--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্কট বা কেন্সাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বৰ্তমান সময়ত বেছিকৈ দেখিবলৈ পোৱা গৈছে। আজিকালি সৰসসংখ্যক মানুহৰ মৃত্যু কেন্সাৰ ৰোগৰ ফলতেই হয়। ই এনে এক ৰোগ যি ক্ৰমান্বয়ে সমগ্ৰ শৰীৰত বিয়পে। বহু মানুহে বুজিয়েই নাপায় কেন্সাৰৰ লক্ষণ। যদি ইয়াক সঠিক সময়ত চিনাক্ত কৰা নহয়, কৰ্কট ৰোগীৰ প্ৰাণৰক্ষা কৰাতো প্ৰায় অসম্ভৱ হৈ পৰে। কৰ্কট ৰোগৰ বহুতো প্ৰাৰম্ভিক লক্ষণ আছে, যিবোৰ মানুহে সহজতে বুজি নাপায় বা বুজি পালেও আওকাণ কৰে, ফলত বেমাৰটোৱে শৰীৰত বৃদ্ধি হোৱাৰ সুযোগ পায়। কৰ্কট বা কেন্সাৰ ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ সঠিক সময়ত চিনাক্ত কৰিব পাৰিলে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। চিকিৎসকে কয় যে কৰ্কট ৰোগৰ লক্ষণবোৰ প্ৰায়ে অস্পষ্ট, অৱশ্যে কিছুমান এনে কিছুমান লক্ষণ আছে যি কৰ্কট ৰোগৰ ফালে আঙুলিয়াই দিয়ে। বহুতো কৰ্কট ৰোগৰ গৱেষণাই প্ৰকাশ কৰিছে যে ৰোগটোৰ আৰম্ভণিতে শৰীৰে বহু সতৰ্কবাণী মানুহৰ মনলৈ প্ৰেৰণ কৰে। কিন্তু বেছিভাগ মানুহে এই লক্ষণবোৰ স্বাভাৱিক বুলি উপেক্ষা কৰে। কৰ্কট ৰোগৰ প্ৰাৰম্ভিক ৭ টা লক্ষণ .শৰীৰৰ যিকোনো অংশত দীঘলীয়া বিষ থাকে। কোনো ৰোগ নোহোৱা স্বত্বেও বিষ, অস্বস্তি অনুভৱ কৰা। এনে ক্ষেত্ৰত পৰ্যাপ্ত অনুসন্ধানৰ প্ৰয়োজন। চিকিৎসকে কয় যে যদি নিৰন্তৰ বুকু, হাঁওফাঁওৰ বিষ, মুৰৰ বিষ বা পেটৰ বিষৰ সমস্যা হয় তেনেহ'লে পৰীক্ষা কৰক। এই বিষৰ অৰ্থ এইটো নহয় যে আপোনাৰ শৰীৰত কৰ্কট ৰোগ আছে কিন্তু এই বিষবোৰ উপেক্ষা কৰি ঘৰত বহি থকাটো উচিত নহয়। বিষৰ সময় দীঘলীয়া হলে তুৰন্তে চিকিৎসকৰ কাষ চপা উচিত। ২.যদি আপুনি দীৰ্ঘদিন ধৰি কাহি আছে, আপুনি ইয়াক পৰীক্ষা কৰিবই লাগিব। শ্লেষ্মা আৰু কাহৰ সৈতে ৰক্তক্ষৰণ হ'লে এয়া কেন্সাৰ ৰোগৰ প্ৰাৰম্ভণি হব পাৰে। ৩.মূত্ৰাশয় বা প্ৰস্ৰাৱৰ সৈতে সম্পৰ্কিত সমস্যা থাকিলে পৰ্যাপ্ত পৰীক্ষা কৰিব লাগে। যদি প্ৰস্ৰাৱত তেজৰ সমস্যা হয়, ই গুৰুতৰ সমস্যাৰ লক্ষণ। ৪.ৰজোনিবৃত্তি বা মেনোপজৰ পাছত মহিলাসকলে শৰীৰ পৰীক্ষা কৰা অব্যাহত ৰাখিব লাগে। মেনোপজৰ পাছতো যদি ৰক্তক্ষৰণ হয় তেন্তে এয়া স্বাভাৱিক লক্ষণ নহয়। লগতে, শৌচত ৰক্তক্ষৰণ, দাঁতৰ আলুৰ পৰা তেজ ওলাই থকা, মুখৰ পৰা ৰক্তক্ষৰণ হোৱা শুভ লক্ষণ নহয়। ৫.কোনো কাৰণ নোহোৱাকৈ ওজন হ্ৰাস হোৱাটো চিন্তনীয় বিষয়। কোনো কাৰণ নোহোৱাকৈ আপোনাৰ শৰীৰত ওজন কমি গলে ইয়াক আওকাণ নকৰিব। যদি এনে হৈছে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লওক। প্ৰায়ে দেখা গৈছে যে অগ্ন্যাশয়, পাকস্থলী, খাদ্যনলী বা হাঁওফাঁওত কৰ্কট ৰোগে আক্ৰমণ কৰিলে মানুহৰ শৰীৰৰ ওজন হ্ৰাস পায়। ৬.অন্ত্ৰাশয়ত যদি দীৰ্ঘদিন ধৰি সমস্যা পাই থাকে এই ক্ষেত্ৰত চিকিৎসকৰ মতামত অনুসৰি শৰীৰ পৰীক্ষা কৰাওক। এয়া হ'ব পাৰে কেন্সাৰৰ লক্ষণ। ৭. নিৰন্তৰ ভাগৰ। অত্যাধিক কামৰ পিছত ভাগৰ লগাটো স্বাভাৱিক কিন্তু কোনো কাৰণ নোহোৱাকৈ ভাগৰ লাগি থকাটো স্বাভাৱিক নহয়। দেহ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ প্ৰাৰম্ভিক পৰ্যায়ত ভাগৰ লগাটো এটা লক্ষণ, গতিকে আপুনি যদি এনে সমস্যাৰ সন্মুখীন হয় তেন্তে চিকিৎসকৰ কাষ চাপিবলৈ নাপাহৰিব। আৰু পঢ়কঃ কইনা আহিল চাইকেলত উঠি! জাকজমকতা ত্যাগ কৰি সাধাৰণকৈ বিয়া পাতি চৰ্চাত ডিএছপি ছাৰ    

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন