--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শতক অৰ্জন কৰে আফগানিস্তানৰ ইব্ৰাহিম জাদ্ৰানে। প্ৰথম আফগান ক্ৰিকেটাৰ হিচাপে তেওঁ বিশ্বকাপত শতক অৰ্জন কৰি এক নজিৰ গঢ়ি তুলিছে। মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ প্ৰাকক্ষণত আফগানিস্তানৰ ক্ৰিকেটাৰসকলক পৰামৰ্শ দিয়ে শচীন টেণ্ডুলকাৰে। সেই পৰামৰ্শৰে ইব্ৰাহিমে শচীনৰ নজিৰ ভংগ কৰিলে। তেওঁ বিৰাট কোহলীৰো অভিলেখ ভংগ কৰিলে।

ইব্ৰাহিমে মঙলবাৰে ৱানখেদেত ২১ বছৰ ৩৩০ দিনত এই শতক কৰে। বিশ্বকাপৰ আটাইতকৈ কম বয়সীয়া হিচাপে শতকৰ তালিকাত তেওঁ চতুৰ্থ স্থানত আছে। তালিকাৰ শীৰ্ষত আছে আয়াৰলেণ্ডৰ পল ষ্টাৰলিং। ২০১১ চনৰ বিশ্বকাপত ২০ বছৰ ১৯৬ দিন বয়সত শতক অৰ্জন কৰিছিল। বিৰাটে ২২ বছৰ ১০৬ দিন বয়সত বিশ্বকাপত প্ৰথম শতক অৰ্জন কৰে। শচীনে ২২ বছৰ ৩০০ দিন বয়সত কৰিছিল। ইব্ৰাহিমে সেই দুটা নজিৰ ভংগ কৰিলে।

ৱানখেদেত শতিকাটোৰ পাছতো ইব্ৰাহিমৰ মুখত শচীনৰ কথা আহিল। তেওঁ ক'লে, "শচীন ছাৰৰ লগত বহুদিন কথা পাতিলোঁ। তেওঁ মোক বহু অভিজ্ঞতা ক’লে। মই কিমান সুখী সেয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। তেওঁৰ লগত কথা পাতি মোৰ আত্মবিশ্বাস বহুত বৃদ্ধি পাইছে। সেই আত্মবিশ্বাসেৰে খেলিলোঁ৷’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক