--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ভেলেণ্টাইন ডে'। প্ৰতি প্ৰেমিক যুগলে আজিৰ দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাকে। বর্তমান সময়ত সমগ্ৰ বিশ্বতে ভেলেণ্টাইন ডে’ এটা ডাঙৰ উৎসৱত পৰিণত হৈছে। পাছে এই প্ৰেম দিৱসৰ বিৰুদ্ধে কঠোৰ হৈছে এখন মহাবিদ্যালয়। এখন চিকিৎসা মহাবিদ্যালয়ে ভেলেণ্টাইন দিৱস উপলক্ষে শিক্ষাৰ্থীসকলৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি ছাত্ৰীসকলৰ পৰা ছাত্ৰসকলে দুই মিটাৰ দূৰত্ব বজাই ৰাখিব লাগিব। ইয়াৰ লগতে ছাত্ৰীক হিজাব আৰু ছাত্ৰক নামাজত পিন্ধা বগা টুপী পৰিধান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই ঘটনা সংঘটিত হৈছে পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ এখন চিকিৎসা মহাবিদ্যালয়ত। ইছলামাবাদ আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ে শনিবাৰে এক বিজ্ঞপ্তি জাৰি কৰি ছাত্ৰ-ছাত্ৰীসকলক ভেলেণ্টাইন দিৱস উদযাপনত অংশগ্ৰহণ কৰাত বাধা প্ৰদান কৰে। বিশ্ববিদ্যালয়ৰ পোছাক বিধি অনুসৰি সকলো ছাত্ৰীক হিজাবেৰে মূৰ, ডিঙি আৰু বুকু ভালদৰে ঢাকি ৰাখিবলৈ কোৱা হৈছে লাগে। আনহাতে কোনো ছাত্ৰই যাতে নামাজত পিন্ধা বগা টুপী নিপিন্ধাকৈ বিশ্ববিদ্যালয়লৈ নাহে তাৰবাবে কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছে। বিজ্ঞপ্তিখনে এইটোও সতৰ্ক কৰি দিছিল যে মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ সদস্যসকলে এই নিৰ্দেশনা উলংঘা কৰা শিক্ষাৰ্থীসকলক ধৰিবলৈ চৌহদত টহল দি থাকিব। গতিকে সকলোৱে যাতে এই নিৰ্দেশনা মানি চলে। মহাবিদ্যালয়ৰ বিজ্ঞপ্তিখনত উল্লেখ আছে যে এই নিয়ম উলংঘা কৰা সকলক জৰিমনা বিহা হ'ব। এই চিকিৎসা মহাবিদ্যালয়খন ১৯৯৬ চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ই ৰেফা ইণ্টাৰনেচনেল বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত এখন চিকিৎসা বিদ্যালয়। আৰু পঢ়কঃ পাণ দোকানীৰ পুত্ৰৰ বিৰাট সাফল্য! আইপিএলত ১০ কোটি টকাত ক্ৰয় আৱেশ খানক  
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ