--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেইদিনমানৰ আগতে অসমৰ চুকে-কোণে ভেকচিন প্ৰদানৰ বাবে স্বাস্থ্যকৰ্মী আৰু প্ৰশাসনৰ ব্যক্তিসকল সোমাই পৰা দেখা গৈছিল। গাঁৱে-ভূঞে ভেকচিন প্ৰদান কৰা সেই সময়তে বহু বয়োজ্যেষ্ঠ লোকে ভীতিগ্ৰস্ত হৈ ভেকচিন গ্ৰহণৰ বিৰোধিতাও কৰিছিল। কিন্তু তাৰ বিপৰীতে স্বাস্থ্যকৰ্মী আৰু প্ৰশাসনৰ ব্যক্তিসকলে জোৰ কৰি সেইসকল লোকক ভেকচিন প্ৰদান কৰা দেখা গৈছিল। কেৱল এয়াই নহয়, বহু লোকক প্ৰশাসনৰ ভয় দেখুৱাই ভেকচিন প্ৰদান কৰা ভিডিঅ' পোহৰলৈ আহিছিল। ভেকচিন গ্ৰহণ নকৰিলে যিকোনো চৰকাৰী সা-সুবিধা লাভৰ পৰা বঞ্চিত হ'ব বুলিও একাংশই উৰা বাতৰি চলোৱা লাহে-লাহে পোহৰলৈ আহিছে। কেইমাহমান আগতে গুৱাহাটী মহানগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত গ্ৰাহকৰ চকুত পৰাকৈ প্ৰতিষ্ঠানৰ গৰাকীয়ে ভেকচিন গ্ৰহণৰ প্ৰমাণ পত্ৰ ওলোমাই ৰাখিব লাগিব বুলিও নিৰ্দেশনা দিছিল ৰাজ্য চৰকাৰে। শেহতীয়াকৈ বিভিন্ন শ্বপিং মল বা চৰকাৰী কাৰ্যালয়ত 'No vaccine, no entry' পলিচী গ্ৰহণ কৰি দুয়ো পালি ভেকচিন গ্ৰহণ নকৰা ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। অসম চৰকাৰৰ এনে নীতিৰ সলনি কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰিছে বিপৰীত স্থিতি। ভাৰতবৰ্ষত ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়। কোনো ব্যক্তিক চৰকাৰ বা কোনো কৰ্তৃপক্ষই জোৰ কৰি ভেকচিন প্ৰদান কৰিব নোৱাৰিব। ভেকচিন গ্ৰহণ কৰাটো এটা স্বেচ্ছামূলক কামহে। ইয়াত কোনো বাধ্য বাধকতা নাই। উচ্চতম ন্যায়ালয়ৰ এক প্ৰশ্নৰ উত্তৰত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে জনাইছে এই কথা। প্ৰতিবন্ধী ব্যক্তিৰ ভেকচিন গ্ৰহণ প্ৰক্ৰিয়া সহজ কৰিবলৈ কেন্দ্ৰসমূহত বাধাহীন প্ৰৱেশাধিকাৰ দিবলৈ এক নিৰ্দেশনা জাৰি কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক আবেদনৰ শুনানী গ্ৰহণ কৰি কেন্দ্ৰ চৰকাৰৰ পৰা কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰিছিল ন্যায়ালয়ে। সেই প্ৰশ্নৰ উত্তৰত এখন শপতনামা দাখিল কৰি এনেদৰেই উল্লেখ কৰিছে কেন্দ্ৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে। স্বাস্থ্য মন্ত্ৰণালয়ৰ এই শপতনামা দাখিলৰ পাছতেই এতিয়া বিমোৰত পৰিছে দেশৰ জনসাধাৰণ। এফালে কেন্দ্ৰ চৰকাৰৰ ভেকচিনৰ ক্ষেত্ৰত এক উদাসীন নীতি আৰু আনফালে অসম চৰকাৰৰ কঠোৰ নীতিত চকুৰে সৰিয়হ ফুল দেখিছে সাধাৰণ জনতাই। স্বেচ্ছামূলকভাৱে ভেকচিন গ্ৰহণ কৰিবলৈ কেন্দ্ৰ চৰকাৰে জনোৱা আহ্বানৰ বিপৰীতে অসমত জোৰ-জুলুম কৰি ভেকচিন দিয়া ঘটনাই এতিয়া চকু কপালত তুলিছে সকলোৰে। অসম সচিবালয়ৰ বহু কৰ্মচাৰীয়ে ভেকচিন গ্ৰহণ নকৰা বাবে কাম কৰাত বাধা প্ৰদান কৰা হৈছে। কাৰ্যালয়লৈ অহা কৰ্মচাৰীক ঘূৰাই পঠোৱাৰ লগতে দৰমহা কৰ্তনৰো সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। কিন্তু কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত এই শপতনামা দাখিল কৰাৰ পাছতেই অসম চৰকাৰে এনেকৈ ৰাইজক হাৰাশাস্তি কৰাৰ অধিকাৰ প্ৰকৃততে আছেনে? শ্বপিং মল বা আন ৰাজহুৱা স্থানত ভেকচিন গ্ৰহণ কৰা লোকক কেৱল মাত্ৰ এটা ষ্টাম্প মাৰি বৈষম্য সৃষ্টি কৰাৰ নৈতিক অধিকাৰ আছেনে? এনে প্ৰশ্নবোৰেও এতিয়া জুমুৰি দি ধৰিছে সাধাৰণ ৰাইজৰ মনত। সমান্তৰালকৈ কেন্দ্ৰ চৰকাৰৰ নীতিৰ সৈতে ৰাজ্যসমূহৰ কোনো সমিলমিল নথকা বুলি অভিযোগ উত্থাপিত হৈছে। লগতে অসমৰ নানা ব্যৱসায়িক প্ৰতিস্থান তথা জনসাধাৰণক ৰাজ্য চৰকাৰে উদ্দেশ্য প্ৰণোদিতভাৱে হাৰাশাস্তি কৰিছে বুলিও সমালোচনা কৰিছে সচেতন লোকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ