--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সঁচা প্ৰেমে কেৱল হৃদয় চিনি পায়। এই কথা সময়ে সময়ে সত্য প্ৰমাণিত কৰি আহিছে কিছুমান প্ৰেম কাহিনীয়ে। হৃদয়ত সঁচা মৰম ভালপোৱা উপচি থাকিলে শৰীৰ,বয়স,ৰং,উচ্চতা,সামাজিক স্থিতি আদি সকলো গৌণ হৈ পৰে। এক প্ৰেমিক যুগলে সেই কথা প্ৰমাণ কৰি গাইছে প্ৰেমৰ জয়গান। প্ৰেমিকাৰ নাম চাচি কাচি আৰু প্ৰেমিকৰ নাম ব্লেক। চাচি কাচিৰ বয়স ৩২ আৰু ব্লেকৰ বয়স মাত্ৰ ১৯ বছৰ। প্ৰেমিকাতকৈ প্ৰেমিক ১৩ বছৰৰ সৰু। এই প্ৰেম কাহিনী আমেৰিকা যুক্তৰাষ্ট্ৰৰ। চাচিৰ উচ্চতা মাত্ৰ ২ ফুট ১০ ইঞ্চি, আনহাতে ব্লেকৰ উচ্চতা ৫ ফুট ৭ ইঞ্চি। চেছিয়ে এখন বাৰত কাম কৰে। কিন্তু যেতিয়াৰে পৰা তেনেই কম উচ্চতাৰ চাচিয়ে তেওঁতকৈ ১৩ বছৰৰ সৰু ল'ৰা এজনক প্ৰেমিক হিচাপে গ্ৰহণ কৰিছিল, তেতিয়াৰে পৰা এই প্ৰেমক লৈ মানুহে নানা ট্ৰ'ল কৰিবলৈ ধৰে। প্ৰেমিকযুগলে কৈছিল যে মানুহে তেওঁলোকৰ সম্পৰ্কক লৈ বহু ট্ৰ'ল কৰে। ছ'চিয়েল মিডিয়াত তেওঁলোকে বহুতো ঘৃণাৰে ভৰা মন্তব্যৰ সন্মুখীন হয়। ইয়াৰ স্বত্বেও চেচি আৰু ব্লেক ইজনে সিজনৰ কাষত দৃঢ়ভাৱে থিয় হৈ আছে। দুয়ো দুয়োকে বহুত ভাল পায়। ব্লেকে চাচিক বিয়া কৰাব বিচাৰে। ব্লেকে কয় যে, চাচি কাচি এগৰাকী কোমল হৃদয়ৰ যুৱতী। চাচিয়ে সদায় তেওঁৰ মন ভাল লগাই ৰাখে আৰু সেয়াই তেওঁৰ বাবে আটাইতকৈ ডাঙৰ কথা। ব্লেকে লগতে কয় যে চাচিক তেওঁ বহুত ভাল পায়। চাচিক ভালপোৱাৰ ক্ষেত্ৰত তেওঁৰ উচ্চতা, বয়স আৰু বৃত্তি কেতিয়াও বাধা হ'ব নোৱাৰে। এইবোৰ কথাত ব্লেকে কোনোদিন গুৰুত্ব দিয়া নাই। চাচিয়ে প্ৰেমিকৰ সন্দৰ্ভত কয়, চাচিয়ে ব্লেকক বহুত ভাল পায়। ব্লেকে তেওঁৰ যথেষ্ট যত্ন লয় আৰু মৰমত ৰাখে। তেওঁলোকে যোৱা বছৰ ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল। মাত্ৰ এমাহৰ ডেটিঙৰ পাছত তেওঁলোকে একেলগে থাকিবলৈ সিদ্ধান্ত লৈছিল। এবছৰ ধৰি চাচি আৰু ব্লেক একেটা ঘৰত একেলগে বাস কৰি আছে। যেতিয়া চাচি সৰু আছিল তেতিয়া চিকিৎসকে ধৰা পেলাইছিল যে তেওঁ Cartilage-Hair Hyperplasia নামৰ ৰোগত আক্ৰান্ত। ই এনে এক ৰোগ য'ত হাড়ৰ দৈৰ্ঘ্য বৃদ্ধি নহয়, যাৰ ফলত মানুহৰ উচ্চতা বৃদ্ধি নহয়। চাচিৰ উচ্চতাও শৈশৱৰ পৰা ২ ফুট ১০ ইঞ্চিতকৈ বৃদ্ধি নাপালে। কিন্তু নিজৰ উচ্চতাক কোনোদিন নিজৰ দুৰ্বলতা বুলি ভবা নাই চাচি কাচিয়ে। চাচিৰ ইনষ্টাগ্ৰামত ২ নিযুতৰো অধিক ফল'ৱাৰ্ছ আছে। ইনষ্টাগ্ৰামত তেওঁৰ ফটো আৰু ভিডিঅ'বোৰত হাজাৰ হাজাৰ মানুহে ৰিয়েক্ট কৰে। বহু মানুহে এই প্ৰেমিকযুগলক ট্ৰ'ল কৰিলেও একাংশই তেওঁলোকৰ প্ৰেম সফল হ'বলৈ শুভকামনা জ্ঞাপন কৰিছে। আৰু পঢ়কঃ ভেলেণ্টাইন ডে’ত শিক্ষাৰ্থীক হিজাব,নামাজৰ টুপী পিন্ধিবলৈ কঠোৰ নিৰ্দেশনা মহাবিদ্যালয়ৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে