--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত এতিয়া ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰিত হৈছে যদিও ই নিঃশেষ হ’বলৈ হয়তো দীঘলীয়া সময় অপেক্ষা কৰিব লাগিব। শেহতীয়া এটা ছেৰো ছাৰ্ভেত আন এক উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। এই অধ্যয়ন অনুসৰি দেশৰ ৪০ কোটিৰো অধিক লোক এতিয়াও ক’ভিডত আক্ৰান্ত হোৱাৰ আশংকা আছে। অধ্যয়নটোত এই কথাও কোৱা হৈছে যে, দেশৰ ছবছৰ বয়সৰ ওপৰৰ প্ৰায় দুই তৃতীয়াংশ লোকৰ বা ৬৭.৬শতাংশৰ দেহত ক’ভিডৰ বিৰুদ্ধে এণ্টিবডী গঠন হৈছে।

দেশে লক্ষ্য অনুসৰি ক’ভিড প্ৰতিষেধক প্ৰদান কৰিব নোৱৰাৰ পৰিপ্ৰেক্ষিততে এই ব্যাপকসংখ্যক লোক ক’ভিডৰ প্ৰতি ভালনাৰেবল হৈ আছে বুলি ধাৰণা কৰিব পাৰি। ইফালে, বিগত ২৪ঘণ্টাত দেশত ক’ভিড সংক্ৰমিত ৩৯,৭৪২জন লোক চিনাক্ত হৈছে। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৫৩৫জন লোকৰ। দেশৰ মুঠ সংক্ৰমণৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে ৩.১৩কোটিলৈ। মৃতৰ মুঠ সংখ্যা বৃদ্ধি পাইছে ৪.২০লাখলৈ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত দেশত মুঠ ৪৬লাখ পালি প্ৰতিষেধক প্ৰদান কৰা হয়। ইফালে, গুজৰাটত প্ৰথমবাৰৰ বাৰে কোভিডৰ কাপ্পা প্ৰকাৰৰ পাঁচটা সংক্ৰমণ ধৰা পৰিছে। দেশত সংক্ৰমণৰ হাৰ ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে। একেৰাহে ৩৪দিন ধৰি দেশত ক’ভিড সংক্ৰমণৰ হাৰ ৫ শতাংশৰ তলতে আছে আৰু কালিৰ দিনটোত এই হাৰ আছিল ২.২৪শতাংশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ