--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ উপৰি, ছাই, আই অ' এ, টপছ আৰু ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ ওচৰতো অভিযোগ দাখিল কৰিছে তাৰকা বক্সাৰগৰাকীয়ে।

ডিজিটেল ডেস্ক : অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ এগৰাকী শীর্ষ বিষয়াৰ অসম্মানজনক আৰু লিংগ বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে তোলা অভিযোগৰ ভিত্তিত ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে (আই অ' এ) তদন্ত আৰম্ভ কৰিছে।


ক্রীড়া মন্ত্রালয় ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ, টার্গেট অলিম্পিক পডিয়াম আঁচনি, আইঅ' এ আৰু ভাৰতীয় বক্সিং সন্থাক উদ্দেশ্যি আনুষ্ঠানিক অভিযোগত লাভলীনাই ভাৰতীয় বক্সিঙৰ কাৰ্যবাহী সঞ্চালক তথা অন্তৰ্ৱতীকালীন সমিতিৰ সদস্য অৰুণ মালিকে ৮ জুলাইত অনুষ্ঠিত জুম বৈঠকৰ সময়ত তেওঁক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে।


টার্গেট অলিম্পিক পডিয়াম আঁচনিৰ অনলাইন বৈঠকত যোগ দিছিল লাভলীনাই। উক্ত বৈঠকতে তাৰকা বক্সাৰগৰাকীয়ে তেওঁক অপমান কৰা হয় বুলি অভিযোগ কৰে। লাভলীনাই কয় যে বক্সিং কেৰিয়াৰত তেওঁৰ সাফল্যক তুচ্ছজ্ঞান কৰিছিল অৰুণে।


মহিলা এথলীট হিচাপে পোৱা সম্মানৰ যোগ্যতাক লৈও প্রশ্ন উত্থাপন কৰে কার্যবাহী সঞ্চালকগৰাকীয়ে। সমগ্র ঘটনাটোক লৈ অত্যন্ত ব্যথিত লাভলীনা। লাভলীনাৰ মতে, তেওঁক যিদৰে অপমান কৰা হৈছে সেয়া আচলতে প্রত্যেক মহিলা এথলীটৰ বাবে অপমানজনক। অনলাইন বৈঠকত অপমানিত হোৱা বিষয়টোক লৈ লাভলীনাই কেন্দ্রীয় ক্রীড়া মন্ত্ৰী মনসুখ মণ্ডাভিয়াৰ ওচৰত অভিযোগ দাখিল কৰিছে।


ইয়াৰ উপৰি, ছাই, আই অ' এ, টপছ আৰু ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ ওচৰতো অভিযোগ দাখিল কৰিছে তাৰকা বক্সাৰগৰাকীয়ে। লাভলীনাৰ অভিযোগৰ ভিত্তিত তদন্তৰ নিৰ্দেশ দিছে ক্রীড়া মন্ত্রালয়ে। সেই নির্দেশৰ ভিত্তিত তিনি সদস্য কমিটী গঠন কৰিছে ভাৰতীয় অলিম্পিক সংস্থাই। দুসপ্তাহৰ ভিতৰত ৰিপ'ৰ্ট জমা দিয়াৰ কথা থাকিলেও এই পর্যন্ত তদন্তৰ কাম শেষ কৰিব পৰা নাই কমিটীখনে। কিন্তু লাভলীনাক প্রকৃততে কি কৈছিল অৰুণে।


সূত্ৰৰ খবৰ মতে, বিশ্ব চেম্পিয়নশ্বিপত নমাৰ প্রস্তুতি হিচাপে ইউৰোপত অনুশীলন কৰিব বিচাৰিছিল লাভলীনাই। কিন্তু বৈঠকত সেই প্রস্তাৱ আগবঢ়োৱাৰ পাছতেই লাভলীনাৰ আৱেদন নাকচ কৰে কাৰ্যবাহী সঞ্চালকগৰাকীয়ে। অৱশ্যে, লাভলীনাক অপমান কৰা অভিযোগ অস্বীকাৰ কৰি অৰুণে কয় যে লাভলীনা দেশৰ গৌৰৱ। অৱশ্যে, সমগ্র ঘটনাবলীক লৈ পৰৱৰ্তী সময়ত লাভলীনাই মন্তব্য কৰাৰ পৰা বিৰত আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু