--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগানবাহিনীৰ বিৰুদ্ধে গ্লেন মেক্সৱেলে অকলেই অষ্ট্ৰেলিয়াক বিজয়ী কৰে। যেতিয়া তেওঁ নামিছিল তেতিয়াও মেচখন জয় কৰিবলৈ ২৪৪ ৰানৰ প্ৰয়োজন আছিল। তাৰ পৰাই তেওঁ অবিশ্বাস্য ইনিংছ খেলিলে। তেওঁ অকলে ২৪৪ ৰানৰ ভিতৰত ২০১ ৰান সংগ্ৰহ কৰে।

বেটিং কৰিবলৈ নামি যোৱাৰ সময়ত মেক্সৱেলে কি ভাবিছিল? মেচৰ পিছত সকলো কয় মেক্সৱেলে। মেক্সৱেলে কয়- ''ৱানখেড়েৰ গৰমত ৫০ অভাৰত বলিং কৰি বেটিং কৰাটো সহজ নাছিল।’’ মেচৰ মেন অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ সময়ত তেওঁ কয়, ''মই চৰম উত্তাপত ফিল্ডিং কৰিছিলো। সেইবাবেই এটা সমস্যা হৈছিল। ক্ৰেম্প হৈছিল। গতিকে কেতিয়াবা শুই শুই ঠিক কৰিবলৈ চেষ্টা কৰিছিলো। শেষৰ ফালে বিষটো বাঢ়ি আহিছিল। কিন্তু তাৰ পিছত মই বেটিং কৰি থাকিলোঁ।’’

মেক্সৱেলে এনে ইনিংছ কেনেকৈ খেলিলে? ২১টা চাৰি আৰু ১০টা ছয় কেনেকৈ মাৰিলে? বেছিভাগেই এখন ভৰিৰে শ্বট মাৰিছিল। মেক্সৱেলে ক’লে- ''তেওঁ নিজৰ মনৰ শক্তি কমিবলৈ নিদিলে।’’ অষ্ট্ৰেলিয়াৰ বেটছমেনগৰাকীয়ে কয়- ''মই সদায় ইতিবাচক হৈয়েই আছিলো। মনৰ শক্তি ৰাখিছিলো। সিদ্ধান্ত লৈছিলো যে বেয়া বল পালে মই মাৰিম। নিজৰ ওপৰত বিশ্বাস কৰিছিলো। মই বল চাই খেলি আছিলো। অলপ পিছতে বলটো বেটলৈ খুব ভালকৈ আহfব ধৰিছিল। গতিকে শ্বট খেলাটো সহজ হৈ পৰিছিল।’’

ইনিংছটো খেলোতে মেক্সৱেলে কেইবাবাৰো আউট হোৱাৰ পৰা ৰক্ষা পৰিছিল। মেক্সৱেলে কয়- ''মই তেনেকৈয়ে খেলো। প্ৰতিপক্ষক সুযোগ দিওঁ। এই ইনিংছটোতো দিলোঁ। ৰিভিউৰ পৰা ৰক্ষা পোৱাৰ পিছত এইবাৰ হেণ্ডছ ফ্ৰী খেলাৰ সিদ্ধান্ত ললোঁ। প্ৰথম দুখন মেচত পৰাস্ত হোৱাৰ পিছত সকলোৱে ভাবিছিল যে আমি আকৌ ছেমি ফাইনেলত স্থান নাপাম। উত্তৰ দিবলগীয়া বহুত আছিল। মই সেইটো দিলোঁ।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক