--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ভেলেণ্টাইন ডে'। প্ৰতি প্ৰেমিক যুগলে আজিৰ দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাকে। বর্তমান সময়ত সমগ্ৰ বিশ্বতে ভেলেণ্টাইন ডে’ এটা ডাঙৰ উৎসৱত পৰিণত হৈছে। পাছে এই প্ৰেম দিৱসৰ বিৰুদ্ধে কঠোৰ হৈছে এখন মহাবিদ্যালয়। এখন চিকিৎসা মহাবিদ্যালয়ে ভেলেণ্টাইন দিৱস উপলক্ষে শিক্ষাৰ্থীসকলৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি ছাত্ৰীসকলৰ পৰা ছাত্ৰসকলে দুই মিটাৰ দূৰত্ব বজাই ৰাখিব লাগিব। ইয়াৰ লগতে ছাত্ৰীক হিজাব আৰু ছাত্ৰক নামাজত পিন্ধা বগা টুপী পৰিধান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই ঘটনা সংঘটিত হৈছে পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ এখন চিকিৎসা মহাবিদ্যালয়ত। ইছলামাবাদ আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ে শনিবাৰে এক বিজ্ঞপ্তি জাৰি কৰি ছাত্ৰ-ছাত্ৰীসকলক ভেলেণ্টাইন দিৱস উদযাপনত অংশগ্ৰহণ কৰাত বাধা প্ৰদান কৰে। বিশ্ববিদ্যালয়ৰ পোছাক বিধি অনুসৰি সকলো ছাত্ৰীক হিজাবেৰে মূৰ, ডিঙি আৰু বুকু ভালদৰে ঢাকি ৰাখিবলৈ কোৱা হৈছে লাগে। আনহাতে কোনো ছাত্ৰই যাতে নামাজত পিন্ধা বগা টুপী নিপিন্ধাকৈ বিশ্ববিদ্যালয়লৈ নাহে তাৰবাবে কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছে। বিজ্ঞপ্তিখনে এইটোও সতৰ্ক কৰি দিছিল যে মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ সদস্যসকলে এই নিৰ্দেশনা উলংঘা কৰা শিক্ষাৰ্থীসকলক ধৰিবলৈ চৌহদত টহল দি থাকিব। গতিকে সকলোৱে যাতে এই নিৰ্দেশনা মানি চলে। মহাবিদ্যালয়ৰ বিজ্ঞপ্তিখনত উল্লেখ আছে যে এই নিয়ম উলংঘা কৰা সকলক জৰিমনা বিহা হ'ব। এই চিকিৎসা মহাবিদ্যালয়খন ১৯৯৬ চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ই ৰেফা ইণ্টাৰনেচনেল বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত এখন চিকিৎসা বিদ্যালয়। আৰু পঢ়কঃ পাণ দোকানীৰ পুত্ৰৰ বিৰাট সাফল্য! আইপিএলত ১০ কোটি টকাত ক্ৰয় আৱেশ খানক  

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক