--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমাৰ সমাজ ব্যৱস্থাৰ আপোনাৰ মোৰ বাবে সবাটোকৈ ডাঙৰ শত্ৰুটোৱে হ’ল দুৰ্নীতি৷ দুৰ্নীতি শিপাডাল ইমান দূৰলৈকে শিপালে যে, ইয়াক নিৰ্মূল কৰাটো বৰ্তমান একেবাৰে কঠিন হৈ পৰিছে৷ চৰকাৰ যন্ত্ৰই দুৰ্নীতিক লৈ যিমানেই শূন্যশহনশীলতা বুলি নকওঁক কিয়, গোটেই ব্যৱস্হাটোতে আচলতে এটা বিশাল প্ৰশ্নবোধক চিহ্ন ৰৈ যায়৷ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০০০ চনৰ এটা ৰায়দানত দুৰ্নীতি সম্পৰ্কত এইদৰে মন্তব্য কৰিছিল যে – ‘সভ্য সমাজত দুৰ্নীতি কৰ্কট ৰোগৰ দৰে, সঠিক সময়ত ব্যৱস্থা নল’লে মানুহৰ সামাজিক জীৱনত ভয়ংকৰ প্ৰভাৱ পেলাব পাৰে। প্লেগৰ দৰে এই ব্যাধি অকল ভয়াবহই নহয় বনজুইৰ দৰে অতি সোনকালে চৌদিশে পিয়পি পৰিব পাৰে। মুঠতে টকাৰ বাবে মানুহে যিকোনো পৰ্যায়লৈকে মানুহে কাম কৰিব পাৰে৷

দেশত বৰ্তমান দুৰ্নীতি অথবা কলা ধনৰ সৰ্বাধিক ডাঙৰ খবৰটোৱে এতিয়া তোলপাৰ লগাইছে৷ খবৰ অনুসৰি কৰ্ণাটকৰ কালাবুৰাগী চহৰখনত পানী পাইপত উদ্ধাৰ হৈছে বৃহৎ ধনৰাশি৷ এই ধনৰাশি পোৱা ঘৰটোৰ গৰাকী, সান্তানগৌড়া আৰু তেওঁ পিডব্লিউডি-ৰাজেৱাৰ্গী উপ-বিভাগৰ এজন কনিষ্ঠ অভিযন্তা৷ বুধবাৰে দুৰ্নীতি বিৰোধী ব্যুৰো (এচিবি)ৰ দ্বাৰা চহৰখনৰ এইজন অভিযন্তাৰ ঘৰত তালাচী চলোৱা হৈছিল। অভিযন্তাজনৰ ওপৰত তেওঁৰ সম্পত্তিৰ পৰিমাণ তেওঁৰ উপাৰ্জনৰ সৈতে কোনো সামঞ্জস্য নৰখাৰ অভিযোগ আছিল।

ফলস্বৰূপে, (এচিবি)ৰ দ্বাৰা দুৰ্নীতি বিৰোধী শাখাৰ বিষয়াসকলে অভিযন্তাজনৰ কালবুৰ্গীৰ ঘৰৰ বাসভৱনত তালাচী চলাইছিল। তালাচী অন্তত, দেখা গৈছিল যে অভিযন্তাজনৰ ঘৰৰ পাইপৰ পৰা টকা ওলাই আহিছিল। আৰক্ষীয়ে গোটেই ঘৰটো তন্নতন্ন কৈ পৰীক্ষা কৰিছিল আৰু প্ৰায় ৪০ লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰিছিল। কেৱল সেয়াই নহয়, ইয়াৰে ৫ লাখ টকা ঘৰৰ পিভিচি পাইপলাইনৰ ভিতৰত লুকুৱাই ৰখা হৈছিল। দুৰ্নীতি বিৰোধী শাখাৰ বিষয়াসকলে ইতিমধ্যে এই বিষয়ে দৃঢ় তথ্য লাভ কৰিছিল। তালাচী চলাওতে তেওঁলোকে পানীৰ মেকানিকো লগত লৈ আহিছিল। তেওঁলোকে প্ৰথমে মেকানিকজনক পাইপৰ এটা নিৰ্দিষ্ট অংশ কাটিবলৈ কৈছিল। তাৰ পৰা নগদ পাঁচ লাখ টকা উদ্ধাৰ কৰিছিল। লগতে বিষয়াজনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ সোণৰ গহনা উদ্ধাৰ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন