--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূটান ভ্ৰমণ কৰিলে দীপিকা পাডুকন৷ অভিনেত্ৰীগৰাকীয়ে ভূটানত তোলা এখন চেল্ফী ভাইৰেল হৈ পৰিছে। জানিব পৰা গৈছে যে অভিনেত্ৰীগৰাকীয়ে ভূটানৰ বহু ঠাই ভ্ৰমণ কৰিলে। অভিনেতা তথা স্বামী ৰণবীৰ সিঙৰ অবিহনেই তেওঁ ভূটানলৈ আহিছিল৷

জানিব পৰা মতে, যোৱা সপ্তাহত ভূটানত ভৰি দিছিল দীপিকা। সাধাৰণ পৰ্যটকৰ দৰেই তেওঁ তাত ঘূৰি ফুৰে। কেফেত সময় কটাইছিল। আনকি, ভূটানৰ বিখ্যাত টাইগার্স নেস্ট মনাস্টৰিলৈ গৈছিল অভিনেত্ৰীগৰাকী। দীপিকাই স্থানীয় লোকৰ স’তে চেলফিও তুলিছে৷

স্থানীয় এগৰাকী মহিলাই অভিনেত্ৰীগৰাকীৰ সৈতে নিজৰ ফটো পোষ্ট কৰি লিখিছে, “মই তেওঁৰ গোপনীয়তাৰ অনুৰোধক সন্মান কৰো। চিনেমাৰ পৰ্দাৰ দৰেই তেওঁ বাস্তৱতো অতি সহজ সৰল ব্যক্তি। সেয়ে তেওঁ এই ছবিখন তুলিবলৈ সন্মতি দিলে।''

দীপিকাই ভূটানৰ চহৰ পাৰোৰ এখন কেফেৰ কৰ্মীসকলৰ সৈতে চেল্ফী তুলিলে। সংশ্লিষ্ট কেফেখনে ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ এখন ছবি পোষ্ট কৰি লিখিছে, “ইয়ালৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনাক সেৱা আগবঢ়াই আমি আনন্দিত হৈছো।''

সূত্ৰ অনুসৰি, দীপিকাই নিজৰ পৰিয়ালসহ ভূটানলৈ আহিছিল। আন এক সূত্ৰই দাবী কৰিছে যে দীপিকাৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে নিজৰ সৈতে অকলে সময় কটাবলৈ। ভ্ৰমণ সামৰি মঙলবাৰে গভীৰ নিশা মুম্বাইলৈ উভতি আহে দীপিকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস