--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূটান ভ্ৰমণ কৰিলে দীপিকা পাডুকন৷ অভিনেত্ৰীগৰাকীয়ে ভূটানত তোলা এখন চেল্ফী ভাইৰেল হৈ পৰিছে। জানিব পৰা গৈছে যে অভিনেত্ৰীগৰাকীয়ে ভূটানৰ বহু ঠাই ভ্ৰমণ কৰিলে। অভিনেতা তথা স্বামী ৰণবীৰ সিঙৰ অবিহনেই তেওঁ ভূটানলৈ আহিছিল৷

জানিব পৰা মতে, যোৱা সপ্তাহত ভূটানত ভৰি দিছিল দীপিকা। সাধাৰণ পৰ্যটকৰ দৰেই তেওঁ তাত ঘূৰি ফুৰে। কেফেত সময় কটাইছিল। আনকি, ভূটানৰ বিখ্যাত টাইগার্স নেস্ট মনাস্টৰিলৈ গৈছিল অভিনেত্ৰীগৰাকী। দীপিকাই স্থানীয় লোকৰ স’তে চেলফিও তুলিছে৷

স্থানীয় এগৰাকী মহিলাই অভিনেত্ৰীগৰাকীৰ সৈতে নিজৰ ফটো পোষ্ট কৰি লিখিছে, “মই তেওঁৰ গোপনীয়তাৰ অনুৰোধক সন্মান কৰো। চিনেমাৰ পৰ্দাৰ দৰেই তেওঁ বাস্তৱতো অতি সহজ সৰল ব্যক্তি। সেয়ে তেওঁ এই ছবিখন তুলিবলৈ সন্মতি দিলে।''

দীপিকাই ভূটানৰ চহৰ পাৰোৰ এখন কেফেৰ কৰ্মীসকলৰ সৈতে চেল্ফী তুলিলে। সংশ্লিষ্ট কেফেখনে ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ এখন ছবি পোষ্ট কৰি লিখিছে, “ইয়ালৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনাক সেৱা আগবঢ়াই আমি আনন্দিত হৈছো।''

সূত্ৰ অনুসৰি, দীপিকাই নিজৰ পৰিয়ালসহ ভূটানলৈ আহিছিল। আন এক সূত্ৰই দাবী কৰিছে যে দীপিকাৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে নিজৰ সৈতে অকলে সময় কটাবলৈ। ভ্ৰমণ সামৰি মঙলবাৰে গভীৰ নিশা মুম্বাইলৈ উভতি আহে দীপিকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?