--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভ্ৰমণ কৰি বহুতেই ভাল পায়। কিন্তু এই অভিজ্ঞতা সকলোৰে বাবে ইমান সুখদায়ক নহয়। আপুনি নিশ্চয় প্ৰায়ে লক্ষ্য কৰি আহিছে যে বহু মানুহৰে যিকোনো বাহনত বাছ, ৰেল, গাড়ী বা বিমানেৰে যাত্ৰা কৰে তেতিয়া তেওঁলোকে বমি, মূৰ ঘূৰোৱাৰ সমস্যাৰ কথা কয়। গতিকে তেনে মানুহে ভ্ৰমণ কৰিব নলগা হ’লেই ভাল পায়। পৰাপক্ষত তেওঁলোক ভ্ৰমণৰ পৰা আঁতৰি থাকে। যদি আপুনিও এনে সমস্যাৰ সন্মুখীন হয়, তেন্তে যাত্ৰাৰ সময়ত এই ৩ টা বস্তু বেগত ৰখাটো ভাল। এই তিনিটা বস্তু লগত ৰাখিলে আপুনি বহুত সকাহ পাব। 

এই ৩ টা বস্তু এটা ট্ৰেভেল বেগত ৰাখক

১) নেমুঃ নেমুৰ ঔষধি গুণৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু আপুনি জানেনে যে ই আপোনাক ভ্ৰমণৰ সময়ত বমি আৰু মূৰ ঘূৰোৱাত সহায় কৰিব পাৰে। লগত নেমু ৰাখিব আৰু সমস্যা বাঢ়িলে তাৰ ৰস সেৱন কৰিব। ইচ্ছা কৰিলে পানীৰ বটলত লেমনেডো ৰাখিব পাৰে, যিয়ে সকাহ হিচাপে কাম কৰে।

২) কলঃ ভ্ৰমণ কৰোতে বেগত কল ৰাখক। এই ফলটোৰ পটাছিয়াম পুনৰুদ্ধাৰ কৰাৰ গুণ আছে সেয়ে ই বমিৰ পৰা বহু পৰিমাণে ৰক্ষা কৰিব পাৰে। লং ড্ৰাইভৰ সময়ত বমি বা মূৰ ঘূৰোৱা হ’লে কল খাব লাগে।

৩) আদাঃ আদা এনেকুৱা এটা মছলা যিটো আমি ৰেচিপিৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰো, কিন্তু ভ্ৰমণৰ সময়ত যদি আপোনাৰ বমি হোৱাৰ সমস্যা থাকে, তেন্তে ই আপোনাক বহুত সহায় কৰিব পাৰে। আচলতে ই বমিৰ সমস্যা ৰোধ কৰাত সহায় কৰিব পাৰে আৰু একে সময়তে পেটৰ জ্বলা-পোৰা কমাই তাৎক্ষণিকভাৱে সকাহ দিব পাৰে। আপুনি বেগত কেঁচা আদা লৈ সমস্যা বাঢ়িলে চোবাই খাব। ইচ্ছা কৰিলে আদাৰ কেণ্ডী, থাৰ্মছ ফ্লাস্কত আদা দিয়া চাহ, আদা মিহলাই গৰম পানীও ৰাখিব পাৰে। এনে কৰিলে অস্থিৰতাৰ পৰা উপশম পাব আৰু বমি বন্ধ হ’ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু