--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমাৰ সমাজ ব্যৱস্থাৰ আপোনাৰ মোৰ বাবে সবাটোকৈ ডাঙৰ শত্ৰুটোৱে হ’ল দুৰ্নীতি৷ দুৰ্নীতি শিপাডাল ইমান দূৰলৈকে শিপালে যে, ইয়াক নিৰ্মূল কৰাটো বৰ্তমান একেবাৰে কঠিন হৈ পৰিছে৷ চৰকাৰ যন্ত্ৰই দুৰ্নীতিক লৈ যিমানেই শূন্যশহনশীলতা বুলি নকওঁক কিয়, গোটেই ব্যৱস্হাটোতে আচলতে এটা বিশাল প্ৰশ্নবোধক চিহ্ন ৰৈ যায়৷ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০০০ চনৰ এটা ৰায়দানত দুৰ্নীতি সম্পৰ্কত এইদৰে মন্তব্য কৰিছিল যে – ‘সভ্য সমাজত দুৰ্নীতি কৰ্কট ৰোগৰ দৰে, সঠিক সময়ত ব্যৱস্থা নল’লে মানুহৰ সামাজিক জীৱনত ভয়ংকৰ প্ৰভাৱ পেলাব পাৰে। প্লেগৰ দৰে এই ব্যাধি অকল ভয়াবহই নহয় বনজুইৰ দৰে অতি সোনকালে চৌদিশে পিয়পি পৰিব পাৰে। মুঠতে টকাৰ বাবে মানুহে যিকোনো পৰ্যায়লৈকে মানুহে কাম কৰিব পাৰে৷

দেশত বৰ্তমান দুৰ্নীতি অথবা কলা ধনৰ সৰ্বাধিক ডাঙৰ খবৰটোৱে এতিয়া তোলপাৰ লগাইছে৷ খবৰ অনুসৰি কৰ্ণাটকৰ কালাবুৰাগী চহৰখনত পানী পাইপত উদ্ধাৰ হৈছে বৃহৎ ধনৰাশি৷ এই ধনৰাশি পোৱা ঘৰটোৰ গৰাকী, সান্তানগৌড়া আৰু তেওঁ পিডব্লিউডি-ৰাজেৱাৰ্গী উপ-বিভাগৰ এজন কনিষ্ঠ অভিযন্তা৷ বুধবাৰে দুৰ্নীতি বিৰোধী ব্যুৰো (এচিবি)ৰ দ্বাৰা চহৰখনৰ এইজন অভিযন্তাৰ ঘৰত তালাচী চলোৱা হৈছিল। অভিযন্তাজনৰ ওপৰত তেওঁৰ সম্পত্তিৰ পৰিমাণ তেওঁৰ উপাৰ্জনৰ সৈতে কোনো সামঞ্জস্য নৰখাৰ অভিযোগ আছিল।

ফলস্বৰূপে, (এচিবি)ৰ দ্বাৰা দুৰ্নীতি বিৰোধী শাখাৰ বিষয়াসকলে অভিযন্তাজনৰ কালবুৰ্গীৰ ঘৰৰ বাসভৱনত তালাচী চলাইছিল। তালাচী অন্তত, দেখা গৈছিল যে অভিযন্তাজনৰ ঘৰৰ পাইপৰ পৰা টকা ওলাই আহিছিল। আৰক্ষীয়ে গোটেই ঘৰটো তন্নতন্ন কৈ পৰীক্ষা কৰিছিল আৰু প্ৰায় ৪০ লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰিছিল। কেৱল সেয়াই নহয়, ইয়াৰে ৫ লাখ টকা ঘৰৰ পিভিচি পাইপলাইনৰ ভিতৰত লুকুৱাই ৰখা হৈছিল। দুৰ্নীতি বিৰোধী শাখাৰ বিষয়াসকলে ইতিমধ্যে এই বিষয়ে দৃঢ় তথ্য লাভ কৰিছিল। তালাচী চলাওতে তেওঁলোকে পানীৰ মেকানিকো লগত লৈ আহিছিল। তেওঁলোকে প্ৰথমে মেকানিকজনক পাইপৰ এটা নিৰ্দিষ্ট অংশ কাটিবলৈ কৈছিল। তাৰ পৰা নগদ পাঁচ লাখ টকা উদ্ধাৰ কৰিছিল। লগতে বিষয়াজনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ সোণৰ গহনা উদ্ধাৰ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক