--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উচ্চ কলেষ্টেৰলৰ ফলত হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু যেতিয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’বলৈ আৰম্ভ কৰে তেতিয়া তাৎক্ষণিকভাৱে লক্ষ্য কৰিব পৰা নাযায়।

কলেষ্টেৰল হৈছে এনে এবিধ পদাৰ্থ, যিটো শৰীৰৰ কোষবোৰত জমা হৈ থাকে। শৰীৰত হৰম’নৰ ক্ৰিয়াতো কলেষ্টেৰলে ভূমিকা পালন কৰে। শৰীৰত ভাল আৰু বেয়া দুয়োটা কলেষ্টেৰল থাকে। যেতিয়া ধমনীত কলেষ্টেৰল জমা হ’বলৈ আৰম্ভ কৰে তেতিয়াই ই সমস্যাত পৰিণত হয়। কাৰণ ই শৰীৰত তেজৰ সোঁত বন্ধ কৰি দিয়ে। তেজ জমা হোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰে। আৰু তেনেকৈয়ে হৃদযন্ত্ৰৰ ওপৰত হেঁচা পৰে। কলেষ্টেৰল বৃদ্ধি হ’লে হাৰ্ট এটেক বা ষ্ট্ৰোকৰ সম্ভাৱনা ৰৈ যায়।

উচ্চ কলেষ্টেৰলৰ ফলত হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু যেতিয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’বলৈ আৰম্ভ কৰে তেতিয়া তাৎক্ষণিকভাৱে লক্ষ্য কৰিব পৰা নাযায়। যদিও আগতীয়াকৈ শৰীৰত বিভিন্ন লক্ষণ দেখা দিয়ে। বেছিভাগ মানুহেই এই বিষয়ে অৱগত নহয়। যদি ৰক্তচাপ অত্যধিক বৃদ্ধি পায়, লগতে বুকুৰ বিষ, মেদবহুলতা, ভৰিৰ বিষ, ফুলাৰ সমস্যা আৰু অত্যধিক ঘামচি ওলায়, তেতিয়াহে সচেতন হ’ব লাগে। আপোনাৰ কলেষ্টেৰল বৃদ্ধি পাইছে নে নাই সেইটো জানিবলৈ নিয়মীয়াকৈ পৰীক্ষা কৰাটোৱেই একমাত্ৰ উপায়। প্ৰয়োজনীয় তেজৰ পৰীক্ষা, দৈনন্দিন জীৱনশৈলীৰ পৰিৱৰ্তন, খাদ্যাভ্যাস - এই পৰিৱৰ্তন কৰিব লাগিব। পৰ্যাপ্ত পৰিমাণৰ টোপনিৰো প্ৰয়োজন। মানসিক স্বাস্থ্য আৰু নিয়মীয়া ব্যায়াম নকৰিলে নানা ধৰণৰ বিপদ বাঢ়িব। সেইবাবেই আমি আগতীয়াকৈ সাৱধান হোৱা উচিত। আৰু সেইবাবে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ এই সকলোবোৰ নিয়ম মানি চলাৰ উপৰিও কিছুমান পানীয়ৰ দ্বাৰাও এই কলেষ্টেৰল পৰিষ্কাৰ কৰিব পাৰি। সেইসমূহ হ'ল: 

চয়া গাখীৰ

চয়া গাখীৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। আন গাখীৰ বা ক্ৰীমতকৈ এই গাখীৰ পৃথক আৰু বহুত ভাল। হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখিবলৈ চয়া গাখীৰ নিয়মিত সেৱন কৰাটোও প্ৰয়োজনীয়। আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনৰ তথ্য অনুসৰি এই গাখীৰত অধিক পৰিমাণে সংপৃক্ত চৰ্বি থাকে। সেইবাবেই দৈনিক ২৫ গ্ৰাম চয়া প্ৰটিন সেৱন কৰিব পাৰি।

বিলাহীৰ ৰস

বিলাহীত লাইকোপেন নামৰ এবিধ যৌগ থাকে। যিয়ে আমাৰ শৰীৰত লিপিডৰ মাত্ৰা ৰাখে। বিলাহীৰ ৰসে এলডিএল কলেষ্টেৰলৰ মাত্ৰা কমোৱাতো সহায় কৰে। লগতে বিলাহী নিয়াচিনৰ অতি উত্তম উৎস। সেইবাবেই কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ এই বিলাহী ৰস খাব পাৰে।

ওটছ

গাখীৰ বা দৈৰ লগত নিয়মিতভাৱে ওটছ খালে অতি ভাল। ওটছত বিটা গ্লুকেন থাকে, যিয়ে অন্ত্ৰত জেলীৰ দৰে পদাৰ্থ গঠন কৰে। ইয়াৰ উপৰিও কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে। ওটচ, চয়া গাখীৰ, শুকান ফলৰ সৈতেও মিল্ক শ্বেক বনাব পাৰে। খালেও ভাল হ’ব লগতে শৰীৰৰ বাবেও ভাল হ’ব।

গ্ৰীণ টি

গ্ৰীণ টিত কেটেচিন, এপিগেল’কেটেচিন গেলেট আদি উপকাৰী এন্টিঅক্সিডেন্ট থাকে। ই শৰীৰত বেয়া কলেষ্টেৰল আৰু মুঠ কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। ২০১৫ চনৰ এক অধ্যয়নত দেখা গৈছে যে এই চাহে এন্দুৰক ৫৬ দিনৰ বাবে খুৱাইছিল। ইয়াৰ পিছত তেওঁৰ শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণো আগৰ তুলনাত কমি আহিল।

চকলেট পানীয়

চকলেটত এন্টিঅক্সিডেন্টৰে ভৰপূৰ। লগতে এই পানীয়ত প্ৰচুৰ পৰিমাণে ফ্লেভিন’ইড থাকে। ইয়াত অধিক পৰিমাণে মনোঅনচেচুৰেটেড ফেটি এচিড থাকে। ই কলেষ্টেৰলৰ মাত্ৰা বজাই ৰখাত সহায় কৰে। ডাৰ্ক চকলেটৰ অন্যতম উপাদান হ’ল ক’ক’। আৰু সেয়ে যিকোনো ডাৰ্ক চকলেটৰ পানীয় কলেষ্টেৰলৰ বাবে ভাল। কিন্তু ইয়াত কোনো ধৰণৰ চেনি বা কেলৰি থাকিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement