--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শাওন মাহ মানেই হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ উপাস্য দেৱতা মহাদেৱ শিৱৰ আৰাধনাৰ কাল। পৰম্পৰাগতভাৱে চলি অহা হিন্দু সকলৰ ধৰ্মবিশ্বাস অনুসৰি শাওন মাহৰ প্ৰথমটো সোমবাৰে মহাদেৱ শিৱৰ পূজা কৰা হয়। শিৱৰ আৰাধনাৰ বাবে শিৱভক্ত সকলে ভিৰ কৰে মহাদেৱ শিৱৰ উপাসনাস্থলীসমূহত।

এই উদ্দেশ্যৰেই সোমবাৰে বিহাৰৰ চিৱানস্থিত বাবা মহেন্দ্ৰ নাথ মন্দিৰত সমাগম হৈছিল অসংখ্য ভক্তৰ। ভক্তৰে ভৰি পৰিছিল মন্দিৰ চৌহদ। কিন্তু ভক্তৰ এই অফুৰন্ত ভক্তিয়েই কাল হৈ পৰিল দুগৰাকী মহিলাৰ বাবে।

মন্দিৰ চৌহদত এনে বিশাল ভিৰৰ বাবে এক অস্থিৰ পৰিৱেশৰ সৃষ্টি হয় আৰু ভক্তৰ ঠেলা-হেঁচাত পদপিষ্ট হৈ মৃত্যুক সাবটি লয় দুগৰাকী মহিলাই। আনহাতে ঠেলা-হেঁচাত মাটিত বাগৰি পৰা আন দুগৰাকী মহিলাও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত মহিলাসকলক তাৎক্ষণিকভাৱে স্থানীয় এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে দুয়োগৰাকী সম্প্ৰতি সংকটমুক্ত বুলি জানিব পৰা গৈছে।

আনহাতে নিহত দুই মহিলাক মন্দিৰৰ কাষৰীয়া অঞ্চলৰ ওচৰৰ গাওঁসমূহৰ বাসিন্দা লীলাৱতী দেৱী (৪২) আৰু সুহাগমতী দেৱী (৪০) বুলি চিনাক্ত কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ