--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগানবাহিনীৰ বিৰুদ্ধে গ্লেন মেক্সৱেলে অকলেই অষ্ট্ৰেলিয়াক বিজয়ী কৰে। যেতিয়া তেওঁ নামিছিল তেতিয়াও মেচখন জয় কৰিবলৈ ২৪৪ ৰানৰ প্ৰয়োজন আছিল। তাৰ পৰাই তেওঁ অবিশ্বাস্য ইনিংছ খেলিলে। তেওঁ অকলে ২৪৪ ৰানৰ ভিতৰত ২০১ ৰান সংগ্ৰহ কৰে।

বেটিং কৰিবলৈ নামি যোৱাৰ সময়ত মেক্সৱেলে কি ভাবিছিল? মেচৰ পিছত সকলো কয় মেক্সৱেলে। মেক্সৱেলে কয়- ''ৱানখেড়েৰ গৰমত ৫০ অভাৰত বলিং কৰি বেটিং কৰাটো সহজ নাছিল।’’ মেচৰ মেন অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ সময়ত তেওঁ কয়, ''মই চৰম উত্তাপত ফিল্ডিং কৰিছিলো। সেইবাবেই এটা সমস্যা হৈছিল। ক্ৰেম্প হৈছিল। গতিকে কেতিয়াবা শুই শুই ঠিক কৰিবলৈ চেষ্টা কৰিছিলো। শেষৰ ফালে বিষটো বাঢ়ি আহিছিল। কিন্তু তাৰ পিছত মই বেটিং কৰি থাকিলোঁ।’’

মেক্সৱেলে এনে ইনিংছ কেনেকৈ খেলিলে? ২১টা চাৰি আৰু ১০টা ছয় কেনেকৈ মাৰিলে? বেছিভাগেই এখন ভৰিৰে শ্বট মাৰিছিল। মেক্সৱেলে ক’লে- ''তেওঁ নিজৰ মনৰ শক্তি কমিবলৈ নিদিলে।’’ অষ্ট্ৰেলিয়াৰ বেটছমেনগৰাকীয়ে কয়- ''মই সদায় ইতিবাচক হৈয়েই আছিলো। মনৰ শক্তি ৰাখিছিলো। সিদ্ধান্ত লৈছিলো যে বেয়া বল পালে মই মাৰিম। নিজৰ ওপৰত বিশ্বাস কৰিছিলো। মই বল চাই খেলি আছিলো। অলপ পিছতে বলটো বেটলৈ খুব ভালকৈ আহfব ধৰিছিল। গতিকে শ্বট খেলাটো সহজ হৈ পৰিছিল।’’

ইনিংছটো খেলোতে মেক্সৱেলে কেইবাবাৰো আউট হোৱাৰ পৰা ৰক্ষা পৰিছিল। মেক্সৱেলে কয়- ''মই তেনেকৈয়ে খেলো। প্ৰতিপক্ষক সুযোগ দিওঁ। এই ইনিংছটোতো দিলোঁ। ৰিভিউৰ পৰা ৰক্ষা পোৱাৰ পিছত এইবাৰ হেণ্ডছ ফ্ৰী খেলাৰ সিদ্ধান্ত ললোঁ। প্ৰথম দুখন মেচত পৰাস্ত হোৱাৰ পিছত সকলোৱে ভাবিছিল যে আমি আকৌ ছেমি ফাইনেলত স্থান নাপাম। উত্তৰ দিবলগীয়া বহুত আছিল। মই সেইটো দিলোঁ।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক