--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তথ্য অনুসৰি বিৰাট কোহলীৰ নেট ৱৰ্থ এম এছ ধোনীতকৈ অলপ বেছি। খেলত কোহলীৰ ধাৰাবাহিক প্ৰদৰ্শন, ডাঙৰ ব্ৰেণ্ডৰ সৈতে চুক্তি আৰু স্মাৰ্ট বিনিয়োগে তেওঁৰ উপাৰ্জন আৰু অধিক বৃদ্ধি কৰিছে।

ডিজিটেল ডেস্ক : ভাৰতৰ দুগৰাকী শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী আৰু এম এছ ধোনী কেৱল খেলৰ বাবেই নহয়, ধন-সম্পত্তিৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।


দুয়োগৰাকী খেলুৱৈয়ে ক্ৰিকেট কেৰিয়াৰৰ জৰিয়তে কোটি কোটি উপাৰ্জনৰ লগতে ব্ৰেণ্ড এণ্ডৰছমেণ্ট, ব্যৱসায়িক উদ্যোগ আৰু বিনিয়োগৰ জৰিয়তে কোটি টকা উপাৰ্জন কৰিছে। প্ৰ’ব’ৰ মতে ২০২৫ চনত এই দুজনৰ নেট ৱৰ্থ কিমান আৰু উপাৰ্জনৰ ক্ষেত্ৰত কোন শীৰ্ষত আছে জানো আহক!


বিৰাট কোহলীৰ উপাৰ্জন আৰু নেট ৱৰ্থ


বিৰাট কোহলীৰ আনুমানিক সম্পত্তিৰ পৰিমাণ প্ৰায় ১২৭ মিলিয়ন ডলাৰ (১,০৫০ কোটি টকা) যাৰ বাবে তেওঁ বিশ্বৰ অন্যতম ধনী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। ক্ৰিকেট, ব্ৰেণ্ড এণ্ডৰছমেণ্ট আৰু ব্যৱসায়িক উদ্যোগৰ পৰা কোহলীয়ে কোটি টকা উপাৰ্জন কৰি আছে।


ক্ৰিকেটৰ পৰা উপাৰ্জন


আই পি এলত বি চি চি আই আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সৈতে আই পি এলৰ চুক্তি হিচাপে কোহলীয়ে লাভ কৰে বিপুল দৰমহা।


ব্ৰেণ্ড এণ্ডৰছমেণ্ট


কোহলীৰ পুমা, এমআৰএফ, অডি, আৰু বুষ্টৰ দৰে ডাঙৰ ব্ৰেণ্ডৰ সৈতে কোটি কোটি মূল্যৰ চুক্তি আছে।


ব্যৱসায় আৰু বিনিয়োগ-


তেওঁ ৰগন (কাপোৰৰ ব্ৰেণ্ড), চিচেল ফিটনেছ (জিম চেইন), ৱান৮, ডিজিট ইনশ্বুৰেন্স, ব্লু ট্ৰাইব, আৰু ৰেজ কফিৰ দৰে ষ্টাৰ্টআপতো বিনিয়োগ কৰিছে।


এই সকলোবোৰে উপাৰ্জনৰ ক্ষেত্ৰত বিৰাট কোহলীক অতি শক্তিশালী কৰি তুলিছে। টেষ্ট আৰু টি-২০ৰ পৰা অৱসৰ লোৱাৰ পিছতো তেওঁৰ জনপ্ৰিয়তা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।


এম এছ ধোনীৰ উপাৰ্জন আৰু নেট ৱৰ্থ


মহেন্দ্ৰ সিং ধোনীৰ আনুমানিক সম্পত্তিৰ পৰিমাণ প্ৰায় ১২৩ মিলিয়ন ডলাৰ (১০০০ কোটি টকা)। ব্যৱসায়ৰ লগতে ক্ৰীড়া জগততো নিজৰ নাম উজলাই তুলিছে ধোনীয়ে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো ধোনীয়ে কোটি টকা উপাৰ্জন কৰি আছে।


ক্ৰিকেটৰ পৰা উপাৰ্জন-


আই পি এলত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে লাভ কৰিছে কোটি কোটি টকা।


ব্ৰেণ্ড এণ্ডৰছমেণ্ট-


ৰিবক, ড্ৰিম১১, ইণ্ডিগো পেইণ্টছৰ দৰে ডাঙৰ ব্ৰেণ্ডৰ সৈতে কৰা ব্ৰেণ্ড চুক্তিৰ পৰাও কোটি টকা উপাৰ্জন কৰি আছে।


ব্যৱসায় আৰু বিনিয়োগ-


ধোনীৰ উপাৰ্জন তেওঁৰ লাইফষ্টাইল ব্ৰেণ্ড SEVEN, চেন্নাইন এফ চি (ফুটবল দল) আৰু স্পৰ্টছফিট ফিটনেছ চেইনৰ মালিকীস্বত্ব, আৰু অন্যান্য বিনিয়োগৰ পৰা কোটি কোটি টকা।


ব্ৰেণ্ডিঙৰ ক্ষেত্ৰত ধোনীৰ বুদ্ধিমান আৰু স্মাৰ্ট চিন্তাধাৰাই খেলৰ পৰা অৱসৰ লোৱাৰ পিছতো তেওঁক আৰ্থিকভাৱে সুস্থিৰ কৰি ৰাখিছে।


আটাইতকৈ ধনী কোন? বিৰাট কোহলী নে এম এছ ধোনী?


তথ্য অনুসৰি বিৰাট কোহলীৰ নেট ৱৰ্থ এম এছ ধোনীতকৈ অলপ বেছি। খেলত কোহলীৰ ধাৰাবাহিক প্ৰদৰ্শন, ডাঙৰ ব্ৰেণ্ডৰ সৈতে চুক্তি আৰু স্মাৰ্ট বিনিয়োগে তেওঁৰ উপাৰ্জন আৰু অধিক বৃদ্ধি কৰিছে। অৱসৰৰ পিছত ধোনীও অতি জনপ্ৰিয় আৰু আৰ্থিকভাৱে শক্তিশালী যদিও উপাৰ্জনৰ ক্ষেত্ৰত কোহলীৰ জনপ্ৰিয়তাই তেওঁক আটাইতকৈ ধনী ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ