--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শতক অৰ্জন কৰে আফগানিস্তানৰ ইব্ৰাহিম জাদ্ৰানে। প্ৰথম আফগান ক্ৰিকেটাৰ হিচাপে তেওঁ বিশ্বকাপত শতক অৰ্জন কৰি এক নজিৰ গঢ়ি তুলিছে। মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ প্ৰাকক্ষণত আফগানিস্তানৰ ক্ৰিকেটাৰসকলক পৰামৰ্শ দিয়ে শচীন টেণ্ডুলকাৰে। সেই পৰামৰ্শৰে ইব্ৰাহিমে শচীনৰ নজিৰ ভংগ কৰিলে। তেওঁ বিৰাট কোহলীৰো অভিলেখ ভংগ কৰিলে।

ইব্ৰাহিমে মঙলবাৰে ৱানখেদেত ২১ বছৰ ৩৩০ দিনত এই শতক কৰে। বিশ্বকাপৰ আটাইতকৈ কম বয়সীয়া হিচাপে শতকৰ তালিকাত তেওঁ চতুৰ্থ স্থানত আছে। তালিকাৰ শীৰ্ষত আছে আয়াৰলেণ্ডৰ পল ষ্টাৰলিং। ২০১১ চনৰ বিশ্বকাপত ২০ বছৰ ১৯৬ দিন বয়সত শতক অৰ্জন কৰিছিল। বিৰাটে ২২ বছৰ ১০৬ দিন বয়সত বিশ্বকাপত প্ৰথম শতক অৰ্জন কৰে। শচীনে ২২ বছৰ ৩০০ দিন বয়সত কৰিছিল। ইব্ৰাহিমে সেই দুটা নজিৰ ভংগ কৰিলে।

ৱানখেদেত শতিকাটোৰ পাছতো ইব্ৰাহিমৰ মুখত শচীনৰ কথা আহিল। তেওঁ ক'লে, "শচীন ছাৰৰ লগত বহুদিন কথা পাতিলোঁ। তেওঁ মোক বহু অভিজ্ঞতা ক’লে। মই কিমান সুখী সেয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। তেওঁৰ লগত কথা পাতি মোৰ আত্মবিশ্বাস বহুত বৃদ্ধি পাইছে। সেই আত্মবিশ্বাসেৰে খেলিলোঁ৷’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক