--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সঁচা প্ৰেমে কেৱল হৃদয় চিনি পায়। এই কথা সময়ে সময়ে সত্য প্ৰমাণিত কৰি আহিছে কিছুমান প্ৰেম কাহিনীয়ে। হৃদয়ত সঁচা মৰম ভালপোৱা উপচি থাকিলে শৰীৰ,বয়স,ৰং,উচ্চতা,সামাজিক স্থিতি আদি সকলো গৌণ হৈ পৰে। এক প্ৰেমিক যুগলে সেই কথা প্ৰমাণ কৰি গাইছে প্ৰেমৰ জয়গান। প্ৰেমিকাৰ নাম চাচি কাচি আৰু প্ৰেমিকৰ নাম ব্লেক। চাচি কাচিৰ বয়স ৩২ আৰু ব্লেকৰ বয়স মাত্ৰ ১৯ বছৰ। প্ৰেমিকাতকৈ প্ৰেমিক ১৩ বছৰৰ সৰু। এই প্ৰেম কাহিনী আমেৰিকা যুক্তৰাষ্ট্ৰৰ। চাচিৰ উচ্চতা মাত্ৰ ২ ফুট ১০ ইঞ্চি, আনহাতে ব্লেকৰ উচ্চতা ৫ ফুট ৭ ইঞ্চি। চেছিয়ে এখন বাৰত কাম কৰে। কিন্তু যেতিয়াৰে পৰা তেনেই কম উচ্চতাৰ চাচিয়ে তেওঁতকৈ ১৩ বছৰৰ সৰু ল'ৰা এজনক প্ৰেমিক হিচাপে গ্ৰহণ কৰিছিল, তেতিয়াৰে পৰা এই প্ৰেমক লৈ মানুহে নানা ট্ৰ'ল কৰিবলৈ ধৰে। প্ৰেমিকযুগলে কৈছিল যে মানুহে তেওঁলোকৰ সম্পৰ্কক লৈ বহু ট্ৰ'ল কৰে। ছ'চিয়েল মিডিয়াত তেওঁলোকে বহুতো ঘৃণাৰে ভৰা মন্তব্যৰ সন্মুখীন হয়। ইয়াৰ স্বত্বেও চেচি আৰু ব্লেক ইজনে সিজনৰ কাষত দৃঢ়ভাৱে থিয় হৈ আছে। দুয়ো দুয়োকে বহুত ভাল পায়। ব্লেকে চাচিক বিয়া কৰাব বিচাৰে। ব্লেকে কয় যে, চাচি কাচি এগৰাকী কোমল হৃদয়ৰ যুৱতী। চাচিয়ে সদায় তেওঁৰ মন ভাল লগাই ৰাখে আৰু সেয়াই তেওঁৰ বাবে আটাইতকৈ ডাঙৰ কথা। ব্লেকে লগতে কয় যে চাচিক তেওঁ বহুত ভাল পায়। চাচিক ভালপোৱাৰ ক্ষেত্ৰত তেওঁৰ উচ্চতা, বয়স আৰু বৃত্তি কেতিয়াও বাধা হ'ব নোৱাৰে। এইবোৰ কথাত ব্লেকে কোনোদিন গুৰুত্ব দিয়া নাই। চাচিয়ে প্ৰেমিকৰ সন্দৰ্ভত কয়, চাচিয়ে ব্লেকক বহুত ভাল পায়। ব্লেকে তেওঁৰ যথেষ্ট যত্ন লয় আৰু মৰমত ৰাখে। তেওঁলোকে যোৱা বছৰ ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল। মাত্ৰ এমাহৰ ডেটিঙৰ পাছত তেওঁলোকে একেলগে থাকিবলৈ সিদ্ধান্ত লৈছিল। এবছৰ ধৰি চাচি আৰু ব্লেক একেটা ঘৰত একেলগে বাস কৰি আছে। যেতিয়া চাচি সৰু আছিল তেতিয়া চিকিৎসকে ধৰা পেলাইছিল যে তেওঁ Cartilage-Hair Hyperplasia নামৰ ৰোগত আক্ৰান্ত। ই এনে এক ৰোগ য'ত হাড়ৰ দৈৰ্ঘ্য বৃদ্ধি নহয়, যাৰ ফলত মানুহৰ উচ্চতা বৃদ্ধি নহয়। চাচিৰ উচ্চতাও শৈশৱৰ পৰা ২ ফুট ১০ ইঞ্চিতকৈ বৃদ্ধি নাপালে। কিন্তু নিজৰ উচ্চতাক কোনোদিন নিজৰ দুৰ্বলতা বুলি ভবা নাই চাচি কাচিয়ে। চাচিৰ ইনষ্টাগ্ৰামত ২ নিযুতৰো অধিক ফল'ৱাৰ্ছ আছে। ইনষ্টাগ্ৰামত তেওঁৰ ফটো আৰু ভিডিঅ'বোৰত হাজাৰ হাজাৰ মানুহে ৰিয়েক্ট কৰে। বহু মানুহে এই প্ৰেমিকযুগলক ট্ৰ'ল কৰিলেও একাংশই তেওঁলোকৰ প্ৰেম সফল হ'বলৈ শুভকামনা জ্ঞাপন কৰিছে। আৰু পঢ়কঃ ভেলেণ্টাইন ডে’ত শিক্ষাৰ্থীক হিজাব,নামাজৰ টুপী পিন্ধিবলৈ কঠোৰ নিৰ্দেশনা মহাবিদ্যালয়ৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক