--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী অনন্যা পাণ্ডেৰ শেহতীয়াকৈ ভাইৰেল হৈ পৰা  ধূমপানৰ ফটো বেছ আলোড়ণৰ সৃষ্টি কৰিছে।  অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ভগ্নীৰ মেহেন্দি অনুষ্ঠানত অতিথিৰ সন্মুখতে মুকলিকৈ ধূমপান কৰাৰ কথাটোক বহুতে সহজভাবে গ্ৰহণ কৰা নাই। সেয়ে ফটো খন ভাইৰেল হৈ পৰাৰ পিছতে নেটিজেনৰ মাজৰে বহুতে অনন্যাক  সমালোচনাৰে থকা-সৰকা কৰিছে। 

 অনন্যা পাণ্ডেৰ  ব্যক্তিগত জীৱনৰ বহু কথাই ইতিমধ্যে সংবাদ শিৰোনাম দখল কৰিছে। এনে সময়তে  অনন্যা আকৌ এবাৰ তেওঁৰ  এটা অদ্ভুত কাৰ্য্যৰ বাবে আলোচনাৰ বিষয় হৈ পৰিছে। অভিনেত্ৰী অনন্যা পাণ্ডেক সম্পৰ্কীয় ভগনী আলানা পাণ্ডেৰ মেহেন্দি অনুষ্ঠানত উপস্থিত থকা দেখা গৈছিল। মেহেন্দি অনুষ্ঠানৰ ফটোবোৰ সামাজিক মাধ্যমত বিয়পি পৰিছিল।

অনন্যা পাণ্ডেৰ ধূমপানৰ ফটোখন  ইণ্টাৰনেটত সৰ্বাধিক ভাইৰেল হৈ পৰে। । অনন্যাক বেপৰোৱাভাবে তেওঁৰ ভগ্নীৰ মেহেন্দি অনুষ্ঠানত চিগাৰেট সেৱন কৰা দেখা গৈছে। অৱশ্যে, ফটোখন  যিটো একাউণ্টৰ পৰা পোষ্ট কৰা হৈছিল তাৰ পৰা ডিলিট কৰা   হৈছে। কিন্তু ইয়াৰ মাজতে পোষ্টটোৰ স্ক্ৰীণশ্বট ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ব্যৱহাৰকাৰীসকলে অনন্যাক বাৰুকৈয়ে  ট্ৰ'ল কৰি আছে।  পোষ্টটো অনন্যাৰ চাৰিওফালে বহু অতিথি দেখা গৈছে। এই সময়ছোৱাত অভিনেত্ৰীগৰাকীয়ে   ধূমপান কৰা দেখা গৈছে। 

অনন্যাও আজিকালি তেওঁৰ ব্যক্তিগত জীৱনকলৈ চৰ্চাত আছে।  অভিনেত্ৰীগৰাকীৰ নাম  বলীউডৰ আদিত্য ৰয় কাপুৰৰ সৈতে জড়িত হৈ পৰিছে। বহুতে কৈছে আদিত্যৰ সৈতে অনন্যাৰ মধুৰ সম্পৰ্ক গঢ়ি উঠিছে।  দুয়োগৰাকী  তাৰকাক অলপতে লেকমে ফেশ্বন সপ্তাহত একেলগে দেখা গৈছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ