--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী অনন্যা পাণ্ডেৰ শেহতীয়াকৈ ভাইৰেল হৈ পৰা  ধূমপানৰ ফটো বেছ আলোড়ণৰ সৃষ্টি কৰিছে।  অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ভগ্নীৰ মেহেন্দি অনুষ্ঠানত অতিথিৰ সন্মুখতে মুকলিকৈ ধূমপান কৰাৰ কথাটোক বহুতে সহজভাবে গ্ৰহণ কৰা নাই। সেয়ে ফটো খন ভাইৰেল হৈ পৰাৰ পিছতে নেটিজেনৰ মাজৰে বহুতে অনন্যাক  সমালোচনাৰে থকা-সৰকা কৰিছে। 

 অনন্যা পাণ্ডেৰ  ব্যক্তিগত জীৱনৰ বহু কথাই ইতিমধ্যে সংবাদ শিৰোনাম দখল কৰিছে। এনে সময়তে  অনন্যা আকৌ এবাৰ তেওঁৰ  এটা অদ্ভুত কাৰ্য্যৰ বাবে আলোচনাৰ বিষয় হৈ পৰিছে। অভিনেত্ৰী অনন্যা পাণ্ডেক সম্পৰ্কীয় ভগনী আলানা পাণ্ডেৰ মেহেন্দি অনুষ্ঠানত উপস্থিত থকা দেখা গৈছিল। মেহেন্দি অনুষ্ঠানৰ ফটোবোৰ সামাজিক মাধ্যমত বিয়পি পৰিছিল।

অনন্যা পাণ্ডেৰ ধূমপানৰ ফটোখন  ইণ্টাৰনেটত সৰ্বাধিক ভাইৰেল হৈ পৰে। । অনন্যাক বেপৰোৱাভাবে তেওঁৰ ভগ্নীৰ মেহেন্দি অনুষ্ঠানত চিগাৰেট সেৱন কৰা দেখা গৈছে। অৱশ্যে, ফটোখন  যিটো একাউণ্টৰ পৰা পোষ্ট কৰা হৈছিল তাৰ পৰা ডিলিট কৰা   হৈছে। কিন্তু ইয়াৰ মাজতে পোষ্টটোৰ স্ক্ৰীণশ্বট ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ব্যৱহাৰকাৰীসকলে অনন্যাক বাৰুকৈয়ে  ট্ৰ'ল কৰি আছে।  পোষ্টটো অনন্যাৰ চাৰিওফালে বহু অতিথি দেখা গৈছে। এই সময়ছোৱাত অভিনেত্ৰীগৰাকীয়ে   ধূমপান কৰা দেখা গৈছে। 

অনন্যাও আজিকালি তেওঁৰ ব্যক্তিগত জীৱনকলৈ চৰ্চাত আছে।  অভিনেত্ৰীগৰাকীৰ নাম  বলীউডৰ আদিত্য ৰয় কাপুৰৰ সৈতে জড়িত হৈ পৰিছে। বহুতে কৈছে আদিত্যৰ সৈতে অনন্যাৰ মধুৰ সম্পৰ্ক গঢ়ি উঠিছে।  দুয়োগৰাকী  তাৰকাক অলপতে লেকমে ফেশ্বন সপ্তাহত একেলগে দেখা গৈছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী