--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ উপৰি, ছাই, আই অ' এ, টপছ আৰু ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ ওচৰতো অভিযোগ দাখিল কৰিছে তাৰকা বক্সাৰগৰাকীয়ে।

ডিজিটেল ডেস্ক : অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ এগৰাকী শীর্ষ বিষয়াৰ অসম্মানজনক আৰু লিংগ বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে তোলা অভিযোগৰ ভিত্তিত ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে (আই অ' এ) তদন্ত আৰম্ভ কৰিছে।


ক্রীড়া মন্ত্রালয় ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ, টার্গেট অলিম্পিক পডিয়াম আঁচনি, আইঅ' এ আৰু ভাৰতীয় বক্সিং সন্থাক উদ্দেশ্যি আনুষ্ঠানিক অভিযোগত লাভলীনাই ভাৰতীয় বক্সিঙৰ কাৰ্যবাহী সঞ্চালক তথা অন্তৰ্ৱতীকালীন সমিতিৰ সদস্য অৰুণ মালিকে ৮ জুলাইত অনুষ্ঠিত জুম বৈঠকৰ সময়ত তেওঁক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে।


টার্গেট অলিম্পিক পডিয়াম আঁচনিৰ অনলাইন বৈঠকত যোগ দিছিল লাভলীনাই। উক্ত বৈঠকতে তাৰকা বক্সাৰগৰাকীয়ে তেওঁক অপমান কৰা হয় বুলি অভিযোগ কৰে। লাভলীনাই কয় যে বক্সিং কেৰিয়াৰত তেওঁৰ সাফল্যক তুচ্ছজ্ঞান কৰিছিল অৰুণে।


মহিলা এথলীট হিচাপে পোৱা সম্মানৰ যোগ্যতাক লৈও প্রশ্ন উত্থাপন কৰে কার্যবাহী সঞ্চালকগৰাকীয়ে। সমগ্র ঘটনাটোক লৈ অত্যন্ত ব্যথিত লাভলীনা। লাভলীনাৰ মতে, তেওঁক যিদৰে অপমান কৰা হৈছে সেয়া আচলতে প্রত্যেক মহিলা এথলীটৰ বাবে অপমানজনক। অনলাইন বৈঠকত অপমানিত হোৱা বিষয়টোক লৈ লাভলীনাই কেন্দ্রীয় ক্রীড়া মন্ত্ৰী মনসুখ মণ্ডাভিয়াৰ ওচৰত অভিযোগ দাখিল কৰিছে।


ইয়াৰ উপৰি, ছাই, আই অ' এ, টপছ আৰু ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ ওচৰতো অভিযোগ দাখিল কৰিছে তাৰকা বক্সাৰগৰাকীয়ে। লাভলীনাৰ অভিযোগৰ ভিত্তিত তদন্তৰ নিৰ্দেশ দিছে ক্রীড়া মন্ত্রালয়ে। সেই নির্দেশৰ ভিত্তিত তিনি সদস্য কমিটী গঠন কৰিছে ভাৰতীয় অলিম্পিক সংস্থাই। দুসপ্তাহৰ ভিতৰত ৰিপ'ৰ্ট জমা দিয়াৰ কথা থাকিলেও এই পর্যন্ত তদন্তৰ কাম শেষ কৰিব পৰা নাই কমিটীখনে। কিন্তু লাভলীনাক প্রকৃততে কি কৈছিল অৰুণে।


সূত্ৰৰ খবৰ মতে, বিশ্ব চেম্পিয়নশ্বিপত নমাৰ প্রস্তুতি হিচাপে ইউৰোপত অনুশীলন কৰিব বিচাৰিছিল লাভলীনাই। কিন্তু বৈঠকত সেই প্রস্তাৱ আগবঢ়োৱাৰ পাছতেই লাভলীনাৰ আৱেদন নাকচ কৰে কাৰ্যবাহী সঞ্চালকগৰাকীয়ে। অৱশ্যে, লাভলীনাক অপমান কৰা অভিযোগ অস্বীকাৰ কৰি অৰুণে কয় যে লাভলীনা দেশৰ গৌৰৱ। অৱশ্যে, সমগ্র ঘটনাবলীক লৈ পৰৱৰ্তী সময়ত লাভলীনাই মন্তব্য কৰাৰ পৰা বিৰত আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ