--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শাওন মাহ মানেই হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ উপাস্য দেৱতা মহাদেৱ শিৱৰ আৰাধনাৰ কাল। পৰম্পৰাগতভাৱে চলি অহা হিন্দু সকলৰ ধৰ্মবিশ্বাস অনুসৰি শাওন মাহৰ প্ৰথমটো সোমবাৰে মহাদেৱ শিৱৰ পূজা কৰা হয়। শিৱৰ আৰাধনাৰ বাবে শিৱভক্ত সকলে ভিৰ কৰে মহাদেৱ শিৱৰ উপাসনাস্থলীসমূহত।

এই উদ্দেশ্যৰেই সোমবাৰে বিহাৰৰ চিৱানস্থিত বাবা মহেন্দ্ৰ নাথ মন্দিৰত সমাগম হৈছিল অসংখ্য ভক্তৰ। ভক্তৰে ভৰি পৰিছিল মন্দিৰ চৌহদ। কিন্তু ভক্তৰ এই অফুৰন্ত ভক্তিয়েই কাল হৈ পৰিল দুগৰাকী মহিলাৰ বাবে।

মন্দিৰ চৌহদত এনে বিশাল ভিৰৰ বাবে এক অস্থিৰ পৰিৱেশৰ সৃষ্টি হয় আৰু ভক্তৰ ঠেলা-হেঁচাত পদপিষ্ট হৈ মৃত্যুক সাবটি লয় দুগৰাকী মহিলাই। আনহাতে ঠেলা-হেঁচাত মাটিত বাগৰি পৰা আন দুগৰাকী মহিলাও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত মহিলাসকলক তাৎক্ষণিকভাৱে স্থানীয় এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে দুয়োগৰাকী সম্প্ৰতি সংকটমুক্ত বুলি জানিব পৰা গৈছে।

আনহাতে নিহত দুই মহিলাক মন্দিৰৰ কাষৰীয়া অঞ্চলৰ ওচৰৰ গাওঁসমূহৰ বাসিন্দা লীলাৱতী দেৱী (৪২) আৰু সুহাগমতী দেৱী (৪০) বুলি চিনাক্ত কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক