--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আদিবাসী তথা জনজাতীয় অধ্যুষিত ছত্তীশগড়ৰ ৰাজনৈতিক ক্ষেত্ৰখনত মাওবাদ তথা নক্সালবাদ আন্দোলনে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। অধিকাৰৰ প্ৰসঙ্গৰে মূৰ দাঙি উঠা নক্সাল বিদ্ৰোহীসকলে প্ৰায়ে নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে। আনহাতে নক্সাল বিদ্ৰোহ দমনৰ বাবে নিৰাপত্তা বাহিনীয়েও প্ৰায়ে কঠোৰ অভিযান চলাই আহিছে ৰাজ্যখনত। নিৰাপত্তাৰক্ষীৰ এনে অভিযানত বহুসময়ত নিৰ্যাতন সহ্য কৰিবলগীয়া হৈছে ৰাজ্যখনৰ প্ৰান্তীয় জনসাধাৰণে। নক্সালবাদৰ সৈতে জড়িত হোৱাৰ সন্দেহত বহুসময়ত নিৰাপত্তাৰক্ষীৰ অকথ্য নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছে সাধাৰণ আদিবাসী তথা জনজাতীয় লোক। 

এনেদৰেই নিৰাপত্তাৰক্ষীৰ ওপৰত সংঘটিত এক ভয়াৱহ নক্সাল আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত ২০১৭ চনত গ্ৰেপ্তাৰ কৰা হৈছিল ১২১ গৰাকী আদিবাসী লোকক। ২০১৭ চনৰ ২৪ এপ্ৰিলত চুকমা জিলাৰ বুৰ্কপাল গাঁৱৰ ওচৰত নক্সালবাদীয়ে চিআৰপিএফৰ এটা দলক আক্ৰমণ কৰি অৰ্ধসামৰিক বাহিনীটোৰ ৭৪ তম বেটেলিয়নৰ ২৫ জন জোৱানক হত্যা কৰিছিল।

আক্ৰমণত আহত হোৱা এজন সৈনিকে অভিযোগ কৰিছিল যে নক্সাল বিদ্ৰোহীসকলে প্ৰথমে নিৰাপত্তাকৰ্মীৰ অৱস্থান নিৰ্ণয়ৰ বাবে গাঁওবাসীক  ব্যৱহাৰ কৰিছিল আৰু তাৰ পিছতে প্ৰায় ৩০০ নক্সাল বিদ্ৰোহীয়ে নিৰাপত্তাৰক্ষীৰ দলটোক আক্ৰমণ কৰিছিল। এনে অভিযোগৰ পিছতে আক্ৰমণত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাকে ধৰি আদিবাসী সম্প্ৰদায়ৰ প্ৰায় ১২১ জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল। মাওবাদীসকলক সহায় কৰাৰ অভিযোগত আদিবাসী লোকসকলৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। 

বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ উপৰিও তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা, অস্ত্ৰ আইন, বিস্ফোৰক পদাৰ্থ আইন, ছত্তীশগড় বিশেষ ৰাজহুৱা সুৰক্ষা আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

অৱশেষত পাঁচটাকৈ বৰ্ষ বিনা বিচাৰে কাৰাগাৰত কটোৱাৰ পিছত অৱশেষত দোষমুক্ত ঘোষিত হৈছে এই সকল লোক। ছত্তীশগড়ৰ দান্তেৱাড়া জিলাৰ এখন আদালতে শুকুৰবাৰে ২০১৭ চনৰ বুৰ্কাপাল নক্সাল আক্ৰমণৰ গোচৰত গ্ৰেপ্তাৰ কৰা ১২১ জন আদিবাসী লোকক নিৰ্দোষ সাব্যস্ত কৰি কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। আদালতে গোচৰৰ শুনানি গ্ৰহণ কৰি নিজ ৰায়ত অভিযুক্তৰ দখলৰ পৰা কোনো অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে বুলি প্ৰমাণ কৰাত চৰকাৰী পক্ষ ব্যৰ্থ হৈছে বুলিও উল্লেখ কৰে।

অভিযুক্ত আদিবাসী লোক সকলক প্ৰতিনিধিত্ব কৰি তেওঁলোকক নিৰ্দোষ হিচাপে প্ৰমাণ কৰিবলৈ আদালতৰ মজিয়াত যুক্তি দাঙি ধৰে অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী বেলা ভাটিয়াই। আদালতৰ ৰায়ৰ পিছতে ভাটিয়াই কয়, “তেওঁলোকে অৱশেষত ন্যায় পাইছে, কিন্তু কোনো অপৰাধৰ নকৰাকৈয়ে তেওঁলোকে কিয় ইমান বছৰ কাৰাগাৰত কটাব লগা হ’ল? ইয়াৰ বাবে তেওঁলোকক কোনে ক্ষতিপূৰণ দিব?"

মানৱ অধিকাৰ কৰ্মী গৰাকীয়ে লগতে কয় যে এই আদিবাসী লোকসকলৰ জীৱনৰ পাঁচটা মূল্যৱান বছৰ কাৰাগাৰত অপচয় হৈছে। বিচাৰৰ সময়ত তেওঁলোকক মাত্ৰ দুবাৰ আদালতৰ শুনানিলৈ নিয়া হৈছিল বুলিও অভিযোগ কৰে বেলা ভাটিয়াই।  সাংবিধানিক নিয়ম অনুসৰি যেতিয়া প্ৰতিটো শুনানিতে অভিযুক্তক ব্যক্তিগতভাৱে হাজিৰ কৰাটো বাধ্যতামূলক, তাৰ পিছতো  তেওঁলোকক কিয় এই অধিকাৰৰ পৰা বঞ্চিত কৰা হ’ল বুলিও অধিবক্তা গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।

ৰাজ্যখনৰ অৱহলিত তথা লাঞ্চিত প্ৰান্তীয় আদিবাসী লোকসকলৰ এক শক্তিশালী কণ্ঠ হিচাপে এই লোকসকলৰ অধিকাৰৰ বাবে যুঁজি অহা বেলা ভাটিয়াই লগতে ছত্তীশগড় আৰক্ষী তথা নিৰাপত্তাৰক্ষীয়ে মাওবাদীৰ বিৰুদ্ধে যুঁজখনত সাধাৰণ গাঁওবাসীক বলিৰ পঠালৈ পৰিণত কৰাৰ বাবে অপৰাধমূলক ষড়যন্ত্ৰৰে অভিযুক্ত হিচাপে প্ৰক্ষেপ কৰা উচিত নহয় বুলিও সকীয়াই দিয়ে।

উল্লেখ্যে যে ভুৱা অভিযোগত গ্ৰেপ্তাৰ হোৱা এই ১২১ গৰাকী আদিবাসী লোকৰ অধিকাংশকে ২০১৭ চনত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন কিছু লোকক ক্ৰমে ২০১৮ আৰু ২০১৯ চনত গ্ৰেপ্তাৰ কৰা হৈছিল। এই ১২১ গৰাকী আদিবাসী লোকৰ ভিতৰত সাতজন নাবালকক পূৰ্বে মুকলি কৰা হৈছিল। আনহাতে কাৰাগাৰতে মৃত্যু ঘটিছিল এজন লোকৰ। 

ইফালে বাস্তাৰ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজে অভিযুক্ত ১২১ জনৰ ভিতৰত আঠজন অভিযুক্ত পৃথক গোচৰত ন্যায়িক জিম্মাত থকাৰ বাবে এতিয়া মুকলি কৰা নহয় বুলি জানিবলৈ দিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্বেখ হাছিনাক ছমাহৰ কাৰাদণ্ড
মাণ্ডীত ১০জন লোকৰ মৃত্যু, ৩৪জন সন্ধানহীন
৫০০ শতাংশ শুল্কৰ পদক্ষেপে কঁপাব ভাৰত-চীনৰ বজাৰ
আকস্মিক মৃত্যুৰ সৈতে কভিডৰ টিকাৰ প্ৰত্যক্ষ সংযোগ নাই
মাজুলীৰ তিনি শতাধিক নৌকা শিল্পীলৈ নামিছে অমানিশা
৯খন ৰাজ্যৰ নতুন সভাপতিক নিযুক্তি দিলে বিজেপিয়ে