰ প্ৰদেশ, বিহাৰত কন্যা ভ্ৰুণ হত্যা পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে। উত্তৰ প্ৰদেশ,বিহাৰ,ছত্তীশগড়ত নাৰীক ভোগৰ সামগ্ৰী হিচাপে গণ্য কৰা হয়। উত্তৰ প্ৰদেশত নাৰীৰ স্থান ক'ত সেয়া 'হাথৰাছ ধৰ্ষণ কাণ্ড'লৈ চালেই বুজিব পাৰি। অসম তথা উত্তৰ পূৰ্বাঞ্চল আৰু দক্ষিণ ভাৰতত নাৰীৰ স্থান বহু উচ্চ। উত্তৰ প্ৰদেশ, ছত্তীশগড়তো মহিলাৰ সংখ্যা বৃদ্ধি পোৱা কথাটোত বুজিব পাৰি যে তাত কন্যা শিশু ভ্ৰুণ হত্যা কমিছে। এয়াই নিশ্চয়কৈ শুভলক্ষণ।

আৰু পঢ়কঃ ‘মাতিলেই নামি অহা জোনাক’ক হিয়াত সামৰি পোহৰ সিঁচিছে তৰালি শৰ্মাই


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক