--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তথ্য অনুসৰি বিৰাট কোহলীৰ নেট ৱৰ্থ এম এছ ধোনীতকৈ অলপ বেছি। খেলত কোহলীৰ ধাৰাবাহিক প্ৰদৰ্শন, ডাঙৰ ব্ৰেণ্ডৰ সৈতে চুক্তি আৰু স্মাৰ্ট বিনিয়োগে তেওঁৰ উপাৰ্জন আৰু অধিক বৃদ্ধি কৰিছে।

ডিজিটেল ডেস্ক : ভাৰতৰ দুগৰাকী শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী আৰু এম এছ ধোনী কেৱল খেলৰ বাবেই নহয়, ধন-সম্পত্তিৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।


দুয়োগৰাকী খেলুৱৈয়ে ক্ৰিকেট কেৰিয়াৰৰ জৰিয়তে কোটি কোটি উপাৰ্জনৰ লগতে ব্ৰেণ্ড এণ্ডৰছমেণ্ট, ব্যৱসায়িক উদ্যোগ আৰু বিনিয়োগৰ জৰিয়তে কোটি টকা উপাৰ্জন কৰিছে। প্ৰ’ব’ৰ মতে ২০২৫ চনত এই দুজনৰ নেট ৱৰ্থ কিমান আৰু উপাৰ্জনৰ ক্ষেত্ৰত কোন শীৰ্ষত আছে জানো আহক!


বিৰাট কোহলীৰ উপাৰ্জন আৰু নেট ৱৰ্থ


বিৰাট কোহলীৰ আনুমানিক সম্পত্তিৰ পৰিমাণ প্ৰায় ১২৭ মিলিয়ন ডলাৰ (১,০৫০ কোটি টকা) যাৰ বাবে তেওঁ বিশ্বৰ অন্যতম ধনী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। ক্ৰিকেট, ব্ৰেণ্ড এণ্ডৰছমেণ্ট আৰু ব্যৱসায়িক উদ্যোগৰ পৰা কোহলীয়ে কোটি টকা উপাৰ্জন কৰি আছে।


ক্ৰিকেটৰ পৰা উপাৰ্জন


আই পি এলত বি চি চি আই আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সৈতে আই পি এলৰ চুক্তি হিচাপে কোহলীয়ে লাভ কৰে বিপুল দৰমহা।


ব্ৰেণ্ড এণ্ডৰছমেণ্ট


কোহলীৰ পুমা, এমআৰএফ, অডি, আৰু বুষ্টৰ দৰে ডাঙৰ ব্ৰেণ্ডৰ সৈতে কোটি কোটি মূল্যৰ চুক্তি আছে।


ব্যৱসায় আৰু বিনিয়োগ-


তেওঁ ৰগন (কাপোৰৰ ব্ৰেণ্ড), চিচেল ফিটনেছ (জিম চেইন), ৱান৮, ডিজিট ইনশ্বুৰেন্স, ব্লু ট্ৰাইব, আৰু ৰেজ কফিৰ দৰে ষ্টাৰ্টআপতো বিনিয়োগ কৰিছে।


এই সকলোবোৰে উপাৰ্জনৰ ক্ষেত্ৰত বিৰাট কোহলীক অতি শক্তিশালী কৰি তুলিছে। টেষ্ট আৰু টি-২০ৰ পৰা অৱসৰ লোৱাৰ পিছতো তেওঁৰ জনপ্ৰিয়তা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।


এম এছ ধোনীৰ উপাৰ্জন আৰু নেট ৱৰ্থ


মহেন্দ্ৰ সিং ধোনীৰ আনুমানিক সম্পত্তিৰ পৰিমাণ প্ৰায় ১২৩ মিলিয়ন ডলাৰ (১০০০ কোটি টকা)। ব্যৱসায়ৰ লগতে ক্ৰীড়া জগততো নিজৰ নাম উজলাই তুলিছে ধোনীয়ে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো ধোনীয়ে কোটি টকা উপাৰ্জন কৰি আছে।


ক্ৰিকেটৰ পৰা উপাৰ্জন-


আই পি এলত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে লাভ কৰিছে কোটি কোটি টকা।


ব্ৰেণ্ড এণ্ডৰছমেণ্ট-


ৰিবক, ড্ৰিম১১, ইণ্ডিগো পেইণ্টছৰ দৰে ডাঙৰ ব্ৰেণ্ডৰ সৈতে কৰা ব্ৰেণ্ড চুক্তিৰ পৰাও কোটি টকা উপাৰ্জন কৰি আছে।


ব্যৱসায় আৰু বিনিয়োগ-


ধোনীৰ উপাৰ্জন তেওঁৰ লাইফষ্টাইল ব্ৰেণ্ড SEVEN, চেন্নাইন এফ চি (ফুটবল দল) আৰু স্পৰ্টছফিট ফিটনেছ চেইনৰ মালিকীস্বত্ব, আৰু অন্যান্য বিনিয়োগৰ পৰা কোটি কোটি টকা।


ব্ৰেণ্ডিঙৰ ক্ষেত্ৰত ধোনীৰ বুদ্ধিমান আৰু স্মাৰ্ট চিন্তাধাৰাই খেলৰ পৰা অৱসৰ লোৱাৰ পিছতো তেওঁক আৰ্থিকভাৱে সুস্থিৰ কৰি ৰাখিছে।


আটাইতকৈ ধনী কোন? বিৰাট কোহলী নে এম এছ ধোনী?


তথ্য অনুসৰি বিৰাট কোহলীৰ নেট ৱৰ্থ এম এছ ধোনীতকৈ অলপ বেছি। খেলত কোহলীৰ ধাৰাবাহিক প্ৰদৰ্শন, ডাঙৰ ব্ৰেণ্ডৰ সৈতে চুক্তি আৰু স্মাৰ্ট বিনিয়োগে তেওঁৰ উপাৰ্জন আৰু অধিক বৃদ্ধি কৰিছে। অৱসৰৰ পিছত ধোনীও অতি জনপ্ৰিয় আৰু আৰ্থিকভাৱে শক্তিশালী যদিও উপাৰ্জনৰ ক্ষেত্ৰত কোহলীৰ জনপ্ৰিয়তাই তেওঁক আটাইতকৈ ধনী ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু