--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্কট বা কেন্সাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বৰ্তমান সময়ত বেছিকৈ দেখিবলৈ পোৱা গৈছে। আজিকালি সৰসসংখ্যক মানুহৰ মৃত্যু কেন্সাৰ ৰোগৰ ফলতেই হয়। ই এনে এক ৰোগ যি ক্ৰমান্বয়ে সমগ্ৰ শৰীৰত বিয়পে। বহু মানুহে বুজিয়েই নাপায় কেন্সাৰৰ লক্ষণ। যদি ইয়াক সঠিক সময়ত চিনাক্ত কৰা নহয়, কৰ্কট ৰোগীৰ প্ৰাণৰক্ষা কৰাতো প্ৰায় অসম্ভৱ হৈ পৰে। কৰ্কট ৰোগৰ বহুতো প্ৰাৰম্ভিক লক্ষণ আছে, যিবোৰ মানুহে সহজতে বুজি নাপায় বা বুজি পালেও আওকাণ কৰে, ফলত বেমাৰটোৱে শৰীৰত বৃদ্ধি হোৱাৰ সুযোগ পায়। কৰ্কট বা কেন্সাৰ ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ সঠিক সময়ত চিনাক্ত কৰিব পাৰিলে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। চিকিৎসকে কয় যে কৰ্কট ৰোগৰ লক্ষণবোৰ প্ৰায়ে অস্পষ্ট, অৱশ্যে কিছুমান এনে কিছুমান লক্ষণ আছে যি কৰ্কট ৰোগৰ ফালে আঙুলিয়াই দিয়ে। বহুতো কৰ্কট ৰোগৰ গৱেষণাই প্ৰকাশ কৰিছে যে ৰোগটোৰ আৰম্ভণিতে শৰীৰে বহু সতৰ্কবাণী মানুহৰ মনলৈ প্ৰেৰণ কৰে। কিন্তু বেছিভাগ মানুহে এই লক্ষণবোৰ স্বাভাৱিক বুলি উপেক্ষা কৰে। কৰ্কট ৰোগৰ প্ৰাৰম্ভিক ৭ টা লক্ষণ .শৰীৰৰ যিকোনো অংশত দীঘলীয়া বিষ থাকে। কোনো ৰোগ নোহোৱা স্বত্বেও বিষ, অস্বস্তি অনুভৱ কৰা। এনে ক্ষেত্ৰত পৰ্যাপ্ত অনুসন্ধানৰ প্ৰয়োজন। চিকিৎসকে কয় যে যদি নিৰন্তৰ বুকু, হাঁওফাঁওৰ বিষ, মুৰৰ বিষ বা পেটৰ বিষৰ সমস্যা হয় তেনেহ'লে পৰীক্ষা কৰক। এই বিষৰ অৰ্থ এইটো নহয় যে আপোনাৰ শৰীৰত কৰ্কট ৰোগ আছে কিন্তু এই বিষবোৰ উপেক্ষা কৰি ঘৰত বহি থকাটো উচিত নহয়। বিষৰ সময় দীঘলীয়া হলে তুৰন্তে চিকিৎসকৰ কাষ চপা উচিত। ২.যদি আপুনি দীৰ্ঘদিন ধৰি কাহি আছে, আপুনি ইয়াক পৰীক্ষা কৰিবই লাগিব। শ্লেষ্মা আৰু কাহৰ সৈতে ৰক্তক্ষৰণ হ'লে এয়া কেন্সাৰ ৰোগৰ প্ৰাৰম্ভণি হব পাৰে। ৩.মূত্ৰাশয় বা প্ৰস্ৰাৱৰ সৈতে সম্পৰ্কিত সমস্যা থাকিলে পৰ্যাপ্ত পৰীক্ষা কৰিব লাগে। যদি প্ৰস্ৰাৱত তেজৰ সমস্যা হয়, ই গুৰুতৰ সমস্যাৰ লক্ষণ। ৪.ৰজোনিবৃত্তি বা মেনোপজৰ পাছত মহিলাসকলে শৰীৰ পৰীক্ষা কৰা অব্যাহত ৰাখিব লাগে। মেনোপজৰ পাছতো যদি ৰক্তক্ষৰণ হয় তেন্তে এয়া স্বাভাৱিক লক্ষণ নহয়। লগতে, শৌচত ৰক্তক্ষৰণ, দাঁতৰ আলুৰ পৰা তেজ ওলাই থকা, মুখৰ পৰা ৰক্তক্ষৰণ হোৱা শুভ লক্ষণ নহয়। ৫.কোনো কাৰণ নোহোৱাকৈ ওজন হ্ৰাস হোৱাটো চিন্তনীয় বিষয়। কোনো কাৰণ নোহোৱাকৈ আপোনাৰ শৰীৰত ওজন কমি গলে ইয়াক আওকাণ নকৰিব। যদি এনে হৈছে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লওক। প্ৰায়ে দেখা গৈছে যে অগ্ন্যাশয়, পাকস্থলী, খাদ্যনলী বা হাঁওফাঁওত কৰ্কট ৰোগে আক্ৰমণ কৰিলে মানুহৰ শৰীৰৰ ওজন হ্ৰাস পায়। ৬.অন্ত্ৰাশয়ত যদি দীৰ্ঘদিন ধৰি সমস্যা পাই থাকে এই ক্ষেত্ৰত চিকিৎসকৰ মতামত অনুসৰি শৰীৰ পৰীক্ষা কৰাওক। এয়া হ'ব পাৰে কেন্সাৰৰ লক্ষণ। ৭. নিৰন্তৰ ভাগৰ। অত্যাধিক কামৰ পিছত ভাগৰ লগাটো স্বাভাৱিক কিন্তু কোনো কাৰণ নোহোৱাকৈ ভাগৰ লাগি থকাটো স্বাভাৱিক নহয়। দেহ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ প্ৰাৰম্ভিক পৰ্যায়ত ভাগৰ লগাটো এটা লক্ষণ, গতিকে আপুনি যদি এনে সমস্যাৰ সন্মুখীন হয় তেন্তে চিকিৎসকৰ কাষ চাপিবলৈ নাপাহৰিব। আৰু পঢ়কঃ কইনা আহিল চাইকেলত উঠি! জাকজমকতা ত্যাগ কৰি সাধাৰণকৈ বিয়া পাতি চৰ্চাত ডিএছপি ছাৰ    

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ