--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৪ চনত বিজেপিয়ে দিল্লীৰ মচনদ দখল কৰাৰ পিছৰে পৰা দেশত বহুলভাৱে ব্যৱহাৰ হোৱা বিশেষ কেইটামান শব্দৰ মাজৰে এটা অন্যতম শব্দ হৈছে দেশদ্ৰোহী। বিজেপিৰ ৰথী-মহাৰথী, নেতা-পালিনেতাকে ধৰি সমগোত্ৰীয় হিন্দুত্ববাদী সংগঠনৰ সদস্যসকলৰ মুখত আখৈ ফুটাদি ফুটিছে এই দেশদ্ৰোহী শব্দটো। তেওঁলোকৰ কৃপাত নিত্য নতুন সংজ্ঞা নিৰ্ধাৰণ হৈছে দেশদ্ৰোহী অভিধাৰ। বিজেপি আৰু ইয়াৰ সাংগো-পাংগো হিন্দুত্ববাদী সংগঠনসমূহৰ মতে ভাৰতত দেশপ্ৰেমৰ ঠিকা কেৱল তেওঁলোকৰে। আৰু তেওঁলোকৰ বিৰোধ কৰাজনেই দেশদ্ৰোহী। কোনোবাই বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধ কৰা তথা সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধ কৰা মাত্ৰকেই এইসকলে কপালত লগাই দিয়ে দেশদ্ৰোহীৰ তিলক।

এইবাৰ বিজেপিৰ এগৰাকী বিধায়কৰ কৃপাত দেশদ্ৰোহীৰ নতুন সংজ্ঞা প্ৰকাশ পাইছে। কৰ্ণাটকৰ বিজেপি বিধায়ক বাসনাগৌদা পাটিল য়াটনালে নিৰূপণ কৰিছে দেশদ্ৰোহীৰ এই নতুন সংজ্ঞা। এই সংজ্ঞা অনুসৰি যিসকল লোকে কেন্দ্ৰীয় চৰকাৰৰ সামৰিক নিযুক্তি আঁচনি অগ্নিপথৰ বিৰোধিতা কৰে, তেওঁলোক প্ৰকৃততে দেশদ্ৰোহী।

সামৰিক আঁচনিসন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি বাসনাগৌদা পাটিল য়াটনালৰ মতে অগ্নিপথ কোনো ধৰ্ম বা সম্প্ৰদায়ৰ বিৰোধী নহয় আৰু যিসকলে ইয়াৰ বিৰুদ্ধে থিয় দিছে তেওঁলোক দেশবিৰোধী।

জ্যেষ্ঠ বিজেপি নেতাজনে কয়, "আমি সৈনিক বিচাৰো। ইজৰাইলত, প্ৰতিটো পৰিয়ালৰ এজন ব্যক্তিয়ে দহ বছৰৰ বাবে সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাটো বাধ্যতামূলক। ইজৰাইল জলকীয়াৰ আকাৰৰ দৰে তেনেই এখন সৰু দেশ। কিন্তু সমগ্ৰ বিশ্বই তেওঁলোকক সন্মান কৰে। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰতত একে ধৰণৰ দল প্ৰস্তুত কৰিব বিচাৰে। ইয়াৰ বাবে আমাক অগ্নিপথৰ প্ৰয়োজন।"

য়াটনালে লগতে কয়, "এয়া কোনো ধৰ্ম বা সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়। যিসকলে ভাৰতৰ খাদ্য গ্ৰহণ কৰি পাকিস্তানক সমৰ্থন কৰে তেওঁলোকেই অগ্নিপথক ভয় কৰে। যিসকলে অগ্নিপথৰ বিৰোধিতা কৰে তেওঁলোক দেশবিৰোধী। মই এই কথা স্পষ্টকৈ কৈছো।" সম্প্ৰতি য়াটনালৰ এই মন্তব্য ভাইৰেল হৈ পৰিছে, সৃষ্টি হৈছে বিতৰ্কৰ।

উল্লেখ্য যে সামৰিক বিভাগত নিযুক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ‘অগ্নিপথ’ যোজনাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ আন্দোলনৰ। সামৰিক বিভাগত ঠিকাভিত্তিক নিযুক্তিৰ বিৰোধিতাৰে নিযুক্তি প্ৰত্যাশী যুৱ প্ৰজন্মই চৰকাৰৰ এই অগ্নিপথ যোজনাৰ বিৰুদ্ধে সৃষ্টি কৰা আন্দোলনে সমগ্ৰ দেশতে ব্যাপক ৰূপত মূৰ দাঙি উঠিছিল। কেইবাখনো ৰাজ্যত প্ৰতিবাদে হিংসাত্মক ৰূপো ধাৰণ কৰিছিল। যুৱ প্ৰজন্মৰ এই প্ৰতিবাদলৈ সঁহাৰি জনাই দেশৰ কৃষক সংগঠন সমূহৰ একত্ৰিত সংস্থা সংযুক্ত কিষাণ মৰ্চাইও দেশজুৰি আন্দোলনৰ হুংকাৰ দিছিল।

দেশৰ যুৱ প্ৰজন্মৰ এই প্ৰাসংগিক আন্দোলনে গা লৰাব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰৰ। আন্দোলনলৈ কোনো ভ্ৰুক্ষেপ নকৰাকৈ কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণতে অগ্নিপথ বাতিল নহয় বুলি স্পষ্টকৈ ঘোষণা কৰে। মাত্ৰ আঁচনিখনত সংশোধন কৰি সংযোগ কৰা হয় কিছু নতুন নিয়ম।

তাৰ পিছতে যোৱা মাহত চৰকাৰে অগ্নিপথৰ অধীনত মুকলি কৰে বায়ুসেনাত নিযুক্তিৰ পদ। নতুনকৈ নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰাৰ পাছতে দেশৰ অগনণ নিযুক্তি প্ৰত্যাশী যুৱক-যুৱতীয়ে আবেদন জনায়। আৰু এইদৰেই কাৰ্যত: অগ্নিপথ বিৰোধী প্ৰতিবাদৰ ঢৌ হৈ পৰে ফুটুকাৰ ফেন।

অৱশ্যে দেশত নিবনুৱা সমস্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত অগ্নিপথৰ প্ৰতি এই সঁহাৰি অসম্ভৱ নহয়। কৰ্ম সংস্থাপনৰ সংশয়ত ভুগা দেশৰ কোটি কোটি নিবনুৱা যুৱক-যুৱতীৰ বাবে অগ্নিপথ হৈ পৰিছে পানীৰ মাজত খেৰকুটা সদৃশ। সেয়ে আন কোনো বিকল্প পথ নেদেখি অগ্নিপথ যোজনাৰ অধীনত নিযুক্তিৰ বাবে আবেদন জনাবলৈ বাধ্য হৈ পৰিছে এই নিবনুৱা যুৱক-যুৱতীসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক